পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
মো মাতৃমুখ দৰ্শন

ৰচনা কৰি তাৰে অভিনয় কৰি আমাক দেখুৱাইছে। তেওঁলোকৰ উদ্দেশ্য যে সজ আৰু আমাক আমোদ দিবলৈকে যে তেওঁলোকে সেই নতুন কৃপাবৰবৰুৱাৰ ওভোতনি চৰ্জ্জন কৰিছিল, তাত মোৰ এধানমানো সন্দেহ নাই। কিন্তু বঙালীয়ে কোৱাৰ দৰে শিৱ গাঢ়োঁতে বান্দৰ হৈ উঠিল। মই যিমান দূৰ বুজিছো তেওঁলোকে প্ৰথমডোখৰত বোধকৰো কৃপাবৰ বৰুৱাৰ বিপক্ষ দল, এটা সৃষ্টি কৰি সেই দলৰ হতুৱাই কৃপাবৰ ৰচোঁতাৰ গ্লানি গোৱাই তাৰ পিছত গ্লানিকাৰকবোৰক কথাই জোৰাই জোখাই উত্তৰ কৃপাবৰানুৰাগী এদলৰ হতুৱাই দিয়াই চুঙা চাই সোপা দিব খুজিছিল। কিন্তু প্ৰথম দলৰ বাক্যবচন শুনি আৰু, সেই অনুযায়ী অভিনয় দেখিয়েই দৰ্শকসকলে পিছলৈ বাট নাচাই উত্তেজিত হৈ উঠল। বাস্তবিকতে তেওঁলোকৰ ভিতৰত প্ৰবল চাঞ্চল্যই দেখা দিলে। খন্তেকতে থিয়েটাঘৰ ইংৰাজীত কবৰ নিচিনা Regular Pandemonium অৰ্থাৎ উচ্ছৃখলতাৰ স্থান হৈ উঠিল। ফলত সেই প্ৰহসনৰ অভিনয় ততালিকে বন্ধ কৰি দিয়া হ’ল। অভিনেতাসকলৰ অনেকে ৰঙ্গমঞ্চৰ পৰা নামি আহি মোৰ ওচৰত দুখ আৰু অনুশোচনা প্ৰকাশ কৰিবলৈ ধৰিলে। বন্ধুবৰ শ্ৰীযুত পূৰ্ণানন্দ পাঠকে যোৰহাটৰ ভদ্ৰলোকসকলৰ হকে সেই কাৰ্য্যত দুখ প্ৰকাশ কৰি থিয হৈ কিছু কথা ক’লে। ময়ো তেওঁলোকৰ অনুশোচনাত সহানুভূতি প্ৰকাশ কৰি কলোঁ যে মই সমূলি বেয়া পোৱা নাই , কাৰণ মই বুজিছোঁ যে তেওঁলোকৰ অনিচ্ছাতে কৰবাত কিবা অলপ কেৰোণ লগাত এনে হৈ উঠল। তেওঁলোকে সজ উদ্দেশ্য লৈ তেনেকুৱা কৰিবলৈ গৈছিল। কিন্তু দৈব্যক্ৰমে তাৰ ফল বিপৰীত হৈ পৰিল। বাস্তৱিকতে আনন্দৰ এৱা গাখীৰ কঁৰীয়াত দৈবাৎ গোবৰ পৰি গাখীৰ কঁৰীয়া নষ্ট হ’ল বুলি মই নিশ্চয় বুজিছিলোঁ। তেওঁলোকে ইমান আগ্ৰহকে তেওঁ- লোকৰ মাজলৈ মোক মাতি আনি যে মোৰ কিবা অপমানজনক কাৰ্য্য কৰিবলৈ যাব, এনেটো ভবাই ভযানক ভুল। তেওঁলোকৰ অনেকক মই ভালকৈ জানো আৰু তেওঁ- লোকৰ মৰম আৰু শ্ৰদ্ধা মই সদায় পাই আহিছোঁ। এতিয়াওঁ কওঁ যে দৰ্শকসকলে প্ৰহসনটোৰ পাছৰছোৱালৈ যদি ধৈৰ্য্য ধৰি অপেক্ষা কৰি থাকিব পাৰিলেহেতেন যি হওঁক যোৰহাটৰ আদৰ অভ্যৰ্থনা আমোদ আহ্লাদৰ অন্ত সেই ৰাতিয়েই পৰিল আৰু পিছদিনা পুৱাই মোৰ ল’ৰাকালৰ পৰা অন্তৰঙ্গ বন্ধু ৰায় বাহাদুৰ শ্ৰীযুত কৃষ্ণকুমাৰ বৰুৱা ডাঙৰীয়াৰ ঘৰত অতি আনন্দেৰে জা-জলপান খাই আমি শিৱসাগৰলৈ উভতি গলোঁহক।

 এইখিনিতে কওঁ যে গোলাঘাটত যদিও আমি ২৪ ঘণ্টাহে আছিলোঁ, তাৰ ভদ্ৰলোক ভদ্ৰমহিলা আৰু ছাতৰসকলৰ আতিথ্য আৰু সমাদৰ আমি পাহৰিব নোৱাৰো। আমি গোলাঘাট পোৱা দিনাৰ ৰাতিয়েই ডেকাসকলৰ ৰঙ্গশালত ’নৰকাসুৰ’ নাটৰ অভিনয় দেখিলো আৰু পিছদিনা আমি উভতি যোৰহাটলৈ বুলি মটৰ গাড়ীত উঠালৈকে তেওঁলোকৰ মৰম শ্ৰদ্ধা আৰু সমাদৰ সাগৰত বুৰি আহিলোঁ। সেই স্মৃতি অতীব সুখকৰ। গোলাঘাটত মোৰ মাতৃদেৱীৰ তিৰোভাব। তাতে মোৰ