পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥ দশম আধ্যা॥

 ১৯০২ খ্ৰীষ্টাব্দতো বি. বৰুৱাৰ লগত মোৰ ব্যৱসায়-জীৱন কেনে আছিল, তাৰ চানেকিও মোৰ ডায়েৰিৰ পৰা অলপ-অচৰপ আজি এই অধ্যায়ত দিলোঁ। মই বি. বৰুৱাৰ লগ এৰি অহাৰ পিছত যিবোৰ মানুহে—যাৰে কথা শুনি হওক —মোৰ বিষয়ে মতামত প্ৰকাশ কৰিছিল, সেইবোৰে আচল কথা একোকে নাজানিছিল। আমাৰ কথাতে কয়, “যাৰ পো মেলত নাই, সি গোধীয়া”। মই যেতিয়া মেলত নাছিলোঁ, আৰু মোৰ পো বুলিবলৈকো ইহজন্মত এই পথিৱীত যেতিয়া কোনো নাই, মই গোধীয়া হ’বই লাগিব।

১৯০২ খ্ৰীষ্টাব্দ

 ১ জানুৱাৰী—মোৰ গৃহিণী “বেবী”ৰে সৈতে ঝাৰচোগোডালৈ গ’ল। শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা ৩৮ নম্বৰ ডবছন ৰোডৰ ঘৰত মোৰে সৈতে থাকিলহি।

 ১০ জানুৱাৰী—বি. বৰুৱা ঝাৰচোগোড়াৰ পৰা পালেহি। মই বেঙ্গল বেঙ্কৰ পৰা দহ হেজাৰ টকা আনিলোঁ। জাৰ্দ্দিনে দহ হেজাৰ টকাৰ চেক্‌ এখন দিছিল সেইখন বেঙ্গল বেঙ্কত জমা দিলোঁ।

 ১৪ জানুৱাৰী-২,০০০ টকা বেঙ্গল বেকৰ পৰা আনিলোঁ।

 ১৫ জানুৱাৰী—বি. বৰুৱাই ১,৫০০ টকা লৈ ঝাৰচোগোড়ালৈ গ’ল। মোৰ “জিপ ছি” নামৰ কুকুৰটোও তেওঁ লৈ গ’ল।

 ১৬ জানুৱাৰী—আমাৰ ঠিকাদাৰ বটু বাবুক ৫০০ টকা দিলোঁ।

 ১৭ জানুৱাৰী—বেঙ্গল বেকৰপৰা ১০,০০০ টকা আনিলোঁ।

 ১৮ জানুৱাৰী—J. S. Co-ৰ পৰা ১০,০০০ টকাৰ চেক্‌ পাই বেঙ্গল বেঙ্কত জমা দিলোঁ। বটু বাবুৰ হাতত দহ হেজাৰ টকা নগদ বি. বৰুৱালৈ পঠিয়াই দিলো। J S Co-ৰ নামত আমাৰ হৈ টিক্‌ টিম্বাৰৰ টেণ্ডাৰ দিবলৈ কিশোৰী বাবু লক্ষ্নৌলৈ গ’ল।

 ১৯ জানুৱাৰী—ঠিকাদাৰ অক্ষয় বাবুৰ হিছাপত ডাক্তৰ প্ৰাণকৃষ্ণ আচাৰ্য্যই মোক ১,৫০০ টকা দিলে।

 ২০ জানুৱাৰী—১,৫০০ টকা বেঙ্কত জমা দিলোঁ। শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা আজি অসমলৈ গ’ল।

 ২২ জানুৱাৰী—জাৰ্দ্দিনৰপৰা ১০,০০০ টকা আনিলোঁ।

 ২৫ জানুৱাৰী ১৫,০০০ টকা লৈ ঝাৰচোগোড়ালৈ গলোঁ। তাত গৃহিণী আৰু বেবী ভালে আছে দেখিলোঁ।

 ২৭ জানুৱাৰী—ঝাৰচোগোড়াৰ পৰা সম্বলপুৰলৈ সস্ত্ৰীক আনি জে. এন. সেনৰ (গবৰ্ণমেন্ট প্লীডৰ) ঘৰত ৰলোঁ। তেওঁলোকে বৰ আদৰ কৰি ৰাখিলে। টেনিছ খেলিলোঁ, আৰু সম্বলপুৰৰ অনেক ঠাই তেওঁলোকেৰে সৈতে ফুৰিলোঁ।