পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
মোৰ জীৱন-সোঁৱৰণ

আক্ৰমণ কৰে। অনেক সময়ত খেদাচিকাৰত দেখিছোঁ দুটা কি তিনিটা ভালুক অগাপিছাকৈ যাব লাগিছে। গছত বন্ধা ওখ চাঙৰ ওপৰৰ পৰা প্ৰথমটোক গুলীয়ালোঁ। সি গুলী খাই আগত কাকো নেদেখি উভতি পাচলৈ চাই তাৰ লগৰীয়া ভালুকটো দেখি ভাবিলে যে সেই পাছটোৱে তাক আক্ৰমণ কৰিছিল। তৎক্ষণাৎ সি পাচৰটোৰে সৈতে তুমুল সংগ্ৰামত প্ৰবৃত্ত হ’ল।

(৩)

 দুঠেঙীয়া জন্তুত হাত পকাই লৈ এতিয়া চাৰিঠেঙীয়া জন্তুলৈ হেপা মেলিবলৈ মোৰ হেঁপাহ হ’ল। হেঁপাহ দিনকদিনে অদম্য হৈ উঠিল। সম্বলপুৰৰ তিনি চাৰিজন চিকাৰী বন্ধুৰে সৈতে পৰামৰ্শ কৰি লগ লাগি এখন হাবিত খেদা-চিকাৰৰ ( Beat) বন্দৱস্ত কৰিলোঁ। সেই বন্ধুকেইজনৰ এজন ডেপুটি মেজিষ্ট্ৰেট এজন একচাইজ ছুপাৰিণ্টেণ্ডেণ্ট, এজন তহচিলদাৰ আৰু আনজন ছবৰেজিষ্ট্ৰৰ। চিকাৰ কৰিবলৈ থিৰ কৰা হাবিত সুবিধা বুজি, গছৰ ডালত তিনিখন ওখ চাং সুকীয়াকৈ আঁতৰে আঁতৰে বন্ধোৱা গ’ল। ছবৰেজিষ্ট্ৰৰ চিকাৰী নহয় কিন্তু চিকাৰ চাবৰ তেওঁৰ হেঁপাহ। সেই দেখি একচাইজ ছুপাৰিণ্টেণ্ডেণ্টৰ লগত বহুৱাই দিযা হল। ডেপুটি মেজিষ্ট্ৰেটজন বিখ্যাত চিকাৰী। তেওঁ অকলেই এখন চাঙত বহিল। তহচিলদাৰৰ হাতত বন্দুক নাছিল, সেইদেখি তেওঁ মোৰ লগতে বহিল। আমি চাঙত উঠি প্ৰস্তুত হৈ ললত, সঙ্কেতমতে ‘বিট’ অৰ্থাৎ খেদ আৰম্ভ হ'ল। তিনিকুৰিমান “বিটৰে” অথাৎ খেদাকৰা মানুহে অনেক দূৰৰ পৰা হাইহুইকৈ আমাৰ ফালে বনৰীষ, জন্তু খেদি আনিবলৈ ধৰিলে। প্ৰথমতে অনেক দূৰৰ পৰা সিহঁতৰ হাই-উৰুমিৰ শব্দ আমাৰ কাণত ৰিণি- ৰিণি পৰিবলৈ ধৰি ক্ৰমে ওচৰ চাপি ডাঙৰ হৈ আহিল। আধাঘণ্টামানৰ পিছত দেখিলোঁ মোৰ চাঙৰ, কাষতে, দেখিবলৈ খুব সুন্দৰ জন্তু এটি থিয় দি আছে। মই তেনেকুৱা জন্তু আগেয়ে দেখা নাছিলো। দিলোঁ গুলী মাৰি। গুলি লাগি জন্তুটো নিশবদে তাতে বাগৰি পৰিল। তেতিয়াও সিফালে খেদা চলি আছে। খেদা শেষ নহলে ডাঙৰ চাঙৰ পৰা মাটিলৈ নমাটো যুক্তিযুক্ত নহয়; সেই দেখি আমি নমা নাই। এনেতে ডেপুটীজনৰ ফালৰ পৰা ৰাইফোলৰ গুলিৰ আৱাজ ওপৰা-উপৰিকৈ শুনিলো, আৰু লগে লগে কিবা এটা ডাঙৰ জন্তুৰ নানা ৰকমৰ চিঞৰে হাবিখন তল-ওপৰ কৰিবলৈ ধৰিলে। গোজৰ, গোঁগোৱনি আৰু ডাঙৰ কৰতেৰে হাবিত ডাঙৰ কাঠ ফলাৰ নিচিনা শব্দবোৰ আমাৰ কাণত পৰিল। মই তেতিয়াও বুজিব পৰা নাই, সেইটো কি জন্তুৰ চিঞৰ; কাৰণ মোৰ পক্ষে সি নতুন। অলপ পৰ পিছতে এক্ চাইজ ছুপাৰিণ্টেণ্ডেণ্টৰ ফালৰ পৰাও বন্দুকৰ আৱাজ আমাৰ কাণত পৰিল। খেদা কৰা মানুহবোৰে বন্দুকৰ আৱাজ শুনি আৰু বেছিকৈ হাইউৰুমি কৰিবলৈ ধৰিলে আৰু সিহঁতৰ ভিতৰৰ অতি টেঙৰবোব টপ্‌ টপ্‌ কৈ গছত উঠিল, যদি বাঘ ওলাইছে, এই ভয়ত। ডেপুটি বাবুৰ বন্দুকৰ মাত যদিও বন্ধ হল, কিন্তু গুলীখোৱা জন্তুটোৱে