দুজন পুতেক হৈছিল। এজনৰ নাম নাগমত্ত আৰু আনজনৰ নাম আৰিমত্ত। কিন্তু দুই ভায়েকৰ মাজত মিলাপ্ৰীতি নথকা দেখি বুঢ়া মইমত্ত ৰজাই ভাবিলে যে তেওঁ জীযাই থাকোঁতেই দুই পুতেকক দুখন ৰাজ্যত সুকীয়াকৈ বহুৱাই দি যোৱা ভাল নতুবা দুয়ো দন্দ-হাই কৰি ৰাজ্য ধ্বংস কৰিব। ইযাকে ভাবি তেওঁ তেওঁৰ মন্ত্ৰী মনোছৰক পঠিয়াই দি বিশ্বনাথ পৰ্ব্বতৰ অলপ পশ্চিমত ব্ৰহ্মপুত্ৰৰ উত্তৰত আৰু দীক্ৰাই নদীৰ কিছু দক্ষিণত এখন নগৰ সজাই দিযালে। নগৰখনৰ নাম বিশ্বনাথ থলে। নাগমত্তক সেই ৰাজ্য ও ৰজা পাতি মইমত্তই আৰিমত্তক নিজৰ লগত ৰত্নপুৰতে ৰাখিলে। বুঢ়াৰজাই বযবস্তু সকলোকে সমানে দুভাগ কৰি দুই পুতেকক দিলে। নাগমত্তই বিশ্বনাথতে নাগেশ্বৰ নামে শিল্প স্থাপন কৰি ৰাজত্ব কৰিবলৈ ধৰিলে। কিন্তু দৈৱদুৰ্ব্বিপাকত কুৰি বছৰ বযসতে নাগমত্ত পৰলোকলৈ গ’ল। বুঢ়া ৰজাই কান্দিকাটি বৰ শোক কৰি তেওঁৰ দ্বিতীযজন পুতেক আৰিমত্তক বিশ্বনাথত ৰজা পাতিলে। ৰত্নপুৰত বুঢ়া ৰজা মইমত্ত। আৰিমত্ত অপুত্ৰক।
এদিন মইমত্ত ৰজাই পুতেকক চাবলৈ বিশ্বনাথকৈ গ’ল। পুতেকে বাপেকক পাই অতি আদৰ ভক্তি কৰি ৰাজ্যত ৰাখিলে। এদিন মইমত্তে আৰিমত্তক ক’লে—“বোপা! নাগমত্ত মৰিবৰে পৰা মই বেজাৰত মৃগযা কৰা নাই। ক্ষত্ৰিযৰ ধৰ্ম্ম মৃগয়া কৰা সেইদেখি আজি মই তোমাৰ সৈতে মৃগযা কৰিবলৈ যাব খুজিছোঁ, ব’লা। পশুৰ মাংসৰে মাংস সৰ্ব্বকা শ্ৰাদ্ধ কৰিলে অশেষ পুণ্য হয। বাপেকৰ কথা শুনি আৰিমত্তই আনন্দেৰে বাপেকক লগত লৈ মৃগযালৈ যাবলৈ প্ৰস্তুত হ’ল। এই খবৰ শুনি বুঢ়া মন্ত্ৰী মনোহৰে ৰজাৰ আগত মিনতি কৰি কলে—“স্বৰ্গদেউ। বন্দীৰ দোষ মৰিষণ কৰিব, একেষাৰ কথা কওঁ। শাস্ত্ৰত কৈছে পিতা আৰু পুত্ৰই লগ লাগি ব্যাধৰ কাৰ্য কৰাটো গৰ্তি। দ্যুত-ক্ৰীড়া, ধন ধাৰে দিয়া আৰু নিয়া, পাশা, দবা আৰু পাঁচি ইত্যাদি খেল পিতা-পুত্ৰৰ ভিতৰত অকৰ্ত্তব্য।” কিন্তু মন্ত্ৰীৰ এই হাকবচন বাপেক-পুতেক দুযো নুশুনি মৃগযা কৰিবলৈ গ’ল। দুয়ো যাঠী, শেল শূল আৰু নানা ৰকম অস্ত্ৰ লৈ সসৈন্যে ঘোৰ অৰণ্যত প্ৰৱেশ কৰি অলেখ জন্তু বধ কৰিলে। বাঘ ভালুক, বৰা, ম’হ, গড়, মেঠোনৰ পৰা আৰম্ভ কৰি শহা পহুলৈকে মাৰি দমাই পেলালে। ইয়াৰ পিছত দৈৱ-দুৰ্ব্বিপাকত আৰিমত্তই এটা হৰিণা পহুলৈ কাঁৰ মাৰি পঠিযালত, পহুটোৰ গাত নালাগি কাঁৰপাত বাপেক মইমত্তৰ গাত লাগিল আৰু বাপেকৰ মৃত্যু ঘটিল। আৰিমত্তৰ গাত পিতৃবধ পাতক লাগিল। তেওঁ কান্দিকাটি নগৰলৈ উভতি আহি ব্ৰাহ্মণসকলক মাতি আনি তেওঁক পৰাচিত কৰাই পাতকৰ পৰা উদ্ধাৰ কৰিবলৈ কালত, ব্ৰাহ্মণসকলে একবাক্যে ৰজাক কলে যে আমি ইয়াৰ পৰাচিত কৰিব নোৱাৰে। ইয়াৰ পৰাচিত তুষানলত প্ৰাণত্যাগ। তাৰ পিছত আৰিমত্তই ৰত্নপুৰত মন্ত্ৰীৰ পুতেক মনোহৰৰ গাত ৰাজ্য পালন কৰিবৰ ভাৰ দি আৰু বিশ্বনাথত বুঢ়া মন্ত্ৰীৰ গাত ভাৰ দি জগন্নাথ ক্ষেত্ৰলৈ গ’ল। বাটত সাক্ষিগোপাল পাওঁতেই তেওঁ দেখিলে যে তেওঁৰ গাত কুষ্ঠ ব্যাধি ওলাল আৰু স্বপ্নত জগন্নাথে পাণ্ডাক আদেশ দিলে যে পিতৃবধী আৰিমত্তক যেন জগন্নাথলৈ যাব দিয়া নহয়। আৰিমত্ত ব্যৰ্থ