পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
মোৰ জীৱন-সোঁৱৰণ

মেণ্টৰপৰা পাঁচ বছৰৰ নিমিত্তে বন্দবস্ত কৰি জংঘল ললে। তাৰ আগেয়ে মই সম্বল- পুৰলৈ আহোঁতে ডিভিজনেল ফৰেষ্ট অফিচৰৰে সৈতে দেখা কৰি সেই বিষয়ে ঠিক কৰিছিলো। জংঘল লোৱা হলত বাৰ্ডকোম্পানীয়ে মোক তেওঁলোকৰ জংঘলৰ কাম ‘মেনেজ’ কৰিবৰ নিমিত্তে সম্বলপুৰলৈ পঠিয়াই দিলে, আৰ মোৰ দৰমহা ২০০ টকা হ’ল। তাৰ উপৰি মোৰ থকা ঘৰৰ কেৰেয়া, চাকৰ, চাপৰাচীৰ দৰমহা আৰু গাড়ীৰ খৰচ কোম্পানীয়ে দিছিল। ১৯১৭ খ্ৰীষ্টাব্দৰ ছেপ্তেম্বৰ মাহত মই সম্বলপুৰলৈ উঠি আহিলোঁ। ইয়াৰ ছমাহমানৰ পিছতে মিষ্টৰ কাৰ্কপেট্ৰিকে বাৰ্ডকোম্পানীৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ বৰচাহাব মিষ্টৰ ডফক লগত লৈ মোৰ কাম চাবলৈ সম্বৰপুৰলৈ আহি মোৰ লগতে মোৰ ঘৰত আছিল। আৰু উভতি যাবৰ দিনা তেওঁ মোৰ দৰমহা বঢ়াই ৩০০ শ কৰি দি গ'ল। মই বাৰ্ডকোম্পানীৰ ‘ফৰেষ্ট বিজিনেছ’ত প্ৰায় এঘাৰ বছৰ এই সম্বলপুৰতে থাকি কাম কৰিছিলো আৰু মোৰ দৰমহা, কমি- ছন, পিছত আৰু অনেক বাঢ়িছিল, যাৰ বিষয়ে এই প্ৰবন্ধত কোৱাটো অনাৱশ্যক।

 কোনো কোনোৱে এইখিনিতে কব পাৰে যে লেখকে তেওঁৰ মৃগয়াৰ কথা কবলৈ গৈ এইখন কি বকলা মেলিলে। মই কওঁ সঁচা। বুঢ়া হলে মানুহ ‘গেৰুলাছ্‌’ অৰ্থাৎ কথাচহকী হয় ই তাৰে চিন; যদিও যমে আশয় পাব দেখি মই বুঢ়া হৈছোঁ বুলি সৈ নাকাঢ়ো। বুঢ়াক কোনেও কাপ ধৰিবলৈ কোৱাই উচিত নহয , কলেই সাতকাণ্ড ৰামায়ণৰ লগতে কলঠোকা বাদুলিয়ে খোৱা কথাও বুঢ়াৰ পৰা তেওঁ শুনিবলৈ বাধ্য আৰু তাৰ নিমিত্তে বপুৰা প্ৰস্তত হৈ থকাই উচিত।

 মই সম্বলপুৰলৈ আহিলত বাৰ্ডকোম্পানীয়েও সম্বলপুৰত থকা তেওঁলোকৰ গ্ৰেফাইটৰ কামো মোৰ গাতে জাপি দিলে। সম্বলপুৰত ঘাইকৈ মোৰ হাবিত কাম। হাবিত বাঘ, ভালুক, বৰাৰ বাসস্থান;-গতিকে মোৰ হাতত বন্দুকৰ বাসস্থান হোৱাটো শাস্ত্ৰসন্মত। এটা দুনলী বন্দুক আৰু এটা ৪০৫ উইন্ছে‌ষ্টৰ ৰাইলো কিনি লৈ মই বন্দুক মৰা কল-কৌশলবোৰ শিকি ললোঁ, আৰু এখোজ দুখোজকৈ মৃগয়া নামক ব্যসনত আসক্ত হলো। নিৰীহ চৰাই-চিৰিকতিৰ পৰা আৰম্ভ কৰি ভীষণ জংঘলী জন্তুৰ গালৈকে মোৰ হাত উঠিবলৈ ধৰিলে। হাবিৰ বৰগছ আৰু মহুৱা গছত হাইঠা জাকে জাকে পৰে বিশেষকৈ বৰ গছৰ ফল পকিলে আৰু মহুৱাৰ ফুল ফুলিলে। বন্দুকৰ গুলী এজাই মাৰি দিলেই তিনিটা-চাইটা হাইঠা টলৰ টলৰ কৰে সৰি পৰে। হাইঠা খাবলৈকো ভাল। গতিকে জীৱ হত্যাবিৰাগী পুৰুষজনৰ অচিৰতে জীৱ- হত্যানুৰাগী ছোৱাৰ ফালে আকৰ্ষণ প্ৰবল হৈ উঠিল।

 জাৰকালি হিমালয় প্ৰদেশৰ ফালৰ পৰা এই ফালে অনেক জাতৰ ৰাজহাঁহ, আহি মহানদী আৰু বিল, বন্ধ পুখুৰী প্ৰভৃতিত পৰেহি। ধিত্‌ৰাজ, লালমুণ্ডী, হুইচলিংটিল, কটন্‌টিল, চাকৈচকোৱা ঘিলাহাঁহ, ডাউক, কোঢ়া, কামচৰাই ইত্যাদিয়ে কোঢ়াল কৰে আৰু জলচৰ জন্তু মাছ, পোক, শামুক আৰু উদ্ভিদ জাতীয় পদুম,বভেট, শেলুক, শিঙৰি দ’লঘাঁহ ইত্যাদিৰ শান্তি ভঙ্গ কৰে। লাহে লাহে মই সেই-