পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
মোৰ জীৱন-সোঁৱৰণ

 মোৰ ডায়েৰী (dairy) লেখা অৰ্থাৎ জীৱন-কাৰ্য্যৰ দৈনিক সংক্ষিপ্ত বিৱৰণ লেখা অভ্যাস বৰ চেলেংপেতেং। তথাপি মোৰ পুৰণি ডায়েৰীৰ পৰা কিছুমান কথা চমুকৈ ইয়াত দিওঁ এই বাবে যে তাৰ দ্বাৰাই অলপ বুজিবলৈ সুবিধা হব, তেতিয়া আমাৰ ব্যৱসায় কেনে ডাঙৰ হৈ পৰিছিল আৰু মোৰ জীৱন কেনে কাৰ্য্যময় আছিল।

 ১৮৯৯ খ্ৰীষ্টাব্দ ১৪ ফেব্ৰুৱাৰী-পুৱা বৰবজাৰৰ সূতাপটিলৈ গলোঁ। তাত দোকানীৰে সৈতে এই বন্দবস্ত কৰিলোঁ। ইত্যাদি। আবেলি, কাইলৈ ক্ষীৰোদচন্দ্ৰ ৰায় চৌধুৰীৰে সৈতে স্বৰ্ণলতাৰ বিয়াৰ দিহা কৰা গ'ল।

 ১৫ ফেব্ৰুৱাৰী—গধূলি স্বৰ্ণেৰে সৈতে (ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা ডাঙৰীয়াৰ বিধৱা জীয়েক) ক্ষীৰোদ বাবুৰ বিয়ালৈ গলোঁ। উপাসনাৰ পিছত ৰেজেষ্ট্ৰী হ’ল। ময়ো এজন সাক্ষী হলোঁ। পুৱা, হাওডাব শালিকিষালৈ গৈ— ইত্যাদি।

 ১৬ ফেব্ৰুৱাৰী-Credit Lyons বেঙ্কৰপৰা দহ হেজাৰ টকা আনিলোঁ, ঝাৰ- চোগোড়ালৈ যাত্ৰা কৰি, ৰাতি ১১ বজাত ঝাৰচোগোড়া পালোঁগৈ আচাঞ্চোললৈকে দ্বিতীয় শ্ৰেণীৰ গাড়ীত। তাৰপৰা ইণ্টাৰত। (তেতিয়া সেইদৰে ঘুৰিহে ঝাৰচো- গোড়ালৈ যাব পৰা আছিল।)

 ১৮ ফেব্ৰুৱাৰী-ঝাৰচোগোড়াত।

 ২০ ফেব্ৰুৱাৰী-ঝাৰচোগোড়া এৰি কলিকতালৈ যাত্ৰা। লগত বি, বৰুৱা আৰু গাংপুৰৰ টিকায়েৎ।

 ২১ ফেব্ৰুৱাৰী—আচাঞ্চোল ৩-৩০ বজাত আবেলি এৰি ৬-৩০ বজাত কলিকতা পালোঁহি।

 ২২ ফেব্ৰুৱাৰী-পুৱাই চেট্লা‌ৰ হাটলৈ গলোঁ। গধুলি আৰু নোলালোঁ। বৰ ভাগৰ লাগিল। গদাধৰক (আমাৰ দোকানৰ কৰ্ম্মচাৰী) লগত লৈ হাটত বহুত বস্তু কিনিলোঁ।

 ২৩ ফেব্ৰুৱাৰী-পুৱা দিল্লীপাৰাৰ পৰা দোকানলৈ বস্তু কিনিলোঁ। শিৱসাগৰৰ স্কুলত মোৰ সহাধ্যাষী শুভেন্দুমোহন গোস্বামীক হঠাৎ তাতে লগ পাই ৰং লাগিল।

 ২৪ ফেব্ৰুৱাৰী-হাওড়াৰ কেলেডনীয়া ডকলৈ গৈ আচাঞ্চোলত আমাৰ ঘৰত কাম কৰিবলৈ গোটাচেৰেক ৰাজমিস্ত্ৰি বন্দবস্ত কৰিলোঁ। বেৰিষ্টাৰ জ্ঞানেন ৰায়ৰে (J N Roy) সৈতে দেখা হ’ল, তেওঁৰ সৈতে ‘বিজনেছ টক্‌” হ’ল।

 ২৫ ফেব্ৰুৱাৰী-পুৱা বহুবজাৰত “ড্ৰয়িংৰুম ছুট” এটা সম্বলপুৰৰ জে, এন, সেনলৈ কিনি পঠিয়াবৰ দিহা কৰি, আমাৰ “মিছলেনিয়ছ ষ্টোৰ”ৰ দোকানৰ হিচাপ চাবলৈ গলোঁ। আবেলি বৰবজাৰলৈ গৈ আমাৰ আমদা, বাৰ্ডৰফেলা (এন্‌, আৰৰ) অফিচলৈ দুটা লোৰ পেৰা কিনি পঠিয়াবলৈ দিহা কৰিলোঁ।