তেতিয়াও চিঞৰি হাবি খলক লগাবলৈ এৰা নাছিল। সেই হাবিখনত যদি বনদেৱী- সকল থাকিলহেঁতেন তেওঁলোকে নিশ্চয় সশঙ্কিত আৰু বিৰক্ত হৈ দূৰৰ কোনোবা বৰ গছৰ তলত এনেকুৱা দুখৰ গীত ধৰিলেহেঁতেন:—
“কে এল আজি এ
ঘোৰ নিশীথে,
সাধেৰ কাননে,
শান্তি নাশিতে।
ঘুমন্ত বিহগে,
কেনে বধে ৰে,
সঘনে খৰশৰ সন্ধিষা
তৰাসে চমকিষে
হৰিণ হৰিণী,
স্খলিত চৰণে ছুটিছে।” ইত্যাদি (ৰবীন্দ্ৰনাথ ) আমাৰ দ্বাৰাই হাবিৰ শান্তি নাশ ঘটিছিল যদিও সি কিন্তু আবেলি বেলিকা। গতিকে আমি এক আঙুল কম জগৰীয়া।
সিফালে একচাইজৰ বন্দুকে গুড়ুম গুড়ুম কৰিয়েই আছে; বিৰাম নাই। কিন্তু সেইফালৰ পৰা কোনো জন্তুৰ চিঞৰ আমাৰ কৰ্ণগোচৰ হোৱা নাই। সমুখৰ ফালৰ পৰা খেদা কৰা মানুহবোৰো আমাৰ ওচৰ চাপি অহা আমি দূৰৰ পৰা দেখিবলৈ পালোঁ। সেই দেখি নিৰ্ভয় মনেৰে তহচিলদাৰ আৰু মই চাঙৰ পৰা নামি এখোজ দুখোজকৈ একচাইজৰ চাঙৰ ফালে যাবলৈ ধৰিলোঁ। এমূৰে মোৰ চাং আৰু সিমূৰে ডিপুটীৰ চাং; একচাইজৰ চাং মাজতে। গৈ দেখিলোঁ, একচাইজ ছুপাৰিণ্টেণ্ডেণ্ট মাটিত থিয় হৈ আছে। আৰু তেওঁৰ আগতে দহ-বাৰ হাতমান দূৰত ভালুক এটাই অনেক গুলী খাই অবশ হৈ থিয় দি আছে। সি বাগৰিও পৰা নাই অথচ তাৰ গা তেজেৰে তুংৰলি মোক দেখি একচাইজে কলে যে তেওঁৰ কাৰ্টিজ এটাইবোৰ ঢুকাল; কিন্তু ভালুকটো এতিয়াও মৰা নাই; সেই দেখি মোৰ হাতত থকা কাৰ্টিজ গোটেই বোৰকে তেওঁক দিব লাগে। মই হাত মেলি দুটা বুলেট কাৰ্টিজ তেওঁক দিলোঁ; তেওঁ বন্দুকত খাজি ললে। ছব্ৰেজিষ্ট্ৰৰ কিন্তু তেতিয়াও চাঙৰ ওপৰৰ পৰা নমা নাই। তেওঁ চাঙৰ ওপৰৰ পৰাই আমাক ক’লে,—চাওক ভালুকটো এতিয়াও মৰা নাই। আপোনাসকলে মাটিত থাকি ভাল কাম কৰা নাই। গুলী খোৱা ভালুকে যদি আপোনালোকক ধৰেহি, তেতিয়া কি হব? যেই কথা শুনিলো—মই ভয় খাই লৰি তেওঁ বহি থকা চাঙত উঠিবলৈ গ’লোঁ। চাঙত উঠিবলৈ লগাই থোৱা জখলাটোত ধৰি তাৰ খোপে খোপে উঠি গৈছোঁ, চাং পাবলৈ আৰু এটা কি দুটা ঢাপ আছে; এনেতে মোৰ ভৰি পিচলিল। তাৰ আগতে মোক চাঙত উঠিবলৈ যোৱা দেখি তহচিলদাৰেও ভয় খাই মোৰ পাছে পাছে জখলাত উঠিছিল। ভয়ত খপজপাই মই