পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
মোৰ জীৱন সোঁৱৰণ

অতি চেনেহৰ ককাইদেউ শ্ৰীনাথ তেওঁৰ সহধৰ্ম্মিনী আৰু সন্তানেৰে সৈতে ইনফ্লুয়েঞ্জা ৰোগত পৰি অকালতে ঢুকায়। তাতে তেওঁৰ সুকীৰ্ত্তি “শ্ৰীনাথ বেজবৰুৱা স্কুল” স্থাপিত আৰু তেওঁৰ সৌম্যদৰ্শন পুতেক শ্ৰীমান কৃষ্ণ নাথৰ দ্বাৰাই পৰিচালিত হৈ আছে। তাতে মোৰ জ্যেষ্ঠ সহোদৰ গোবিন্দ বেজবৰুৱাই প্ৰথমতে ডাঙৰকৈ স্কুল পাতে। ইত্যাদি কাৰণত গোলাঘাট মোৰ পক্ষে তীৰ্থস্থান বুলিয়েই হয়। অতি সন্তোষৰ কথা যে গোলাঘাটবাসীৰ ডেকাসকলৰ যত্নত আগৰ হাবি-বননিৰে গোকাট যেন দেখা গোলাঘাট আজি সুন্দৰ চহৰ হৈ পৰিছে। সঁচাকৈয়ে গোলাঘাটৰ শ্ৰীবৃদ্ধি দেখি মোৰ বৰ সন্তোষ আৰু সন্তোষৰ কথা যে গোলাঘাটতো ভদ্ৰমহিলাসকল ডিব্ৰুগড়ীয়া ভদ্ৰমহিলাসকলৰ Progressive অথাৎ ক্ৰমশঃ অগ্ৰগামী।*


  • বাহী-২০শ বছৰ, ২য় সংখ্যা, ১৮৫৩শক। অ-হা