পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
মোৰ মাতৃমুখ দৰ্শন

সজীত আৰু মনোজ্ঞ নৃত্যত তেওঁলোকৰ বৈশিষ্ট্য দেখা গৈছিল। কালত তেওঁলোকে যে আৰু উন্নতি কৰিব তাত সংশয় নাই। চিত্ৰকলাবিদ শ্ৰীযুত মুক্তানাথ বৰদলৈৰ কৃতিত্ব “কমিক এক্‌টিঙতে” অৰ্থাৎ হাস্যৰসৰ ভাৱতো পৰিস্ফুট। ডাক্তৰ শ্ৰীযুত প্ৰভাতচন্দ্ৰ দাস আৰু জনদিযেকৰ অভিনয কলিকতাৰ থিযেটাৰৰ বিখ্যাত অভিনেতা সকলতকৈয়ো কোনো গুণে কম হয। মাথোন এটি কথা ডিবুৰুগডীযা ডেকা বন্ধু সকলক জনাই থওঁ,—যেন তেওঁলোকৰ যত্ন মৌলিক অসমীয়া নাটৰ অভিনয় সৰহ হয। অৱশ্যে তেনে নাটকৰ যে আটক, সেইটো জানে। যি হওক, ভৱিষ্যতলৈ সেই আটক গুচিব বুলি আশা কৰিলো। বিদেশী নাটক অসমীযালৈ ভাঙি অসমীয়া ৰঙ্গশালাত অভিনয কৰাটোত অনেকে দায ধৰে। মযো তেনে কাৰ্য্য বৰ সন্তোষ পাওঁ, এনে নহয। কিন্তু বিদেশী ভাষাৰ নাটক একেবাৰেই আমাৰ ৰঙ্গশালাৰ বাহিৰ কৰি দিয়াটোৰো মই বিৰোধী। অৱশ্যে যদি তাৰ অনুবাদ প্ৰকৃত অসমীযাৰ অনুবাদ হে অসমীযাৰ পেটত সি জীণ যোৱা হয। ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাবসম্পদক অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা,যদি সেই ভাবসম্পদক বাৰেবঙলুৱা অসমীয়া নকৰি আচল অসমীযা কৰি দিয়া যায়। ভাৰতৰ নানা দেশৰ পৰা মানুহ আহি অসমত বসতি কৰিছে। যদি সেইবোৰে অসমক সৰ্ব্বতোভাৱে বৰণ কৰি অসমীযা হৈ যায তাৰ দ্বাৰাই অসমৰ আপদ নাবাঢ়ি সম্পদ হে বাঢ়িব। এনে গঢেৰেই পুৰণি কালৰে পৰা অসম পৰিপু্ষ্ট হৈ আহিছেও। কিন্তু অসমৰ বৰসবাহত যদি কোনোবাই অসমীয়াৰ দৰে চাপৰি বজাই বা তাল লৈ নাম নাগাই খোল কৰতাল লৈ—

 “দযাল দযাল, দয়াল বলে ডাকৰে ৰসনা।
যাৰে ডাক্‌লে হৃদয শীতল হবে যাবে যম যন্ত্ৰণা॥”

 এনে বঙলুৱা সংকীৰ্ত্তন মেলি দিযে, তেন্তে সি অসম যাব বৰসাহত হাহৰ মাজত কাউৰী হৈ পৰি খেলিমেলিহে লগাব, শোভা নকৰে Hybrid অৰ্থাৎ এধাকেচেলুৱা গান মিহলি আহাৰে পেট গোমাই তাত বিপ্লৱৰহে সষ্টি কৰিব, শান্তি সৃষ্টি নকৰে। এই কথা মনত ৰাখি আমাৰ নাট্যকাৰসকলে বিদেশী নাটৰ অসমীযা ভাঙনি কৰিবলৈ গ’ল মঙ্গল, নতুবা অমঙ্গল। তাহানি কলিকতানিবাসী জনচেৰেক অসমীযা ছাতৰে লগ লাগি ছেক্সপিযেৰৰ Comedy of Errors অসমীয়ালৈ ভাঙি তাৰ নাম ভ্ৰমৰঙ্গ দি অভিনয় কৰিছিল। অনুবাদকৰ লেখত যদিও এই লেখক পৰা নাছিল, তথাপি তেওঁৰ হাত যে সেই অনুবাদকব ওপৰত নুফুৰিছিল এনে নহয। মোৰ বিশ্বাস, ইংৰাজী নাটৰ সেই অনুবাদ একেবাৰেই অসমীযা হৈ পৰি অসমীযা সৰ্ব্বসাধাৰণৰ মন হৰণ কৰিব পৰা হৈছিল। এতিয়াও নতুনকৈ উঠি অহা ডেকাসকলে তেনে গঢ়েৰে বিদেশী নাট অসমীয়ালৈ ভাঙি তাক অসমীযা সাজপাৰ পিন্ধাই ৰঙ্গশালত তুলি দিলে, আমাৰ আঁসোৱাহ ধৰিবলৈ একো নাথাকিব। *

  • বাঁহী—১৯শ বছৰ, ৭ম সংখ্যা, ১৮৫২ শক। অ-২১