পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
পৰিশিষ্ট

উভতি আহিছিলো। মাজে মাজে সপৰিবাৰে সৰু টাটু ঘোঁৰা এটা মোৰ বৰজনী আৰু মাজুজনী ছোৱালীক কিনি দিছিলোঁ। সিহঁতৰ এজনীয়ে আমাৰ টঙাৰ লগে লগে ওচৰে ওচৰে ঘোঁৰাত উঠি গৈছিল।

 ঘামকালি এদিন আমাৰ মেঘপালৰ বঙলাতে আবেলি বেলিকা চাহ খাই আছিলোঁ, এনেতে মানুহ এটাই লৰি খবৰ দিলেহি যে ওচৰেৰ খাল এটাত ভালুক এটাই পানী খাইছেহি। খপ্‌ কৰে বন্দুকটো হাতত লৈ মই ভালুক মাৰিবলৈ উঠিলোঁ। আৰু যেই উঠা, গৃহিণী আৰু তেওঁৰ যুগল কন্যাৰত্নই মোক সাৱট মাৰি ধৰিলে, যাব নিদিয়ে। মই যাবলৈ যিমান চেষ্টা কৰিলোঁ সিমান এই স্ত্ৰী ত্ৰিমূৰ্ত্তিৰ হাতত কটকটীয়া ভাবে বন্দী হৈ পৰিলো। শেহত তেওঁলোকে মানুহ পঠিয়াই ভালুকটো হুৰাইদি খেদাই পঠিয়াইহে মোক তেওঁলোকৰ বাহু-বন্ধনৰ পৰা মুক্তি দিলে।

 আৰু এদিন সন্ধ্যা লাগি ভগাৰ সময়ত আমি মেঘপালৰ বঙলাত বহি থাকোতে হাই-উৰুমি আৰু ভগাটিনত কোব শুনিলো। আৰু কিছুমান মানুহে হাতত ধানখেৰৰ জুমুঠিত জুই লগাই লৈ লৰি ফুৰা দেখিলো। ব্যাপাৰটো কি বুলি ভূ ললত জানিবলৈ পোৱা গ’ল যে বনৰীয়া হাতী এটাই ওচৰতে ধাননিত সোমাই ধান খাব লাগিছে। যেই শুনা, তৎক্ষণাৎ এই বহাবীৰে বন্দুকলৈ সেইফালে চোচা লব খোজোঁতেই আকৌ সেই পুৰণি ভালুক ব্যাপাৰৰ পুনৰাভিনয় হ’ল, পূৰ্ব্বৱতে বন্দী হল।

 এদিন পুৱা ১ মান বজাত মই আমাৰ বঙলাৰ প্ৰায় আধা মাইল দূৰৰ হাবিত সপৰিবাৰে ফুৰিবলৈ গৈছিলোঁ। ইচ্ছাটো, যদি বনৰীয়া কুকুৰা চৰাই দেখোঁ, মাৰিম আৰু আনি দস্তুৰমতে ভোজন কৰিম। এটা চাপৰাচীৰ হাতত মোৰ বন্দুকটো দি যাবলৈ ধৰিলোঁ। চাপৰাচীটো যদিও আমাৰ পাছে পাছে আহিছিল, তথাপি সি অলপ পাছ পৰিল। মই মোৰ গৃহিণী আৰু ছোৱালী তিনিজনীৰে সৈতে সৰু পৰ্ব্বত এটাৰ ওপৰত উঠি শিল এটাৰ ওপৰতে অলপ থিয় দিছোঁ এনেতে দেখিলোঁ এটা ভীষণ বুঢ়া ভালুক ওলাই আহি আমাৰ আগেদি গজপতি গমনেৰে যাবলৈ ধৰিলে। বন্দুক আন, বন্দুক আন, বুলি মই চাপৰাচীটোক যিমান পাৰো লাহে লাহে মাতোঁহে মাতোঁ, সি ওচৰকে পোৱাহি নাই। ভালুকটোৱে আমাৰ কটাক্ষ কৰি চাই তুচ্ছ-তাচ্ছিল্য প্ৰদৰ্শন কৰি ধীৰ মন্থৰ গতিৰে হাবিত প্ৰৱেশ কৰি অদৃশ্য হ’ল। সৌভাগ্যগুণে মোৰ বীৰত্বৰ বিকাশৰ যোগ নঘটিল সৌভাগ্যগুণে বুলিছোঁ এইবাবে যে বন্দুকটো মোৰ চাপৰাচীৰ হাতত আছিল আৰু সি কিছু দূৰ পাছ পৰি আহিছিল। যদি বন্দুকটো মোৰ হাতত থাকিলহেঁতেন তেন্তে আগগুৰি নাভাবি মই ভালুকৰ গালৈ গুলী মাৰি দিলোঁহেতেন। গুলী তাৰ মৰ্ম্মস্থানত নপৰি য’তে-ত’তে লগাহেঁতেন, সি অলপ অচৰপ জখম হলহেঁতেন যদিও কিন্তু উভতি ধৰি আমাক আক্ৰমন নকৰি নেৰিলেহেঁতেন। ফলত কাৰ কি হলহেঁতেন নেদেখা জনেহে তাক জানিব পাৰিছিল। ভালুক বৰ লেকেটীয়া জীৱ। আচল ঠাইত নালাগিলে দুই-চাৰি গুলীত সি নমৰেই। গুলী-খোৱা ভালুকে খঙতআগত যাকে পায় তাকে