সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
মোৰ জীৱন-সোঁৱৰণ

সঁচাকৈয়ে বৰপুখুৰীৰ পাৰৰ ডাকবঙলাত আমাৰ গাড়ীখন ৰ’লগৈ। আমি গাড়ীৰ পৰা নামি ডাকবঙলাত সোমাই তাতে থাকিবৰ দিহা কৰিলোঁ। ছব্ ডিভিজনেল অফিচৰ হাকিম ভুঞা সহধৰ্ম্মিণীৰে সৈতে দিনচেৰেকৰ নিমিত্তে তাতে আছিল। তেওঁ- লোকেই আমাক আদৰ অভ্যৰ্থনা কৰি আমাৰ ডাকবঙলা বাস সুখকৰ কৰি দিলে।

 মোৰ হেঁপাহৰ বৰপুখুৰীটো দেখিলোঁ। তাৰ পানী আগৰ দৰেই চপ্ চপীয়া আৰু সুনিৰ্ম্মল। আগৰ দৰেই তাত বনৰীযা ৰাজহাঁহ চৰি আছে, আৰু সেই দৃশ্যই দৰ্শকৰ মন মোহিছে। কিন্তু তাৰ পাৰ কেইটাৰ কি দুৰৱস্থা! যি বৰপুখুৰীৰ ইটাগুৰীযা ৰঙা পাৰৰ বাটত বেজী এটা পৰিলেও সেই আগৰ আমাৰ দিনত অনাযাসে বুটলি লব পাৰি তেনে পাৰৰ, ঘাইকৈ উত্তৰ আৰু পশ্চিম পাৰ বাট দুটাৰ অৱস্থা কি লৈলৈ, থৈথৈ! পাৰঁৰ কাষৰ পানীত চাৰিওফালে ঘাঁহবনৰ মহা পযোভৰ। সেইবোৰে জুৰি সিহতৰ অখণ্ড প্ৰতাপ বিস্তাৰ কৰি বৰপুখুৰীৰ পুত আশীৰ্ব্বাদত শিৱসাগৰৰ মানুহে কি জাৰকালি, কি ঘামকালি কি বাৰিষাকালি সুস্থ শৰীৰ আৰু সুদীৰ্ঘ জীৱন লাভ কৰি আছে, সেই বৰ পুখুৰীৰ প্ৰতি শিৱসাগৰীযাই ৰজাঘৰ আৰু প্ৰজাঘৰৰ এনে আওহেলা। সেই বেজাইৰ কথা থবলৈ ঠাই নাই। শিৱসাগৰ প্ৰধান চহৰ গুচি মহকুমা হ’ল যদি হ’ল, সেইবুলি শিৱসাগৰীযাই শিৱসাগৰখন আৰু বৰপুখুৰীৰ পাৰকেইটা বাতিবুতি অঁতাইপিতাই চিকুণাই ৰাখিব নোৱাৰিলে, শিৱসাগৰীযাৰ মান কোনটো আমাৰ ভিতৰত থাকিব? হেৰা শিৱসাগৰীযা! তুমি মোক কোৱাচোন তোমাক সুধিছোঁ জয়মতী উৎসৱ কৰোঁতে শিৱসাগৰীযাৰ জযসাগৰ আজিও জহন্নামলৈ যোবা অৱস্থাতে। শিৱসাগৰকো তেওঁলোকে বাযেক জযসাগৰৰ বাটলৈ ঠেলি পঠিযালে শিৱসাগৰীযাৰ যশস্য শিকিযাত তুলি থ’ব লাগিব। মিউনিছিপেলিটী আৰু ডিষ্ট্ৰিক্ট বোৰ সভ্য আৰু সভাপতি প্ৰকৃত Civic duty লৈ অৰ্থাৎ নাগৰিক কৰ্তব্যলৈ পিঠি দি আন প্ৰকাৰে প্ৰভুসকলৰ প্ৰিযপাত্ৰ হৈ উপাধি আৰু যহলৈ হাত মেলাটোৱেই শিৱসাগৰীযাৰ এক মাথোন কৰ্ত্তব্য নে? ছৌল তিনিটাক জানিবা দৌলৰ ভিতৰৰ অধিষ্ঠাতৃ দেৱতা তিনিজনেই আগৰ দৰেই ৰাখি থৈছে, বৰপুখুৰীটোক ৰক্ষাৰ ভাৰ ভিতৰত থকা জলকোঁৱৰৰ হাতত দিযেই শিৱসাগৰীযা নিশ্চিন্ত নেকি?

 আবেলি আমাৰ পুৰণি ঘৰ চাবলৈ গ’লো। দৌলৰ মুখৰ পৰা আমোলাপটিৰ ফালে যোৱা পোন বাটটোক পাহৰিবৰ উপায় নাই। কিন্তু যেতিযা ৰোহিণীকুমাৰ বোপাই মটৰ গাড়ীখন বাঁওফালৰ এপিনে সুমাবলৈ নিলে, মই তেওঁক সুধিলোঁ ক’লৈ নিছা? তেওঁ ক'লে—“আপোনালোকৰ ঘৰলৈ যোৱা এইটোৱেই বাট।” মই দৃঢ়- ভাবে কলো “নহয”। তেওঁ ক’লে—“হয়”। তথাপি মোৰ সন্দেহ নগল। এঘবৰ দুৱাৰমুখত যেতিযা গাডীখন ৰলগৈ, মই নামি মানুহ এটাক সুধিলোঁ, “এইটো কাৰ ঘৰ ককাই?” সি মোৰ ককাইদেউৰ নাম কল’তহে মোৰ ভ্ৰমদূৰ হ’ল। হৰি হৰি! এযেই নে প্ৰকাণ্ড টোলেৰেঘৰবাৰীৰ অৱস্থা! আমাৰ টোললৈ সোমোৱা বাটৰমুখত থকা সেই