পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
মোৰ জীৱন-সোঁৱৰণ


 ১৩ মেই-ঝাৰচোগোড়াতে গাংপুৰত ওকালতি কৰা উকীল (পিছত সম্বলপুৰত) বামাপদ চাটুৰ্জ্জীৰে সৈতে মোৰ চিনাজনা হ’ল।

 ১৬ মেই-বি, বৰুৱা পেন্দ্ৰাৰপৰা আহি ঝাৰচোগোড়া পালোহি।

 ১৭ মেই আচাঞ্চোললৈ ৰাওনা হলোঁ।

 ১৮ মেই—কলিকতালৈ বুলি পঞ্জাব মেলত উঠিলোঁ। ৰাতি আচাঞ্চোলত আঢ়ৈ বজাত। বৰ বেয়া সময়।

 ১৯ মেই—পুৱাতে কলিকতা।

 ২২ মেই—আকৌ আচাঞ্চোললৈ যাত্ৰা।

 ২৩ মেই—বি, বৰুৱাৰে সৈতে কলিকতালৈ উভতিলোঁ, আকৌ সেই আহুকলীয়া পঞ্জাৱ মেলতে।

 ২৪ মেই কলিকতাত ওলালোঁহি। বি, বৰুৱাৰ বৰ জ্বৰ উঠিল।

 ২৫ মেই-বি, বৰুৱাৰ বৰ জ্বৰ। টেম্পেৰেচৰ ১০৩ ডিগ্ৰী।

 ২৬ মেই-ডাঙৰ ৰছেলক (Dr, Russel ) চিকিৎসা কৰিবলৈ মতা হ’ল।

 ২৭ মেই-জ্বৰ কমিছে। ৰছেল আজিও আহিছে।

 ২৮ মেই—বি, বৰুৱাৰ জ্বৰ এৰিলে।

 ২৯ মেই—নিজে বজাৰলৈ গৈ আম কিনি পাচিত ভৰাই “পেক্‌” কৰি গাংপুৰলৈ পঠিষালোঁ।

 ৪ জুন-৪০০ “পিট্‌শ্ব” কৰত ঝাৰচোগোড়ালৈ পঠিয়ালোঁ।

 ৭ জুন-বি, বৰুৱা দাৰ্জিলিঙলৈ গ’ল।

 ৮ জুন-পুৱা “মিছেলেনিয়ছ ষ্টৰ্ছ”ৰ কাম চালোঁ। দুপৰীয়া কুক কোম্পানীৰ নীলামলৈ গৈ ঘুৰী এজনী ১১০ টকাত কিনিলোঁ।

 ১০ জুুন—আচাঞ্চোললৈ ১০,০০০ টকা লৈ গৈ সেইটো উমাচৰণ চৰকাৰৰ মাৰফৎ ঝাৰচোগোড়ালৈ পঠিয়াই ৰাতিয়েই উভতি আহিলোঁ।

 ১১ জুন-পুৱা কলিকতা পালোঁহি।

 ১২ জুন -বি-টি-টিৰ বৰচাহাব মিষ্টৰ হুইফিন্‌, আৰু শ্যাম বাবুক (হেড ক্লাৰ্ক ) হাওড়া ষ্টেচনৰপৰা আনিবলৈ গাড়ী পঠিয়ালোঁ। শ্যাম বাবু, আমাৰ ঘৰতে থাকিলহি; হুইফিন হোটেললৈ গ'ল।

 ১৫ জুন - শ্যাম বাবু, উভতি গ'ল।

 ১৬ জুন -গদাধৰেৰে সৈতে দোকানলৈ গৈ বস্তু কিনিলোঁ।

 ১৭ জুন—আজিও গদাধৰেৰে সৈতে দোকানলৈ গৈ বস্তু কিনিলোঁ, বাকীডোখৰ বলৰাম দে ষ্টীটৰ ঘৰত কটালোঁ।

 ২০ জুন—আচাঞ্চোলৰ কাম চাবলৈ আচাঞ্চোললৈ গলোঁ।

 ২২ জুন-আজি উভতি আহিলোঁ। কেলেডনীয়া ডকলৈ গলোঁ।

আচাঞ্চোলৰ মাটিৰ মেপ আৰু দলিল বি, বৰুৱালৈ (দাৰ্জ্জিলিঙত) পঠিয়াই দিলোঁ।