পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
দশম আধ্যা

 গধূলি গঙ্গাৰ পুলৰ ওপৰেদি আমাৰ গাড়ীত যাওঁতে আজিও এটা দুৰ্ঘটনা ঘটিল। গাড়ীত মই, মোৰ গৃহিণী আৰু ‘দাদা’ (মোৰ গৃহিণীৰ ককাইদেৱেক হিতেন্দ্ৰনাথ ঠাকুৰ)। আমাৰ লেণ্ডুটনা ঘোঁৰাই উচপ খাই আন এখন গাড়ীত খুন্দা মাৰিলে। গাড়ী আৰু ঘোঁৰাৰ বিশেষ হানি হোৱা নাছিল। তথাপি গাড়ীখন পিছত আহিবলৈ তাতে এৰি, ভেৰোণীয়া গাড়ী এখনত উঠি ঘৰলৈ আহিলোঁ।

 ১৬ এপ্ৰিল—সম্বলপুৰৰপৰা সস্ত্ৰীক জে, এন, সেন আমাৰ ঘৰত। তাৰ পিছত খাই-বৈ তেওঁলোক দাৰ্জ্জিলিঙলৈ গ’ল। মই শিয়ালদহত তেওঁলোকক গাড়ীত তুলি দিলোঁ।

 ১৮ এপ্ৰিল—জাৰ্দ্দিনৰপৰা ১৫,০০০ টকাৰ চেক্‌ পাই বেঙ্গল বেঙ্কত জমা দিলোঁ। ১,২০০ টকা বেঙ্কৰপৰা আনি ঝাৰচোগোড়ালৈ পঠিয়ালোঁ। ৩০০ টকা বি, বৰুৱাৰ instruction মতে ৰবিনাৰায়ণ বৰালৈ পঠিয়ালোঁ। জে, এন, সেনলৈ (দাৰ্জ্জিলিং) ২০০ টকা (তেওঁৰ টকা মোৰ হাতত আছিল) পঠিয়ালোঁ। প্ৰসাদদাস বৰালৰ অফিচত ২,০০০ টকাৰ কোম্পানীৰ কাগজ ভঙ্গালোঁ,—এশত ১৭ টকা ৭ আনা কৈ। মোট ২,০৩৭ টকা ৬ আনা পালোঁ। এইটো Teak Department-অৰ টকা।

 ১৯ এপ্ৰিল—বেঙ্গল বেঙ্কত ১৫,০০০ টকা দিলোঁ।

 ২৫ এপ্ৰিল–বেঙ্গল বেঙ্কৰ পৰা ৮,০০০ টকা আনিলোঁ।

 ২৬ এপ্ৰিল—আকৌ ২,০০০ আনিলোঁ। ঝাৰচোগোড়ালৈ ১০,০০০ টকা পঠিয়ালোঁ। বি, বৰুৱাৰ ভতিজাক চন্দ্ৰকান্ত অসমৰপৰা আহিছিল। তেওঁক নন্দকিশোৰৰ লগত ঝাৰচোগোড়ালৈ পঠিয়াই দিলোঁ। R.C. Naskar-অৰ পৰা দহ হেজাৰ ইটা কিনিলোঁ।

 ২৮ এপ্ৰিল—A.B.R-অৰ Mr. Cheshire-এ আজি আমাৰ স্লিপৰ “পাছ’’ কৰিলে। মই attend কৰিছিলোঁ।

 ২৯ এপ্ৰিল—নগাৱঁৰ পৰা গোলোকচন্দ্ৰ বৰুৱা (বি, বৰুৱাৰ ভতিজাক) আহিল। বি, বৰুৱাৰ কথামতে তেওঁক ঝাৰচোগোড়ালৈ পঠিয়াই দিলোঁ।

 ২১ মেই—শ্ৰীযুত জগন্নাথ বৰুৱা বিলাতত ৰজাৰ কৰোনেশ্যনৰ বাবে নিমন্ত্ৰিত হৈ আসামৰ পৰা আহিল, বিলাতলৈ যাবলৈ। আমাৰ ঘৰতে থাকি খোৱা-বোৱা কৰিলে। বি, বৰুৱা আহিল। তেওঁৰ নৰিয়া।

 ২৩ মেই—শ্ৰীযুত জগন্নাথ বৰুৱাৰে সৈতে ইন্ডিয়া ক্লাবলৈ গলোঁ। জাৰ্দ্দিনৰ পৰা ১৫,০০০ টকাৰ চেক্‌ আনিলোঁ।

 ২৪ মেই—বেলিয়াঘাটৰ পৰা চূণ কিনিলোঁ।

 ২৫ মেই--হৰিনাথৰ হাতত ১০,০০০ টকা ঝাৰচোগোড়ালৈ পঠিয়ালোঁ।

 ২৮ মেই—জগন্নাথ বৰুৱা আজি বিলাতলৈ গ’ল। Chord Mailঅত বম্বেলৈ গ’ল, তাৰপৰা জাহাজত উঠিব।

 ১৬ জুন—জে, এন, সেন সস্ত্ৰীক দাৰ্জ্জিলিঙৰ পৰা আহি আমাৰ ঘৰত উঠিল।

২য়-৫