নোপোৱাত মোৰ মন অলপ ক্ষুন্ন হৈছিল আৰু সেই কথা মই উদ্যোগ কৰ্ত্তাসকলক জনাইছিলো। বোধকৰোঁ তেওঁলোকৰ পাহৰণি নাইবা মতামানুহেৰে সৈতে তিৰোতাসকল একে সভাতে নবহা কিবা নিযমৰ নিমিত্তে কিজানি তেনে হৈছিল। যি হওক সভাৰ কাৰ্য অতি আনন্দকল্লোলৰ ভিতৰত সম্পাদিত হৈ গ’ল। বদন বৰফুকনৰ সম্পৰ্কে এটা গীত শ্ৰীযুত শশীচন্দ্ৰ বৰবৰুৱাকে প্ৰমুখ্য কবি জনচেৰেক ডেকাই বিবাহ গোৱাৰ গঢ়েৰে গাইছিল। বস্তুটি অতি উপদেয হৈছিল। পাহৰণিৰ দৌৰাত্ম মোৰ ওপৰত অতি ভীষণ। সেই গীত বা কৱিতাটোৰ ৰচনাৰ কথাবোৰ মোৰ চিনাকি চিনাকি যেন লাগিছিল অথচ কোনো পধ্যে মনত পেলাব নোৱাৰিছিলো, আগেয়ে ক’ত শুনিছিলো। সভা ভাগিযোৱাৰ পিছত যেতিযা শ্ৰীযুত শশীন্দ্ৰ বৰবৰুৱাক তেওঁলোকৰ গীত-নৃত্য আৰু অভিনয়ৰ উৎকৰ্ষৰ বিষযে কৈ মই তেওঁক সেই গীতটো কাৰ দ্বাৰা ৰচিত বুলি সুধিলোঁ, তেওঁ ক’লে যে সেইটো হেনো মোৰ ৰচনা। মই অবাক হলোঁ। তেতিযাহে মোৰ মনত পৰিল যে কথাটো হয়। কিন্তু এই লেখকৰ প্ৰতি পাহৰণিৰ কি পেংলাই।
১৯ অক্টোবৰত সেই চন্দ্ৰকান্ত হলতে ৰাজহুৱা চাহ-জলপানৰ আয়োজন বুজনকৈযে হৈছিল। সেই দিনা অৱশ্যে মোৰ সহধৰ্ম্মিনী আৰু জী-জোঁৱাইহঁতো নিমন্ত্ৰিত হৈ গৈছিল। সেই দিনাও যোৰহাট বাসীৰ আনন্দ আৰু মোলৈ শ্ৰদ্ধা তেওঁলোকৰ সঙ্গীত, অভিনয আৰু বক্তৃতাদিত সৰ্ব্বতোভাৱে পৰিস্ফুট হৈ প্ৰকাশ পাইছিল। সঙ্গীতজ্ঞ বন্ধুবৰ শ্ৰীযুত কীৰ্ত্তিনাথ বৰদলৈয়ে আগদিনাৰ দৰে অসমীযা পুৰণি ৰাগ-ৰাগিণীক প্ৰতিমূৰ্ত্তি প্ৰদান কৰি তেওঁৰ ছাত্ৰীসকলৰ দ্বাৰাই গোৱাই আমাক মুগ্ধ কৰিছিল। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা যেন তেওঁক দীৰ্ঘজীৱী কৰি ৰাখি অসমীয়া পুৰণি গীত-মাতক আৰু সজীৱ কৰি তুলিব পৰা কৰে। অসমত প্ৰচলিত পুৰণি ৰাগ-ৰাগিণীৰে সৈতে অসমীযা সঙ্গীত পুনৰ্জ্জীৱিত হৈ উঠাটো দেখি গ’লে মোৰ জীৱন ধন্য হ’ব বলি মই নিশ্চয়কৈ ভাবোঁ। কুৰি অক্টোবৰৰ দিনা বেজবৰুৱা হাইস্কুলৰ ছাত্ৰ আৰু শিক্ষকসকলৰ অভ্যৰ্থনা, অভিনন্দন ইত্যাদি মহোৎসৱৰ বৰষুণেৰে সৈতে প্ৰকৃতিযে বৰষা বৰষুণকো আমি শিৰোধাৰ্য্য কৰিলোঁ। দুটাৰ অতিশয্যাত আমাৰ অন্তৰ বাহিৰ অভিষিক্ত হৈ পৰিছিল। কিন্তু প্ৰকৃতিৰটো যেই কিবা নহওঁক ছাতৰ আৰু শিক্ষকসকলৰ বৰষুণত মৰম শ্ৰদ্ধা আৰু আন্তৰিকতাৰ জীজ্ থকা নিমিত্তে প্ৰকৃতিৰ নিষ্ঠুৰ বৰষুণতো আমি সেঙেতা লগা নাছিলোঁ। বাহিৰৰ ধাৰাসাৰ বৰষুণৰ যেতিযা ওৰ পৰিল, ভিতৰত বৰষুণত তপত হৈ থকা আমি বাহিৰলৈ ওলাই প্ৰকৃতিৰ উত্তৰ, দক্ষিণ, পূব, পশ্চিম চাৰিওফালে আমাৰ বৃদ্ধাঙ্গুষ্ঠ প্ৰদৰ্শন কৰি আমাক মৰমৰ উমেৰে তপত কৰি থোৱা ছাতৰ আৰু শিক্ষক বন্ধুসকলক আমাৰ শলাগ জনাই, বাহিৰত থাকি তিতিবুৰি জুৰুলা হৈ কানীয়াৰ দৰে চকু মুদি থকা মটৰক কদৰ্থনা কৰি তাতে উঠি গোলাঘাটলৈ যাত্ৰা কৰিলোঁ।
গধূলি গোলাঘাট পালোঁগৈ। তাতে গোলাঘাটবাসী বন্ধু-বান্ধৱৰ মহাসমাৰোহ।