দিয়া হৈছিল। তাত কল্যাণীয়া শ্ৰীমতী যোগদা দেৱীয়ে যিটি বক্তৃতা অনৰ্গলভাৱে দিলে, মই শুনি সঁচাকৈয়ে পুলকিত হৈ পৰিছিলোঁ আৰু মোৰ দেশৰ এজনা সম্ভ্ৰান্ত মহিলাৰ সেই বিষয়ত নৈপুণ্য দেখি নিজকে গৌৰৱান্বিত বিবেচনা কৰিছিলো। মই ডিবুৰু পোৱাৰ দ্বিতীয় কি তৃতীয় দিনা জ্বৰত শোৱাপাটীত পৰি কেঁকাই আছোঁ, এনেতে বালিকা স্কুলৰ প্ৰধান-শিক্ষয়িত্ৰী আয়ুস্মতী শ্ৰীমতী গৌৰীপ্ৰভা চলিহাই লগত একুৰিমান ছোৱালী ছাত্ৰী আৰু তেওঁৰ সহযোগী শিক্ষযিত্ৰী জনচেৰেকক লৈ মোৰ আগত ওলালগৈ। তেওঁলোকৰ মোৰ প্ৰতি কি দযা আৰু কি আগ্ৰহ। তেওঁলোকৰ মুখত অনাৱশ্যকীয সংকোচ নাই, তেওঁলোকে তেওঁলোকৰে দেশৰ এই চিৰ প্ৰৱসুৱাক সাক্ষাৎ কৰি সমাদৰ কৰি সম্মানিত কৰিবলৈ আহিছে আৰু পাৰিলে তেওঁক তেওঁলোকৰ স্কুললৈ আদৰি গৈ তেওঁৰ মুখৰ পৰা দুষাৰ-চাৰিষাৰ কথা শুনিবলৈ ইচ্ছা কৰিছে। কি সুখকৰ দৃশ্য! কি সুন্দৰ ব্যৱহাৰ। শ্ৰীমতী গৌৰীপ্ৰভা আইদেওক অৱশ্যে তেওঁ কলিকতা কলেজ পঢাৰে পৰা মই জানো, আৰু মোৰ নিজৰ জীৰ নিচিনাকৈ তেওঁক স্নেহ কৰোঁ। গৌৰী চন্দ্ৰমাক মাজত লৈ তেওঁৰ সহযোগী নক্ষত্ৰৰূপিনী শিক্ষত্ৰিযী আৰু ছাত্ৰী সকলে যেতিযা মোৰ আগত উপস্থিত হ’লহি, জ্বৰত চেপেটা লাগি থকা মই জ্বৰৰ অত্যাচাৰলৈ ক্ষন্তেকৰ নিমিত্তে পাহৰি বিমল আনন্দ অনুভৱ কৰিছিলোঁ। ইয়াৰ কিছু দিনৰ পিছত তেওঁলোকৰ স্কুললৈ মই গৈ স্কুল চাই আৰু তেওঁলোকৰ কাৰ্য্য দেখি অতি সন্তোষ পাইছিলো। স্কুলত তেওঁলোকে বাছকবনীযা ৰূপৰ বঁটা এটিত যি কাকত এডুখৰি মোক দিছিল, সেই বঁটাটি আৰু কাকতডুখৰিযে সদায মোক সন্তোষ দি থাকিব। ডিবুৰুগড়ৰ সম্ভ্ৰান্ত মহিলাসকলৰ সভাতো এই লেখকক যিখন অভিনন্দন পত্ৰ মুগাৰ কাপোৰৰ ওপৰত ছপাই দিছিল, সেইখনো নিশ্চয এই লেখকৰ পক্ষে অতি আদৰৰ সমল হৈ সদায তেওঁৰ হাতত থাকিব।
ডিবুৰুগডৰ থিযেটাৰ অৰ্থাৎ ৰঙ্গশালৰ বিষয়ে একেষাৰ কওঁ। ডেকাসকলৰ উদ্যমৰ ফলত ৰঙ্গশালটি সুদৰ্শন হৈ পৰি সি ডিবুৰুগডৰ সমৃদ্ধি বৃদ্ধি কৰিছে। সভা-সমিতি, থিযেটাৰ, যাত্ৰা, গান, ভাৱনা প্ৰভৃতি এই ঘৰতে হয়। থিযেটাৰৰ চিত্ৰপটবোৰ অসমীয়া চিত্ৰবিদ্ ডেকাসকলৰ দ্বাৰাই অঁকা হৈছে আৰু সেইবোৰ কলিকতাৰ ব্যৱসাযী নিপুণ চিত্ৰবিদৰ চিত্ৰতকৈ কোনোগুণে হীন নহয। নাট্যকলাত ডিবুৰুগডৰ সম্ভ্ৰান্ত ঘৰৰ ডেকাসকলে আশাতীতভাৱে উন্নতি লাভ কৰিছে দেখি মোৰ মনত হৰ্ষ উপজিছিল। পেইন্টিং আৰু ফটোগ্ৰাফীত স্নেহাস্পদ মুক্তানাথ বৰদলৈৰ কৃতিত্ব লেখত লবলগীযা। থিযেটাৰৰ ভালেমান দৃশ্যপট তেওঁৰ হাতৰ। তেওঁৰ ষ্টুডিওলৈকো আমি গৈছিলোঁ। তাত তেওঁৰ হাতৰ চিত্ৰবোৰ দেখি বৰ সন্তোষ পালোঁ। তেওঁ যদি সেই ষ্টুডিও অৰ্থাৎ চিত্ৰশাল আনি কলিকতাত পাতি বহে, তেন্তে তেওঁক সেই কাৰ্য্যত চেৰ পেলোবা লোকৰ লেখ সৰহ নহ’ব। ডেকাসকলে পূজাৰ সময়ত কেইবাখনো নাটৰ অভিনয় কৰিছিল। অৱশ্যে এটাইবোৰ দেখা কপালত নঘটিল। কিন্তু যিকেইটা দেখিলোঁ, তাতে মোৰ অশেষ সন্তোষ লভিছিল। সাজসজ্জা, চিত্ৰপট, ভাবপূৰ্ণ অভিনয়, সুস্বৰ