সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিশিষ্ট

৭৩

চলোৱা আড়ম্বৰ আগৰ দৰেই সমানে থাকিল অথচ ঘৰৰ চাকিত তেল ঢুকাল। মনত আছে, একো একোদিন পুৰণি ষ্টেটছ্‌মেন, খবৰকাকত বেচিহে তেওঁ বজাৰৰ খৰচ চলাব পাৰিছিল। নিৰুপায় অৱস্থাত ধৰুৱাবোৰৰ ওপৰত আদালতত মোকৰ্দ্দমাৰ মালা গুথি আঁৰি দিয়াটোকে থিৰ কৰি আঁৰি দিয়া হ'ল। কিন্তু দেৱানী মোকৰ্দ্দমা আজি কৰিলেই ফাইলৈ সি টকাৰ পোৱালী জগাব এনে নহয়। গতিকে সেইফালেও সোনকালে পোহৰৰ জিলিঙনি দেখা নগ'ল। অৱশ্যে ভালেমান দিনৰ মূৰত গোচৰৰ ফলৰ কিছুমান হাতে ঢুকি পোৱা ধৰুৱাৰ পৰা ধন আদায় হ’ল যদিও সৰহখিনি ধৰুৱাৰ ধন আথাউনি পানীত বুৰিল। গোচৰ কৰি যিবোৰৰ পৰা ধন আদায় কৰিব পাৰিছিলো, সেই ধৰুৱাবোৰে অৱশ্যে ভালকৈয়ে শিক্ষা পাইছিল। বেঙে হেনো কেতিয়াবা সাপৰ পৰা ধন ধাৰে লৈছিল, বাৰিষা সাপে গাতৰ পৰা ওলাই বেঙক ধাৰ সাধিলে, বেঙে প্ৰথমতে এই বুলি ভাবুকি দিয়ে—“কাৰ কড়ি কোনে ধাৰে? কাৰ কড়ি কোনে ধাৰে?” কিন্তু সাপে যেতিয়া বেঙৰ টেটুটোত ধৰেহি, তেতিয়া বেঙে কাতৰ কণ্ঠেৰে কয়—“টকা নে-এ-এ। টকা নে-এ-এ।”

 মই ভাবিলোঁ, মোৰ ব্যৱসায়তো গলেই এতিয়া কিং কৰ্ত্তব্যং? পালে এটা চাকৰিকে কৰা উচিত; নতুবা “ভোজনং যত্ৰ তত্ৰচ, মৰণং গোমতী তীৰে, বা গঙ্গাতীৰে।” বাৰ্ডকোম্পানীৰ টিম্বৰ আৰু আন আন গোটাচেৰেক ডিপাৰ্টমেণ্টৰ বৰচাহাব মিষ্টৰ কাৰ্কপেট্ৰিকেৰে সৈতে চিনাকি হৈ তেওঁৰ আগত মোৰ দুখৰ কাহিনী ক’লত, তেওঁ মোক তেওঁলোকৰ ফাৰ্ম্মত চাকৰি এটা দি সহায় কৰিবলৈ গাত ললে। বাৰ্ড কোম্পানীৰ ঘাই বৰচাহাব আইৰণ ছাইডৰ ওচৰলৈ তেওঁ মোক লৈ গ'ল। আইৰণ ছাইডে মোক দেখি-শুনি মোৰে সৈতে কথাবাৰ্ত্তা কৈ সন্তুষ্ট হৈ, জষ্টিচ্‌ ছাৰ আশুতোষ চৌধুৰীৰ পৰা মোৰ বিষয়ে এখন চিঠি আনিবলৈ মোক ক'লে। সেই চিঠি অনায়াসে আনি দিলত তাৰ পিছ দিনাৰ পৰা তেওঁলোকৰ ফাৰ্ম্মত মিষ্টৰ কাৰ্কপেট্ৰিকৰ তলত মোক কাম কৰিবলৈ মিষ্টৰ আইৰণ ছাইডে মোক হুকুম দিলে। মোৰ দৰমহা হ’ল ১৫০ টকা। যদিও তেতিয়া মোৰ ঘৰৰ চাকৰ-নাকৰ, কচোৱান- চহিচ আৰু কেৰাণীৰ দৰমহা গোটালে দুশ টকাৰো ওপৰে মই মাহেকত দিব লাগিছিল, তথাপি মই এই দৰমহাকে স্বীকাৰ কৰি, বেজীটো হৈ ফাৰ্ম্মত সোমাই লবলৈ থিৰ কৰি বাৰ্ডকোম্পানীৰ বৰচাহাবক মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ১৯১৬ চনৰ পৰা ১৯১৭ চনলৈকে প্ৰায় এবছৰ মই বাৰ্ড কোম্পানীৰ কলিকতাৰ অফিচত কাম কৰোঁ। কোম্পানীয়ে মাহেকত দুবাৰ তিনিবাৰকৈ দহ-বাৰ দিনৰ নিমিত্তে মোক “চিভিলচেনিটৰি” আৰু “টিম্বৰ বিজনেছৰ“ উন্নতিৰ নিমিত্তে “কেনভেছাৰৰূপে“ চাৰিওফালে মফছললৈ পঠিয়াইছিল। আৰু সেই আলমতে মই বঙ্গ, বিহাৰ, উৰিষ্যা আদি অনেক ঠাইত ফুৰিছিলোঁ। বঙ্গ দেশৰ চান্দপুৰ, চিটাগং, বৰিশাল আদি ঠাইত, উত্তৰ আৰু দক্ষিণ বেহাৰত; সিফালে এলাহাবাদ পৰ্য্যন্ত, আৰু ইফালে নাগপুৰ, বিলাসপুৰ, ৰায়পুৰ, সম্বলপুৰ আদি ঠাইত মই ঘূৰি ফুৰিছিলোঁ।

 ১৯১৭ চনৰ শেষছোৱাত সম্বলপুৰৰ বাৰ্ডকোম্পানীয়ে বেহাৰউৰিষ্যা গবৰ্ণ-