পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
দশম আধ্যা

 ২৮ ফেব্ৰুৱাৰী—সম্বলপুৰতে আৰু দুদিনমান থাকিবৰ মন গৈছিল; কিন্তু বি. বৰুৱাই মাতি পঠিয়ালে দেখি কলিকতালৈ উভতি যাবলৈ ঝাৰচোগোড়ালৈ গলোঁ। ২০,০০০ টকা বি. বৰুৱাক দিলোঁ।

 ৩০ জানুৱাৰী—ঝাৰচোগোড়াৰ পৰা আজিহে কলিকতালৈ ৰাওনা হলোঁ।

 ৩১ জানুৱাৰী—কলিকতাত জৰ্দ্দিনৰ পৰা ১৫,০০০ টকাৰ চেক্‌ আনিলোঁ। ৬,০০০ বেঙ্কৰ পৰা draw কৰিলোঁ। তাৰ পিছত E. B. S. R. অৰ অফিচ শিয়ালদহলৈ গৈ টকা আনিবৰ চেষ্টা কৰি নাপালোঁ।

 ১ ফেব্ৰুৱাৰী—৬,০০০ টকা * পান্নালাল দাৰোৱানৰ হাতত ঝাৰচোগোড়ালৈ পঠিয়ালোঁ। ১৫,০০০ বেকত জমা দিলোঁ।

 ২ ফেব্ৰুৱাৰী—বি. বি ঝাৰচোগোড়াৰ পৰা পালেহি। মই O. & R. R. কিটিং চাহাবক (Keatinge) আমাৰ আৰু জাৰ্দ্দিন স্কীনৰৰ চেগুণ কাঠ দেখুৱাবলৈ শিৱপুৰৰ টিম্বৰ ৱাৰ্ডলৈ গলোঁ।

 ৭ ফেব্ৰুৱাৰী—জাৰ্দ্দিনৰ পৰা ১৬,০০০ টকাৰ চেক পাই বেঙ্গল বেকত জমা দিলোঁ।

 ৮ ফেব্ৰুৱাৰী—বি. বৰুৱাই ১৬,০০০ টকা লৈ ঝাৰচোগোড়ালৈ গ’ল।

 ১৫ ফেব্ৰুৱাৰী—শাল স্লিপৰৰ হিচাপত জাৰ্দ্দিনৰ পৰা ১৫,০০০ টকাৰ চেক্‌ পাই বেঙ্গল বেঙ্কত জমা দিলোঁ। বটু বাবুৰ হাতত ১০,০০০ টকা ঝাৰচোগোড়ালৈ পঠিয়ালোঁ।

 ১৭ ফেব্ৰুৱাৰী—বি. বৰুৱাৰ কথামতে শ্ৰীযুত এম. চি বৰুৱাক ২০০ টকা দিলোঁ।

 ১৯ ফেব্ৰুৱাৰী—এম-চি-বৰুৱা ভুৱনেৰে সৈতে আসামলৈ উভতি গ’ল।

 ২১ ফেব্ৰুৱাৰী—জাৰ্দ্দিনৰ পৰা ১৫,০০০ টকাৰ চেক্‌ পালোঁ। কালীকৃষ্ণ প্ৰামাণিকৰ পৰা ৪,৬১০ টকা পালোঁ।

 ২২ ফেব্ৰুৱাৰী—১৫,০০০ টকাৰ চেক্‌ বেঙ্ক অব বেঙ্গলত জমা দিলোঁ। ৪.৬১০ টকাও। ৩,০০০ টকা শ্ৰীযুত ৰমাকান্ত বৰকাকতীক দিলোঁ, শ্ৰীযুত মাণিক বৰুৱাৰ বাবে—in full settlement of his claim—অৰ্থাৎ এম, চি বৰুৱাই ৰেমফ্ৰিক দিবলগীয়া ধাৰ শোধ। বি, বৰুৱা পুৱা পালেহি।

 ২৬ ফেব্ৰুৱাৰী—শিৱপুৰত মেকেঞ্জি লায়েলৰ হতুৱাই আমাৰ surplus অৰ্থাৎ ওপৰঞ্চি কাঠবোৰ নিলামত বেচালোঁ।

 ২৭ ফেব্ৰুৱাৰী—বেঙ্কৰ পৰা ১৫,০০০ আনিলোঁ।

 ২৮ ফেব্ৰুৱাৰী—জাৰ্দ্দিনে ১৫,০০০ দিলে। বি, বৰুৱাই সেই টকা লৈ গ’ল।

 ২ মাৰ্চ্চ—নতুন ঘৰ সজাবলৈ আজিৰ পৰা আৰম্ভ কৰিলোঁ।


  • আমাৰ এই পান্নালাল দাৰোৱান আজিকালি এজন ডাঙৰ মাৰ্চেন্ট, এটা ফাৰ্ম্মৰ মালিক আৰু চাৰি পাঁচ লক্ষ টকাৰ অধিকাৰী। বি. এন. আৰৰ কুলুডা ষ্টেশ্যনত থাকে।