তেতিয়া পৰি অহাৰ ফালে। সেই দেখি আমাৰ প্ৰস্তাৱত সম্মত হবলৈ অতুল বাবুৰ বিশেষ বাধা নাছিল; কিন্তু তেওঁ চিৰকাল কালীকৃষ্ণ প্ৰামাণিকৰ চাউল খাই আহিছে; সেই দেখি তেওঁলোকৰ খোলা মনেৰে দিয়া অনুমতি পোৱাটো তেওঁ অতি আৱশ্যকীয় বিবেচনা কৰিলে। কালীকৃষ্ণ প্ৰামাণিক আৰু তেওঁৰ পুতেককেইজন আমাৰো পৰম বন্ধু। সেই নিমিত্তে আমিও তেওঁলোকৰ অনুমতিসাপেক্ষ হলোঁহক। বুঢ়া কালীকৃষ্ণ প্ৰামাণিক বৰ উদাৰ মনৰ মানুহ আছিল। নৈষ্ঠিক হিন্দুৰ সকলো কাৰ্য্যকলাপ আৰু আচৰণত তেওঁৰ প্ৰগাঢ় অনুৰাগ আছিল। দেৱদ্বিজত তেওঁৰ অচলা ভক্তি। তেওঁৰ পিতৃদেৱতা তাৰকানাথ প্ৰামাণিকে নিজৰ ঘৰত এখন কাপোৰ পাতি তাৰ ওপৰত এক লক্ষ নিমন্ত্ৰিত ব্ৰাহ্মণৰ পদধূলি পেলোৱাই লৈ গোটাই সেই পদধুলি সোণৰ টেমা এটাৰ ভিতৰত ভৰাই থৈছিল আৰু সি তেওঁলোকৰ ঘৰত বহুমূলীয়া বস্তু বিবেচিত হৈ আজিও আছে। সেই ব্ৰাহ্মণৰ পদধূলি সকলো অশুভ বিধ্বংসকাৰী পৰম মঙ্গলময় বুলি তেওঁলোকে আজিও ভাবে। তেওঁৰ পুতেক- কেইজনো উদাৰ মনৰ মানুহ আৰু সম্পূৰ্ণ ভদ্ৰ আছিল। তাৰ উপৰি তেওঁলোকে তেওঁলোকৰ বিস্তৃত ব্যৱসায় সামৰি আনি সৰু কৰিবৰ মনো কৰিছিল। সেই দেখি অতুল বাবুক এৰি দিষাত আৰু বিশেষকৈ আমাৰ লগলৈ এৰি দিয়াত, তেওঁলোকৰ বিশেষ আপত্তিৰ কাৰণ নোলাল। তেওঁলোকে আনন্দ মনেৰে অতুল বাবুক আমাৰ লগলৈ আহিবলৈ এৰি দিলে। অতুল বাবু আমাৰ লগলৈ অহাৰ কিছুদিনৰ আগেয়ে তেওঁলোকৰ চেগুণ কাঠৰ ব্যৱসায় বিভাগত থকা বাবু কিশোৰীমোহন সিংহ আমাৰ লগলৈ আহিছিল। কিশোৰী বাবু কাঠৰ ব্যৱসায় আৰু হিচাপ-পত্ৰৰ কিতাপ দস্তুৰ মতে ৰখাত বৰ নিপুণ আছিল। তেওঁক পাই আমাৰ সন্তোষৰ জোখ বাঢ়ি গ’ল।
বি, এন্, আৰ্, লাইনত কৰা আমাৰ শালকাঠৰ ব্যৱসায়ৰ বিস্তৃতি আৰু বিপুলতা বুজিব পাৰি তাৰ সাদিনীয়া ( weekly) খৰচৰ টকাৰ হিচাপ শুনিলে। প্ৰত্যেক সপ্তাহতে মই কলিকতাৰপৰা তালৈ দহপোন্ধৰ হেজাৰৰ পৰা পঁচিশ-ত্ৰিশ হেজাৰলৈকে টকা পাঠিয়াইছিলোঁ। সাধাৰণতে আমাৰ কেৰাণী বা বিশ্বাসী চাপ্ৰাচীয়ে এই টকা লৈ গৈছিল। সৰহকৈ পঠাবৰ হলে মই নিজে সেই টকা লৈ গৈছিলোঁ। জঙ্ঘলৰ কাম গৱৰ্ণমেন্ট-কৰেঞ্চি নোটেৰে নচলে। তেতিয়াও নচলিছিল, আজিও আনকি এই সম্বলপুৰতে নচলে। নোট ভঙাই টকা, আধলি, সিকি, আদমহীয়া আৰু পইচা কৰি নপঠিয়ালে কাম অচল; কাৰণ অশিক্ষিত জঙ্ঘলী কৰতীয়া, গাৰোৱান আৰু কুলীয়ে নোটৰ মূল্য নুবুজে। সপ্তাহে সপ্তাহে দহ পোন্ধৰ হেজাৰ টকা ভঙাই লৈ গৈ ব্যৱসায় ক্ষেত্ৰত যোগোৱাটো কি মস্কিলৰ কথা, যাৰ সেইটো দেখা-শুনাৰ জ্ঞান নাথাকে সি ভালকৈ বুজিব নোৱাৰে। তাৰ উপৰি ৰেলত চোৰ- ডকাইতৰ ভীষণ ভয় আজিকালি যেনেকৈ আছে, তেতিয়াও আছিল। বৰং বেছিকৈহে। মই লগত এটিও জনপ্ৰাণী নোলোৱাকৈ, অৱশ্যে খৰচৰ ভয়ত ব্যয়-সঙ্কোচ (economy) কৰি মাহেকত দুবাৰ তিনিবাৰকৈ সেইদৰে বি, এন্, আৰ্, আমাৰ ব্যৱসায়ৰ ক্ষেত্ৰলৈ