পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
মোৰ মাতৃমুখ দৰ্শন

আনন্দৰ ভাগ লৈছিলোঁ, কিন্তু গাত নৰিয়াৰ বাজে গজালি মেলি মোক বিকল কৰি পেলাইছিল। চৌদিশে উৰি ফুৰা আনন্দৰ ফুটুকা পখিলাবোৰৰ লগতে নিৰানন্দৰ মহ কেইটাই মোৰ গাত শুং ফুটাই কোনকোনাই ফুৰিছিল। যি হওক হৰ্ষ-বিষাদৰ সানমিহলিতে মোৰ ডিুবুৰুগৰীয়া দিন কেইটা এক প্ৰকাৰে কাটি গ’ল।

 ভালেমান বছৰৰ মূৰত মই অসমলৈ গৈছিলোঁ। সেইদেখিয়েই বোধকৰো মোৰ স্বদেশী বন্ধু-বান্ধৱৰ মোলৈ আগ্ৰহ অশেষ হৈছিল। তেওঁলোকে সভা সমিতি পাতি মোক নৰিয়া পাটীৰপৰা টানি নি সেইবোৰত থিয় কৰি দিছিল। মযো মৰমৰ অত্যাচাৰ অতি হৃষ্টচিত্তেৰে সহ্য কৰিছিলো। বন্ধুবৰ শ্ৰীযুত প্ৰভাতচন্দ্ৰ দাস ডাক্তৰে প্ৰায দিনৌ আহি মোক অতি যতন কৰি চিকিৎসা কৰিছিল আৰু তেওঁৰ যত্নতে মই লাহে লাহে গা-তঙাই উঠিলোঁ। মোৰ কৃতজ্ঞতাৰ আঁজলিৰ বাহিৰে মই উঠি অহা মনোভিৰাম ডাক্তাৰ বন্ধুজনলৈ আৰু একো নাই।

 ডিবুৰুগডত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল। তাৰে দুটা এটাৰ বিষযে কওঁ। প্ৰথমতে মই আনন্দ-বিমিশ্ৰিত আচৰিত হৈ পৰিছিলো ডিবুৰুগড়ৰ অসমীযা তিৰোতাসকলৰ গঢ়গতি আৰু কাৰ্য্য-কলাপ দেখি। তেওঁলোক মই তাহানি এৰি থৈ অহা অসমৰ, মহৰ দযাত আৰু চেচুঁকৰ ছাঁত বঢ়া চুকৰ বোৱাৰীৰ শাৰীত আৰু নাই। শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কাৰ্য্যাদিত তেওঁলোক অগ্ৰণী। সকলো সজ কাৰ্য্যত পুৰুষৰ সমকক্ষ হ’বলৈ তেওঁলোকৰ আগ্ৰহ প্ৰদীপ্ত। ৰক্ষণশীল সমাজে তেওঁলোকৰ ভৰিত পিন্ধোৱা শিকলি-তেহেলৈ সেই সোণৰে হওক বা লোৰে হওক তেওঁলোকৰ ভিতৰৰ অনেকে ছিঙিছে আৰু বাকী সকলেও ছিঙিবলৈ যত্ন কৰিছে। দেশৰ সেৱাত তেওঁলোকে পুৰুষৰ শাৰীত ঠাই লৈছেহি আৰু অনেক বিষয়ত শামুক- খুজীযা পুৰুষতকৈ আগবাঢ়িছে বুলি ক’লে বঢ়াই কোৱা নহয়। ডিুবুৰগডত সভা- সমিতি পতাত তেওঁলোকেই আগৰণুৱা হৈ পৰিছে আৰু ৰক্ষণশীল শাৰীৰ পুৰুষ চুকত ভেকুৰিছে। মাজতে বিমোৰ অৱস্থাত পৰি অসমীযা তিৰুতা শিপিনীসকলে তেওঁলোকৰ অঙ্গৰ ভূষণ বোৱাকটা পৰিহাৰ কৰিছিল। ডিবুৰুগডীযা নতুন তৰপৰ মহিলাসকলে তাক আকৌ সাদৰেৰে হাতত তুলি লৈছে। তেওঁলোকৰ বিনন্দীয়া মুখ মলিয়ন কৰোঁতা কাণ্ডজ্ঞানহীন পৰ্দ্দাক তেওঁলোকে পৰিহাৰ কৰিছে। আৰু বাহিৰলৈ গলে ওৰণীৰ সৰ্বগ্ৰাসী গ্ৰহণৰপৰা বিমুক্ত হৈ মনোজ্ঞ আংশিক গ্ৰাস গ্ৰহণ বৰণ কৰিছে। নিন্দুক সমালোচকৰ সস্তা সমালোচনাবোৰ, সমালোচকৰ আজিকালি অব্যৱহাৰ্য্য দ’তৰ জোলোঙাত সুমাই থবলৈ তেওঁলোকে তেওঁলোকৰ মনৰ বলেৰে পৰোক্ষভাৱে সমালোচকক অনুজ্ঞা কৰিছে। সভা-সমিতিত তেওঁলোকে পুৰুষৰ আগত ওলাই একে শাৰীতে বা সমুখতে বহি প্ৰজা সাধাৰণৰ মঙ্গলামঙ্গলৰ বিষয়ত স্বাধীন মতামত প্ৰকাশ কৰিছে,অথচ তেওঁলোকৰ স্ত্ৰীসুলভ গাম্ভীৰ্য্য আৰু কমনিয়তাৰ এচুলিমানকো হ্ৰাস হ’বলৈ তেওঁলোকে দিয়া নাই। দুজনা এজনাই সভাত উঠি এনে সুন্দৰকৈ বক্তৃতা কৰিছে যে অনেক নামজ্বলা বক্তা পুৰুষকো তেওঁলোকে সেই বিষয়ত চেৰ পেলাইছে। ৰামমোহন ৰায়ৰ স্মৃতিসভাত মোক সভাপতিৰ আসন