পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ২৯ জুন—বি, বৰুৱা উভতি আহিল। সুৰভিৰ বৰ জ্বৰ।

 ৩০ জুন-বি, বৰুৱা আচাঞ্চোললৈ গ'ল। সুৰভিৰ জ্বৰ নাই।

 ১ জুলাই—হাজি নুৰ মহম্মদ আয়ুবক ৭,০০০ টকা দিলোঁ ঝাৰচোগোড়াৰপৰা অনা হুন্ডিৰ ওপৰত। ৰাতি দহ বজাৰ গাড়ীত আচাঞ্চোললৈ ৰাওনা হলোঁ।

 ৩ জুলাই-কলিকতালৈ উভতি আহিলোঁ।

 ২২ জুলাই—ভূতনাথ মুখুৰ্জ্জী বাবুৰে সৈতে কলিকতাৰপৰা ডমডমলৈ খোজ কাঢ়ি গলোঁ; আৰু খোজ কাঢ়ি উভতি আহিলোঁ। এইটো মোৰ বাহাদুৰি দেখুৱাবলৈ, কাৰণ ভূতনাথ বাবুৱে মোক কৈছিল যে মই খোজ কাঢ়িব নোৱাৰোঁ।

 ২ আগষ্ট-বনাই ষ্টেটৰ lease ছপা কৰিবলৈ দিলোঁ। হুইফিন্‌ চাহাবলৈ আমাৰ baskets পঠিয়ালোঁ। ৰাচিৰ কৈলাস বাবুলৈ ববৰৰ গাৰু এটা পঠিয়ালোঁ। গাংপুৰত মেজিষ্ট্ৰেট হৈ যাব খোজা দুজন এম্‌, এ, বি, এল্‌ ডেকাক পৰীক্ষা কৰি এজনক বাছি ললোঁ।

সেই কালত কলিকতাত বি, বৰুৱা কোম্পানীত মোৰ অকল শৰীয়া কাৰ্য্য- জীৱনৰ এইটো এবছৰৰ ভিতৰৰ ছমাহৰ সংক্ষিপ্ত চানেকি।

কিশোৰী বাবু আৰু তাৰ পিছত অতুল বাবু আমাৰ ফাৰ্ম্মলৈ অহাৰ পিছৰ ডোখৰ মোৰ জীৱনৰ নমুনা-স্বৰূপে ১৯০১ আৰু ১৯০২ খ্ৰীষ্টাব্দৰ এনে সংক্ষিপ্ত বিৱৰণ পিছৰ আধ্যালৈ থলোঁ।