পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
মোৰ জীৱন-সোঁৱৰণ

 ৭ মাৰ্চ্চ—১৮,০০০ টকা বেঙ্গল বেঙ্কৰপৰা আনিলোঁ। ১৫,০০০ জাৰ্দ্দিনৰ পৰা পাই বেঙ্কত জমা দিলোঁ।

 ৮ মাৰ্চ্চ—২০,০০০ টকা নগদ লৈ ঝাৰচোগোড়ালৈ গলোঁ। ৰাতি oveacarried হৈ ৰায়গড় পালোঁগৈ। মালগাড়ীতে উঠি পিছদিনাহে পুৱা অতি কষ্টেৰে ঝাৰচোগোড়া পালোঁহি। বৰ বিপদ গ’ল।

 ৯ মাৰ্চ্চ—আজি মোৰ গৃহিণীয়ে ঝাৰচোগোড়াৰ আমাৰ অফিচৰ কৰ্ম্মচাৰী, ঠিকাদাৰ আৰু ৰেলৱে বাবুবোৰক ভোজ দিলে। ডাঙৰ ভোজ। সকলো সন্তুষ্ট।

 ১০ মাৰ্চ্চ—সস্ত্ৰীক বেবীৰে সৈতে হাওড়ালৈ বুলি ঝাৰচোগোড়া এৰি আহিলোঁ।

 ১১ মাৰ্চ—হাওড়া পালোঁহি।

 (দিনৌ এনে গঢ়ৰে কথা। সেইদেখি এইবাৰ জপিয়াই দেই যাম।)

 ২৮ মাৰ্চ্চ—বি, বৰুৱালৈ ১৫,০০০ টকা পঠিয়ালোঁ। কটকলৈ যাত্ৰা কৰিলোঁ।

 ২৯ মাৰ্চ্চ—ক্ষীৰোদ বাবুৰ ঘৰত উঠিলোঁ। স্বৰ্ণই মোক দেখি আৰু আনবোৰেও বৰ ৰং পালে।

 ৩০ মাৰ্চ্চ—ক্ষীৰোদ বাবুৰে সৈতে কটকত চাবলগীয়া ঠাইবোৰ চাই ফুৰিলোঁ। কদম-ৰচুল (মহম্মদৰ পদশিলা) চাবলৈকো গৈছিলোঁ।

 ৩১ মাৰ্চ্চ—পুৱা চাৰে ছয় বজাত কটক এৰি হাওড়ালৈ ৰাওনা হলোঁ। ৰাতি ৭ বজাত হাওড়া।

 ২ এপ্ৰিল—ঝাৰচোগোড়ালৈ যাবলৈ ৰেলত উঠিলোঁ।

 ৩ এপ্ৰিল—টিক্‌ টিম্বৰৰ অৰ্ডাৰ এটা (B N.R —এ দিয়া) বি, বৰুৱাই মোক দিলে। গধূলি ৮ বজাত হাওড়ালৈ বুলি গাড়ীত উঠিলোঁ।

 ৪ এপ্ৰিল—বেঙ্গল বেঙ্কৰপৰা ১০,০০০ টকা আনি ঝাৰচোগোড়ালৈ পঠিয়ালোঁ। National Bank-অত চেক্‌ দি ২৫,০০০ টকা বেঙ্গল টিম্বৰ কোম্পানীক দিলোঁ। ১১,০০০ টকা Meckenzie Lyall & Co.-ক দিলোঁ, D.L মাৰ্কা teak timber সিঁহতৰপৰা কিনাৰ বেচ। কৰ্জন থিয়েটৰলৈ গলোঁ,--complimentary ticket পাই। শ্ৰীযুত হৰিপ্ৰসাদ নাথৰ পুতেক গুৱালপাৰাৰ পৰা আহি ওলালহি, শিয়ালদহত হৰি নাথেৰে সৈতে তেপঁক থৈ বি, বৰুৱালৈ খবৰ দিলোঁ।

 ১৪ এপ্ৰিল—শিবপুৰত আমাৰ টিম্বৰ য়াৰ্ডত সজা সুন্দৰ ঘৰত আজি আমাৰ প্ৰৱেশ। শিবপুৰত সকলোকে ডাঙৰ ডোজ এটা দিয়া গ’ল। সকলোৰে নথৈ সন্তোষ।

 জোড়াসাঁকোত নৱবৰ্ষৰ উৎসৱৰ উপাসনালৈ গৈছিলোঁ। “কৰ্ত্তামশায়” মহৰ্ষিক প্ৰণাম কৰি তেওঁৰ ওচৰত বহিলত মহৰ্ষিয়ে মোক আৰু গৃহিণীক আশীৰ্ব্বাদ কৰিলে। মোক প্ৰশংসা কৰি কথা কৈছিল।

 হাওড়াত আমাৰ ঘৰত “কলসী-উৎসৰ্গ” উৎসৱ কৰিলোঁ। পুৱা ৯ বজাত। “কৰ্ত্তা মশায়ে” পণ্ডিত হেমচন্দ্ৰ বিদ্যাৰত্নক সেই উৎসৱৰ কৰ্তব্য কাৰ্য্যবোৰ সমাপন কৰিবলৈ পঠিয়াই দিছিল।