পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৶৹


গদাপানিয়ে সপোনত পোৱা চিত্ৰটি লিখকে বৰ সুন্দৰ ভাবে বৰ্ণাই,তেখেতৰ কল্পনা শক্তিৰ সুন্দৰ ভাৱে পৰিচয় দিছে। প্ৰকৃতিৰ পট অঁকাতো লিখক এজন নিপুন খনিকৰ* * * * *সুন্দৰ বৰ্ণনা কিতাপ খনিৰ কেবা ঠাইতো পোৱা যায়। সেই দেখিহে কইছোঁ যে কিতাপখন পঢ়িবলৈ বৰ ভাল লাগে।

বাঁহী— ৫ম বছৰ–৬ষ্ঠ সংখ্যা।

  “...এই কিতাপখনি পঢ়িলেই, লেখকৰ সুন্দৰ সুন্দৰ মিহি মিহি ভাব আৰু তাক শুৱলা আৰু সহজ কথাৰে বঢ়িয়াকে প্ৰকাশ কৰিব পৰা শক্তিৰ চিনাকি পোৱা যায়। কোনো কোনো ঠাইত তেওঁ নিজৰ লগত,পাঠককো কন্দুৱাব পাৰিছে, – ই তেওঁ কৃতকাৰ্য্য হোৱাৰ প্ৰমাণ। “তিৰুতাৰ আত্মদান” স্কুলৰ বটা দিবৰ নিমিত্তে বৰ উপযুক্ত হৈছে। শিক্ষা বিভাগে ইয়াৰ কিছুমান সৰহকৈ কিনি, এই উঠি অহা লেখকক উৎসাহ দিয়া অতি যুগুত। তদুপৰি ইয়াৰ অন্ততঃ কিছুমান বাছি বাছি হ'লেও,স্কুলৰ পাঠ্য কৰিবলৈকো আমি কওঁ।

 এই কাব্যৰ শেহ ছোৱাত লেখকৰ অভিলাষ দেখি আমি নথৈ সন্তোষ পাইছোঁ। তেওঁৰ সৎ অভীষ্ট পূৰ কৰিবলৈ যেন ঈশ্বৰে তেওঁক দীৰ্ঘায়ু কৰে, আমি এই বাঞ্ছা কৰিছো।"

“আসাম বিলাসিনী ( 2nd Series)
১ম বছৰ– ২৫শ সংখ্যা।

  “ৰাজ কুঁৱৰী জয়মতীৰ সতীত্বৰ কাহিনী অসমীয়াৰ ভিতৰত নজনা নাই। স্বামী লাঙ্গি গদাপাণি কোৱঁৰৰ জীৱন ৰক্ষাৰ নিমিত্তে লৰা ৰজাৰ অমানুষিক অত্যাচাৰ অশেষ লাঞ্ছনা সহ্য কৰি সতী জয়মতীয়ে কেনেকৈ চাওদাঙ্গৰ হাতত প্ৰাণ এৰিছিল, সেই পূণ্য কাহিনী এই