পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
মোৰ জীৱন সোঁৱৰণ

গোলাঘাটৰ ডাকবঙলাতে অৱস্থান কৰি, ভতিজা কৃষ্ণনাথৰ ঘৰত নানা বিধ অসমীয়া আঞ্জাৰ সহায়েৰে ভাত উদৰস্থ কৰি তৃপ্তি লভি, তাৰ পিছত ৰাতি গোলাঘটীয়া ডেকাসকলৰ ৰঙ্গশালাত অভিনয দেখি সন্তোষ আৰু পথশ্ৰমৰ ভাগৰ আৰু তাৰ ফল টোপনিক বকুত বান্ধি লৈ উলটি আহি শুই থাকি ৰাতিটো পৰমানন্দেৰে কটাই দিলোঁহক।

 পিছ দিনা আবেলি গোলাঘাটত পুৰুষ আৰু মহিলাসকলৰ সম্মিলিত সভাৰ অধিবেশন। ফুল বাগিচাৰ মাজত মুকলি আকাশ আৰু মুকলি বতাহৰ বিপুল অথচ মধুৰ মৃদুল সাহায্যত আমি সমবেত ভদ্ৰলোক ভদ্ৰমহিলা আৰু ছাত্ৰসকলৰ মাজত বহি চাহ-পিঠাপনা প্ৰভৃতি সুমিষ্ট আহাৰেৰে সৈতে সুমধুৰ সঙ্গীত আৰু ডেকা আৰু ল’ৰা এটিযে লগলাগি কৰা হাস্যৰসপূণ ভাও উপভোগ কৰি পুৰুষ মহিলা আৰু ছাত্ৰসকলৰ প্ৰদত্ত অভিনন্দন পত্ৰ গ্ৰহণ কৰি সন্ধ্যা লাগি ভগা সমত যোবহাটলৈ উভতি আহিবৰ নিমিত্তে পুনৰ মটৰাৰোহন কৰিলোঁ। সেইদিনা দীপান্বিতা আছিল। বাটৰ মানুহৰ ঘৰৰ আগত দিয়া নানা ৰকম চাকিৰ বিতোপন পোহৰ চাই চাই, ৰাতি ন মান বজাত আমি আকৌ যোৰহাট পালোঁহি।

 যোৰহাটত সেই দিনা ৰাতি আমাৰ ডেকা বন্ধুসকলে মহা আড়ম্বৰে থিযেটাৰ পাতি আমাক অতি আগ্ৰহেৰে নিমন্ত্ৰণ কৰিছিল দেখি আমি গোলাঘাটত আৰু নাথাকি ততাতৈয়াকৈ সেই ৰাতিয়েই গোলাঘাটৰ পৰা যোৰহাটলৈ উভতি আহিছিলোঁ। মোৰ ভতিজা শ্ৰীমান দেবেন্দ্ৰনাথৰ ঘৰত আমি খাইবৈ ৰাতি এঘাৰমান বজাত থিয়েটাৰ চাবলৈ গলোঁহক। থিয়েটাৰ ঘৰত মানুহ খোন্দ খোৱা। যোৰহাটৰ শীৰ্ষস্থানীয় গণ্যমান্য মানুহৰ পৰা আৰম্ভ কৰি সকলো তৰপৰ মানুহেৰে সভাঘৰ পৰিপূৰ্ণ। কেইবাটাও বছ বছা দৃশ্যৰ অভিনয় কৰি দেখুৱাই অভিনেতাসকলে দৰ্শকসকলৰ মন মুহি পেলাইছিল। শ্ৰীমান পাৰ্ব্বতী প্ৰসাদ বৰুৱাই নটৰাজৰ নৃত্য দেখুৱাই সঁচাকৈয়ে আমাৰ বিস্ময় আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল। অসমীয়া ডেকা এজনৰ এনে কৃতিত্ব দেখি সঁচাকৈয়ে মই নিজকে গৌৰৱান্বিত বিবেচনা কৰিছিলোঁ আৰু মোৰ সধৰ্ম্মিনীক কৈছিলোঁ যে তেওঁলোকৰ বঙ্গদেশত পাৰ্বতি প্ৰসাদে এই কাৰ্য্যত তেওঁৰ সহধৰ্ম্মিসকলেৰে সৈতে সমানে জোৰ মাৰিব পাৰিব। পাৰ্বতী বোপাক মই অন্তৰেৰে সৈতে আশীৰ্ব্বাদ কৰি সুচাওঁ, অসমৰ ডাঙৰ ডাঙৰ সত্ৰবোৰত, ঘাইকৈ কমলাবাৰী সত্ৰত পুৰণি কালৰে পৰা প্ৰচলিত Classic চালিনাচ, জুমুৰা নাচকে আদি কৰি নটুৱাৰ নাচবোৰ তেওঁ আয়ত্ত কৰি সেইবোৰ সত্ৰৰ চাৰিবেৰৰ ভিতৰৰ পৰা বাহিৰলৈ আনি অসমীয়া অতুলনীয় নৃত্যকলা জগতবাসীৰ চক্ষুগোচৰ কৰে যেন।

 ৰঙ্গশালত অভিনয় আৰু নৃত্যৰ সামৰণিৰ পিছত দুৰ্ভাগ্যক্ৰমে এটি ঘটনা ঘটিল। অভিনেতা ডেকাসকলে “কৃপাবৰ বৰুৱাৰ ওভতনি” বুলি এটা প্ৰহসন নে কি সেই ৰঙ্গমঞ্চতে আৰম্ভ কৰি দিলে। দৰ্শকসকলে ভাবিছিল আৰু ময়ো ভাবিছিলোঁ যে মোৰ দ্বাৰাই ৰচিত কৃপাবৰ বৰুৱাৰ ওভতনি নাম দি প্ৰহসনৰ নিচিনা কিবা এটা নতুন বস্তু