পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
নবম আধ্যা

টকা লৈ গৈছিলোঁ। তেনে কাৰ্য্য কৰোতে দুবাৰ-এবাৰ যে মোৰ কোনো অঘটন ঘটা নাছিল, এনে নহয় , অৱশ্যে serious অৰ্থাৎ মাৰাত্মক বিধৰ নহয়। এবাৰ ১৯০২ খ্ৰীষ্টাব্দৰ মাৰ্চ্চ মাহৰ ৮ তাৰিখে মই কুৰি হেজাৰ টকা সেইদৰে লৈ যাওঁতে, ঝাড়- চোগোড়া ষ্টেচনত, য’ত মই নামিব লাগিছিল, নামিব নোৱাৰি ৰায়গড় ষ্টেচন পাইছিলোঁগৈ। ৰাতি একমান বজাত ৰেলগাড়ী তেতিয়া ঝাড়চোগোড়া ষ্টেচন পাইছিলগৈ। মই ওৰে দিনটো গাড়ীত গৈ ভাগৰি টোপনিত লালকাল হৈ পৰিছিলোঁ। গাড়ী কেতিয়া ঝাৰচোগোড়া পালেগৈ মোৰ গমকে নহ’ল। গাড়ীয়ে যেতিয়া ঝাৰ- চোগোড়া ষ্টেচন এৰি পোঁ কৰি দীঘলীয়া সুৰ ধৰি হুইচেল দিলে, তেতিয়াহে মোৰ টোপনি ভাগিল। মই খকৰ্‌-মকৰ্‌কৈ উঠি দেখিলোঁ, সৰ্ব্বনাশ। টকাৰ বাকচটোলৈ চাওঁ সি নিৰ্ব্বিঘিনিৰে আগৰ ঠাইতে বহি থাকি যেন মোৰ মুখৰ ফালে চাই কাঠহাঁহি হাঁহি কৈছে,—“বান্ধৈ আজি পৰিল ফান্দত। থাকা নাক ঘোৰ্ঘোৰাই বেঞ্চৰ ওপৰত চিত-ভোলোঙা খাই শুই।” অশান্তি-ব্যৰ্থতাত মোৰ মানসিক কষ্টৰ সীমা নোহোৱা হ’ল। সিফালে ৰেল কোম্পানীক ফাকি দিবৰ মনেৰে “বুক” নকৰাকৈ লগতে এটা লোৰ পেৰাত (steel trunk) এপেৰা টকা। পেৰাটো টকাৰ ভৰত ইমান গধুৰ হৈছে যে, মই টানি-আঁজুৰি তাক লৰাব চৰাবকে নোৱাৰোঁ। নিৰুপায় হৈ ভাবি বহি আছোঁ। ডাকগাড়ী চেঁকুৰি গৈ গৈ পিছৰটো ষ্টেচন ৰায়গড়ত ৰ’লগৈ। ঝাৰ- চোগোড়াৰপৰা ৰায়গড়লৈ প্ৰায় দুঘণ্টামানৰ বাট। তাত পাঁচ মিনিটৰ বেছি গাড়ী নাথাকে। সিফালে ৰাতি তিনিমান বাজিছে। ষ্টেচনত কুলী নাই। মই মৰো জীওঁ সোঁ আধিকৈ প্ৰাণৰ কাতৰে বল দি টকাৰ পেৰাটো টানি-আঁজুৰি চোঁচোৰাই নি কোনোমতে প্লেটফৰ্মত পেলাই নামি পৰিলোঁ। ষ্টেচন মাষ্টৰজন বঙ্গালী। মই মোৰ দুখ নিবেদন কৰি তেওঁৰ শৰণাপন্ন হলত, মোৰ প্ৰতি তেওঁৰ দয়া সম্পজিল। মোক যেনেমতে ৰাতিৰ ভিতৰতে ঝাৰচোগোড়ালৈ উভতি যাবৰ দিহা কৰি দিবলৈ মই তেওঁক খাটনি ধৰিলোঁ। তেওঁ মোক আশ্বাস দি ক’লে, যে এঘণ্টামানৰ পিছতে মালগাড়ী এখন ঝাৰচোগোড়াৰ ফালে যাব। তেওঁ সেই গাড়ীৰ ফিৰিঙ্গী গাৰ্ডজনক কৈ তাতে মোক পঠিয়াই দিব আৰু কুলী এটাৰ হতুৱাই পেৰাটো মালগাড়ীতে মোৰ লগতে তোলাই দিব। সেইমতেই কাম হ’ল। পিছদিনা পুৱা আঠমান বজাতহে মই ঝাৰচোগোড়া ষ্টেচনত ওলাব পাৰিলোঁহি। ঝাৰচোগোড়া ষ্টেচনত নামিহে, মোৰ মূৰটো গলধনৰ ওপৰত থিয় হৈ আছে নে নাই খেপিয়াই চাই জানিলোঁ যে আছে। সেইবাবে ঈশৰক ধন্যবাদ জ্ঞাপন কৰি থকা ঠাইলৈ খোজ ললোঁ। ৰায়গড় ষ্টেচনত তেতিয়া জন-প্ৰাণীৰ সমাগম বেছি নাছিল। ঝাৰচোগোড়া আৰু ৰায়গড়ৰ মাজৰ বাটডোখৰত মানুহতকৈ লক্ষ কোটি গুণে সৰহ হাবি-বনৰ বসতিহে আছিল। নিজান আন্ধাৰ ৰাতি কোনোবাই মোক সেইদৰে এপেৰা ৰূপ লৈ অকলে যোৱা-দেখি বাটতে ধৰি যদি টকাৰ লোভত “সি-কৰ্ম্ম” কৰিলেহেঁতেন, তেন্তে আজি চকীমেজত বহি জীৱন-সোঁৱৰণ লেখিবলৈ এই দুখীয়া অসমীয়া লক্ষ্মীনাথ বেজবৰুৱা বপুৰা আৰু নাথাকিলহেঁতেন।