পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥ চতুৰ্থ আধ্যা॥

 অক্টোবৰ মাহৰ ১৫ তাৰিখে ডিবুৰুগড় এৰি শিৱসাগৰলৈ যাবলৈ ওলালোঁ। বাহন মটৰগাডী। ৰথখন আমাৰ জোঁৱাই শ্ৰীমান ৰোহিণীকুমাৰ বৰুৱা বোপাৰ আৰু সাৰথিও তেৱেঁই। যাত্ৰী মই, মোৰ সহধৰ্ম্মিণী, মোৰ ছোৱালী দুজনী আৰু শ্ৰীমান যতীন্দ্ৰনাথ দুৱৰা,—যাৰ কৱিতাৰ তলত নামৰ ক্ষদ্ৰ তাঙৰণ ছপা হৈ ওলায—যদু। যদু কৱি এদিনৰ আগতে ভটং কৰে ডিবুৰুত ওলাইছিলগৈ, সম্ভৱতঃ চুম্বকৰ টানত আৰু সেই চুম্বকডোখৰো সম্ভৱতঃ মযেই। নহয যদি তেওঁ কওক, মই মোৰ দাবী এৰি দিম। যদিও আমাৰ ডিবুৰুগডত বাস অধ্যাযৰ “কৃষ্ণৰ কিঙ্কৰে শঙ্কুৰে ভনে’’ৰ সময়ত যদু উপস্থিত হৈছিলগৈ, তথাপি ভগা সবাহত ওলোৱা তেওঁকো আমি সন্তোষৰ মালা চৰু বিলোৱাত ত্ৰুটি কৰা নাছিলোঁ। আমাৰ শিৱসাগৰমুখীয়া যাত্ৰাত তেওঁকো লগত লোৱা গ’ল, কাৰণ তেওঁৰোতো ওভতনি সেই ফাললৈকে। আমাৰ মটৰগাড়ীত তেওঁলৈ ঠাই নাছিল বুলিলেই হয়। কিন্তু ঠাই নহ’লে কি হ’ব তেওঁকতো নিবই লাগিব। মজিয়াত ঠাই নাথাকিলে লাগতিযাল বস্তুক বাৰৰ হাঁকোটাত আঁৰি থোৱা হয। তেনেকুৱা কিবা এটা দিহা কৰি যদুক আমাৰ লগত লোৱা গ’ল। দীঘলীয়া বাটত কৱি এজন লগত থাকিলে বাটৰ শ্ৰম কমে বুলি মোৰ বিশ্বাস। তোমাৰ গা ৰাইজাই কৰিলে, কৱিৰ কাব্যৰ পুঙৰ পৰা এটা উহ ওলালেই সি তোমাৰ গাৰ ৰাইজাই গুচাই দিব। বাটত যাওঁতে যাওঁতে তোমাকে যদি কেনেবাকৈ কৱিতাই পায়, একো কথা নাই। কবি হাতে ঢুকি পোৱাতে আছে, তুমি কৱিতাৰ সৰুসুৰা ফোৰোহনি এটা নিৰ্ভয়ে মাৰি দিব পাৰা। তোমাৰ ফোৰোহনিযে কৱিৰ পৰা ততোধিক সুশ্ৰাব্য ফোৰোহনিহে উজাৰ খুৱাই দিব। কোনে কব পাৰে কাৰ কেতিয়া কেনে অৱস্থা ঘটে? যদি বাটিত তোমাৰ কৱিতাৰ হামি উঠিল, ভয় কি? কৱি লগতে আছে। তেওঁ বসন্ত, মলয়া আৰু কুলি এই তিনিটি পুৰাতন কাব্যৰ উপাদানক তিনি টিলিকি মাৰি মাতি দি তোমাক পতি কৰিবলৈ লগাই দিব। হামিৰ পিছত যদি কেনেবাকৈ হেকটি আহিল, তথাপি ভয় নাই। তেওঁ তেওঁৰ চোলাৰ মোনাত থকা চন্দ্ৰামৃতৰ বড়ি এটি তোমাৰ মুখত পেলাই দি সেই হেকটি তেতিয়াই বন্ধ কৰি দিব, কোনো অনুপানৰে আৱশ্যক নহ’ব। ধৰা যাওতে বাটৰ কাষৰ মুকলি ধানব পথাৰত যদি কোনো Solitary Reaper-অক অৰ্থাৎ কুঁজী হৈ হাতৰ কাচি লৈ অকলশৰীকৈ ধান দাই থকা কোনো থোলোকা দাৱনীক কবিয়ে তাইৰ লোদেৰ- পোদোৰ হাতেৰে কপালৰ ঘাম মচি থকা দেখে আৰু সেই দাৱনী যদি একাদশী দ্বাদশী ত্ৰয়োদশী চতুৰ্দ্দশীৰ পৰা পূৰ্ণিমাৰ ভিতৰতে হয়, আৰু পূৰ্ণিমাই বা কিয়—কৃষ্ণ পক্ষৰ অমাবস্যা পৰ্য্যন্তও হয়; তেন্তে কবিয়ে তেতিয়াই কৱিতাৰ সোৱণশিৰী সৃষ্টি কৰি তাৰ পানীক সোণৰ ৰেণুৰে ৰঞ্জিত কৰি তাৰ বালি ধুই সোণ উলিয়াই দিব। ‘ওমৰ তীৰ্থ'ৰ যদু কৱিৰ পৰা যদিও এনেবোৰ উপসৰ্গৰ আশঙ্কা কম, তথাপি