পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
মোৰ জীৱন-সোঁৱৰণ

 ১৭ জুন—সুকুমাৰ ৰায় বেৰিষ্টাৰ আমাৰ ঘৰত আলহী ৰ’লহি।

 ১৮ জুন—সেন সম্বলপুৰলৈ গ’ল।

 ২৬ জুন—সুকুমাৰ বেৰিষ্টাৰ আমাৰ ঘৰৰপৰা ব্ৰাহ্মপাৰাৰ ঘৰলৈ গ’ল।

 ২৭ জুন—বি, বৰুৱা বিলাসপুৰলৈ গ’ল। বেঙ্কত ১৫,০০০ টকা জমা দিলোঁ।

 “ভাৰতী” নামৰ বঙ্গলা মাহেকীয়া কাকতত ওলোৱা “বৈদ্যজাতিৰ ইতিবৃত্ত” প্ৰৱন্ধৰ সমালোচনা এটা লেখি “ভাৰতী’’ত ছপা কৰিবলৈ পঠিয়ালোঁ।

 ১৩ আগষ্ট —ঘৰ সজাৰ কাম আজি শেষ হ’ল। খালি ৰং দিয়া আৰু “গ্লাছ” লগোৱা বাকী।

 ২ ছেপ্টেম্বৰ—জাৰ্দ্দিনৰপৰা ৬২,৫০০ টকা পালোঁ। তাৰেপৰা ২০,০০০ teak timber হিছাপত দিলোঁ।

 ৩ ছেপ্টেম্বৰ—“পুত্ৰৱান পিতা” নামৰ প্ৰৱন্ধ এটা লেখি ‘জোনাকী’ত ছপাবলৈ শ্ৰীযুত সত্যনাথ বৰালৈ (গুৱাহাটী) পঠিয়ালোঁ।

 ৪ ছেপ্টেম্বৰ—শ্ৰীজগন্নাথ বৰুৱা বিলাতৰপৰা উভতিল। লগত শ্ৰীযুত বুদ্ধীন্দ্ৰনাথ ভট্টাচায্যও। ভট্টাচাৰ্য্যৰে সৈতে কলিকতাৰ কলেজত একেলগে পঢ়িছিলো। দেখি ভাল লাগিল। ঝাৰচোগোড়া ষ্টেশ্যনৰপৰা বি বৰুৱা, ভুবনচন্দ্ৰ বৰুৱা, শ্ৰীযুত জগন্নাথ বৰুৱাৰে সৈতে একেলগে আহিছিল। জগন্নাথ বৰুৱাই আমাৰ ঘৰতে breakfast খালে। আবেলি তেওঁ ইন্ডিয়া ক্লাবত থাকিবলৈ গ’ল। আমি অসমীয়াসকলে তেওঁক হাওড়াৰ ৰেল ষ্টেশ্যনৰপৰা আনন্দ কৰি আগবঢ়াই আনিছিলোঁ।

 ১০ ছেপ্টেম্বৰ—শ্ৰীযুত জগন্নাথ বৰুৱা অসমলৈ ৰাওনা হ’ল। শিয়ালদহত আমি তেওঁক বিদায় দিলোঁ। তেওঁ ৰাতি দহ বজাত গোৱালন্দ মেইল গাড়ীত গ'ল।

 ২১ ছেপ্টেম্বৰ—বি. বৰুৱা বিলাসপুৰৰপৰা পালেহি। আজি অৰুণাৰ অন্নপ্ৰাশন উৎসৱ। পুৱায় কৰা হ’ল। জোড়াসাঁকোৰপৰা “কৰ্ত্তামহাশয়ে” পণ্ডিত হেমচন্দ্ৰ বিদ্যাৰত্নক আৰু এজনক পঠিয়াই দিছিল। বিদ্যাৰত্নই উপাসনাদি কাৰ্য কৰিলে। বি. বৰুৱাই অৰুণাৰ মুখত ভাত দিলে। গধূলি অনেক মানুহক ভোজ খুউৱা হ’ল। grand party হৈছিল। সকলো সুন্দৰভাৱে সম্পাদিত হ’ল।

 ২৩ ছেপ্টেম্বৰ—বি. বৰুৱা বিলাসপুৰলৈ গ’ল।

 ১০ অক্টোবৰ—মই আজি ৰাতি দহ বজাত গোয়ালন্দ মেইলত উঠি অসমলৈ যাত্ৰা কৰিলো।

 ১৩ অক্টোবৰ—পুৱা গোৱালন্দ জাহাজত উঠিলোঁ।

 ১৪ অক্টোবৰ—জাহাজত।

 ১৫ অক্টোবৰ—গুৱাহাটী। হেম গোসাঁই আৰু শ্ৰীযুত সত্যনাথ বৰাৰে সৈতে দেখা কৰিলোঁ। হেম গোসাঁয়ে মোক ডাক-বঙলাত খুৱাই A.B.R. গাড়ীত তুলি দিলে।