পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
মোৰ জীৱন-সোঁৱৰণ


(২)

 মহাযুদ্ধ চাৰি বছৰ চলিছিল। তাৰ দুবছৰৰ ভিতৰতে মোৰ স্বাধীন ব্যৱসায়ৰ দিনকদিনে পৰালি পৰি আহিবলৈ ধৰিলে। চেগুণ কাঠৰ ব্যৱসায় অলপ ডাঙৰকৈ কৰিবলৈ হলে অনেক ধন লাগে। ডাঙৰকৈ নকৰিলে ডাঙৰ পেটৰ কথাই নাই, নিয়মীয়া পেটো ভৰোৱা টান। মোৰ দুৰ্ভাগ্যবশতঃ সৰুৰে পৰা মোৰ পেট ডাঙৰ- ভাবে লালিত-পালিতহৈ ডাঙৰ হৈ পৰিছিল অলপ-অচৰপত মোৰ পেটৰ খুদখহুৰ খজুৱতিয়ে নমৰা হ’ল।

 ব্ৰহ্মদেশৰ পৰা চেগুণ কাঠ আহে। ব্ৰহ্মদেশত য়ুৰোপীয় সদাগৰ সকলৰ সেই ব্যৱসায় এক প্ৰকাৰে একচেটীয়া অৰ্থাৎ অকলশৰীয়া। তেওঁলোকৰ য়ুৰোপীয় এজেণ্ট, কলিকতা, মাদ্ৰাজ, বোম্বাই আৰু কৰাচী আদি ঠাইত থাকে। সেই এজেণ্টসকলো ডাঙৰ ডাঙৰ সদাগৰী ফাৰ্ম্ম। কাঠৰ ব্যৱসায় কৰোঁতা সৰহভাগ ভাৰতীয়ই তেওঁ- লোকৰ মাৰ্ফত কাঠ আনে। খুচুৰাখাচাৰা দুই-চাৰিখন কাঠ নহয়; একো একোটা ডাঙৰ ’কনছাইনমেণ্ট’ অথাৎ খেপ। খেপত এশ-আদশ দুশ-পাঁচশটন কাঠ আহে আৰু তাৰ বেচ দহহাজাৰ, কুৰি হাজাৰ, পঞ্চাশ হাজাৰ টকালৈকে হয়। তেওঁলোকৰ বিশ্বাসী ভাৰতীয় বেপাৰীসকলক এই য়ুৰোপীয় এজেণ্ট সদাগৰ, সকলে ৯০ দিনৰ কৰালত সেই কাঠ ধাৰে দিয়ে। যিদিনা সেই কাঠৰ দাম সমূলি পৰিশোধ কৰাৰ কথা হয়, সেইদিনা সেই টকা দিব নোৱাৰিলে বেপাৰীৰ ইজ্জত নাথাকে আৰু ভৱিষ্যতলৈ তেওঁ কাঠ ধাৰে নাপায়। তাৰ উপৰি ধন-সম্পত্তি তেওঁলোকে আদালতত নালিচ কৰি লব পাৰে। আমি দেশী বেপাৰীবোৰে য়ুৰোপীয় এজেণ্টৰ পৰা ওপৰত কোৱা দৰে কাঠ কিনি কলিকতাৰ আৰু আন আন ঠাইৰ সৰু সৰু বেপাৰীক বেচোঁহক। কিন্তু অধিকাংশ সময়ত আমিও সেই বেপাৰীসকলক ধাৰে বিক্ৰী কৰিবলগীয়াত পৰোঁ, কাৰণ তেনেকুৱাটোৱেই প্ৰচলিত দস্তুৰ; নহলে আমাৰ ব্যৱসায় অচল হয়।

 যুদ্ধত প্ৰথম ডোখৰত জাৰ্ম্মানিৰ প্ৰতাপ আৰু ইংলণ্ডৰ প্ৰতাপ দেখি আমাৰ দেশী মানুহৰ অনেকে ঘাইকৈ লেখা-পঢ়া কম জনা বা নজনাবোৰৰ ভিতৰত বহুতে ভাবিছিল, যে কিজানি ইংৰাজৰ ৰাজত্বৰ ওৰ পৰেই। আমি কাঠ ধাৰে দিয়া সৰু সৰু বেপাৰীবোৰে ভাবিলোঁ, যদি দেশত গোলযোগ উপস্থিত হয়েই তেন্তে “কাৰ টকা কোনে ধাৰে?” ইয়াকে ভাবি তেওঁলোকে দিবলগীয়া দিনত টকা নিদি, আজি দিম, কাইলৈ দিম কৰিবলৈ ধৰিলে আৰু অনেকে নিজৰ কাঠ গোলা সামৰি ধনবিত লৈ নিজৰ গাঁও-ভূঁইলৈ পলায়ুদ্ধং কৰিলে। অথচ ইফালে আমি আমাৰ য়ুৰোপীয় জাহাজৰ এজেণ্টক কৰালমতে দিবলগীয়া টকা দিবলগীয়াত পৰিলোঁ। ডাঙৰ মহাজন বা ব্যৱসায়দাৰৰ কথা সুকীয়া; কুৰি হাজাৰ, পঞ্চাশ হাজাৰ টকা তেওঁলোকৰ বন্ধহৈ থাকিলেও তেওঁলোকে কাম চলাই গৈ থাকিব পাৰে। কিন্তু এই লেখকৰ ধনৰ মোনা দীঘল নাছিল, গতিকে তেওঁ শোটমোট খাই পৰিল। এবছৰমানৰ ভিতৰতে তেওঁৰ ব্যৱসায়ৰ ফল অচল হ'ল। তেওঁৰ গাড়ী ঘোঁৰাকে আদি কৰি ঘৰ-সংসাৰ