পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
মোৰ মাতৃমুখ দৰ্শন

মনোৰথ হৈ উভতি আহি গঙ্গাত তেওঁৰ ধনসোণ সমৰ্পি পাপৰ পৰা অব্যাহতি পাবৰ চেষ্টা কৰাত গঙ্গাযো তেওঁৰ ধনসোণ দলিযাই পেলাই তেওঁক বিমুখ কৰিলে। ইযাৰ পিছত তেওঁ নিৰূপায হৈ বিশ্বনাথলৈ উভতি আহিল। তেওঁৰ মনত সুখ নাই। তেওঁ ভাবিলে তেওঁৰ ভনীযেক ভেলাদৈক ব্ৰহ্মপুত্ৰই বিয়া কৰিছে যেতিয়া, ব্ৰহ্মপুত্ৰৰ ওচৰলৈকে যাওঁ যদি ব্ৰহ্মকুণ্ডত তেওঁৰ পাপমুক্ত হ’ব পাৰে। ইহাকে ভাবি তেওঁ নাৱেৰে উজাই চৌখান ৰাজ্য পালেগৈ আৰু তাৰ পিছত মিছিমিৰ ৰাজ্যত প্ৰৱেশ কৰিলে। লগত অসংখ্য ধনসোণ তেওঁ লৈ গৈছিল, ব্ৰহ্মপুত্ৰক দিবলৈ। কিন্তু দুখৰ কথা-ব্ৰহ্মপুত্ৰইও ধনসোণ নলৈ তেওঁক পাপমুক্ত কৰিবলৈ অস্বীকাৰ কৰিলে। ৰজাই দুখ মনেৰে উভতি আহি দিখৌত সোমাল। তেওঁ প্ৰবাদ শুনিছিল যে যেতিযা দিখৌৰ গৰা খহিব, পানীত কুহিমাছ হব আৰু পাৰত ঝাওবন গজিব তেতিযা দিখৌ গঙ্গাৰ সমান হ’ব। এই কথা হেনো পূ্ৰ্ব্বত বশিষ্ঠ মুনিযে কৈছিল। দিখৌৰ তেনে হোৱা দেখি, তেওঁ উজাই গৈ শিৱসাগৰৰ ( পিছৰ কালত শিৱসাগৰ নাম পোৱা) ওচৰৰ দিখৌত তেওঁৰ অনা ধনসোণ নাওখনেৰে সৈতে বুৰাই দি শিকলি এডালেৰে সেই বুৰা নাওখন এজোপা হিজল গছত বান্ধি থৈ পানীত পৰি মৰিল। দিখৌৱে সেইদেখি সেই ঠাইক এৰি আনফালে বৈ গ’ল আৰু দিখৌৰ সেই দোখৰেই মৰিদিখৌ নাম পালে। মই কত দিন সেই হিজলজোপা অকলে অকলে বিচাৰিছিলো আৰু নাপায ব্যৰ্থ মনোৰথ হৈ ঘৰলৈ উভতি গৈছিলো। তাহানি দোক্‌মিকালিতে মই হাতত কুকি লৈ নিজৰ ফুলবাৰী আৰু লোকৰ ফুলনিবাৰীতো সোমাই গোসাঁই-পূজালৈ ফুল তুলিছিলো। আজিকালি ল’ৰাবোৰে তেনে কৰে নে? তাহানি মাঘৰ বিহুত মই আনৰে সৈতে হাঁহকণী যুঁজাই- ছিলো। চ’তৰ বিহুত প্ৰায গোটেই মাহ জুৰি পঁচি খেলিছিলো। এতিযা তেনে ৰং-ধেমালি শিৱসাগৰত আছে নে? ৰাজহুৱা নামঘৰত বৰসবাহ পূজা আদি উৎসব হযনে? নিশ্চয় কালৰ গৰাহত এইবোৰৰ সৰহখিনি সোমাই নাইকিযা হৈছে চাগৈ। যি হওক আজি শিৱসাগৰ মোৰ মনত তীৰ্থস্থান হৈ পৰিছে। শিৱসাগৰৰ সীমা পালেই, মই এবাৰ মটৰগাডীৰ পৰা নামি মোৰ শিৰত শিৱসাগৰৰ ধূলি এচিকটা লম। নিশ্চয় মোৰ কাৰ্য্য দেখি লগৰীযাসকলে হাঁহিব। হাঁহে হাঁহিব তথাপি লম।

 এনেবোৰ ভাবে মোৰ মনটো তলওপৰ কৰি গৈছে। এনেতে দিছাং নৈ পালোঁগৈ। দিছাং শব্দটো শুনিয়েই মোৰ মনটো প্ৰসন্ন হৈ পৰিল। এই নৈখনেই নে সেই দিছাং- যাৰ মুখত মই ডাকজাহাজত উঠি ১৮৮৬ খৃষ্টাব্দত কলিকতালৈ গৈছিলোঁ। শিৱ- সাগৰৰ ঘৰৰ পৰা দিছাংমুখলৈ আহোঁতে আৰু তাৰ পৰা মাজে মাজে কলিকতাৰ পৰা মাজে মাজে কলিকতাৰ পৰা আহি শিৱসাগৰলৈ যাওঁতে প্ৰত্যেক বাৰতে মোৰ কি কি দুখ হৈছিল সকলোবোৰে শাৰী পাতি মোৰ মনৰ আগত থিয় হ'ল। ঘাইকৈ, যিবাৰ দিছাং মুখৰ পৰা পাৰিছিলো আৰু যিটো গমনৰ কথা মই কৃপাবৰ বৰুৱাৰ ওভতনি কিতাপত ওলোৱা “অশ্বাৰোহণ পৰ্ব্বত লেখিছিলো। দিছাং পাৰ হোৱাৰ পিছৰ পৰাই মোৰ শিৱসাগৰ পালোঁহি পালোঁহি লাগিল। কিছুমান বেলিৰ মূৰত