পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নবম আধ্যা

 ১৯০০ খ্ৰীষ্টাব্দৰ ১৭ নবেম্বৰত কলিকতাৰ জোড়াসাঁকোৰ ঘৰত মোৰ দ্বিতীয়জনী জোৱালী শ্ৰীমতী অৰুণাৰ জন্ম হয়। সুৰভি তেতিয়া তাতে আছিল। অৰুণাৰ জন্মৰ পিছদিনা পুৱা মই জোড়াসাঁকোলৈ গলতে, লৰি আহি সুৰভিয়ে মোক কলে, —“চোৱাচোন দেউতা, ইয়াত সকলোৱে মোৰ ভনীটিক ক’লা বুলিছে। তুমি চাই যোৱাহি, তাই ক’লা নহয়; মাথোন মোতকৈ অলপ কম বগা! মই এই কথাকে লৈ আজি পুৱাৰেপৰা সকলোৰে সৈতে দ্বন্দ কৰি ফুৰিছোঁ”। মই সুৰভিৰ গালত হাত ফুৰাই মৰমকৈ তাইক কলোঁ, “মই চামগৈ এতিয়াই। আই তুমি বেজাৰ নেপাবা , তোমাৰ ভনীটি কেতিয়াও ক’লা হ’ব নোৱাৰে।”

 অৰুণা ওপজাৰ ওঠৰ দিনৰ দিনা ৰাতি ৪ ডিচেম্বৰত সুৰভিয়ে আমাক শোক- সাগৰত বুৰাই চিৰকাললৈ এৰি থৈ গুচি গ’ল।

 ইংৰাজীত এটা কথা আছে, Nothing succeeds like success অৰ্থাৎ সিদ্ধিয়ে সিদ্ধিৰ পিছ লয়। এইদৰে কলে বঢ়াই কোৱা নহব যে আমাৰ ব্যৱসায ন জোনৰ দৰে কলা কলাকৈ দিনৌ বাঢ়ি আহিবলৈ ধৰিলে। কলিকতাত কাঠৰ ব্যৱসায় কৰোঁতা দেশী মানুহৰ ভিতৰত কি মাৰোৱাৰি কি বঙালী আমাৰ ঠাই মুধচ চো চা হ'লগৈ। বাবু গিৰীশবোসৰ কথা ওপৰত উনুকিযাই আহিছোঁ। কলিকতাত কাঠৰ ব্যৱসায় কৰোঁতা সকলৰ ভিতৰত তেওঁৰ ঠাই তেতিযা টিঙত আছিল। এতিয়া তেওঁকো আমি ঢুকি পাওঁ পাওঁ যেন হলোঁগৈ। ইংৰাজী ফাৰ্ম্ম জাৰ্দ্দিন স্কীনৰ কোম্পানীৰ ঘৰত আমাৰ প্ৰতিপত্তি দেখি গিৰীশ বাবুৰ বুক কঁপি উঠিল। বৰ্মা যুদ্ধৰ সময়ত ক্ৰোড়পতি হোৱা মাৰোৱাৰী ভগৱান দাস বগুলা তেতিয়া জীয়াই নাছিল। তেওঁৰ ফাৰ্মৰো আগৰ প্ৰতিপত্তি কমি গৈছিল। চিমন্ লাল গেন্ধেৰীৱাল, মতিলাল ৰাধাকিষণ প্ৰভৃতি মাৰোৱাৰী ফাৰ্ম্মো বি. বৰুৱা কোম্পানীৰ কাষত হাত পাতিবলগীয়া অৱস্থাত পৰিলহি। কালীকৃষ্ণ প্ৰামাণিকৰ ফাৰ্ম্মৰো চাল তেতিয়া ভাটী বয়সৰ ফালে। ঈশ্বৰৰ অনুগ্ৰহত যেতিয়া আমাৰ ফাৰ্ম্মে এনে সৌভাগ্যৰ অৱস্থাৰ ফালে বাট ল’লে আমি দুয়ো পৰামৰ্শ কৰিলোঁ যে ব্যৱসায়ত, বিশেষকৈ চেগুণ কাঠৰ ব্যৱসায়ত বিশেষ পাৰদৰ্শী আৰু সকলো বিষযতে অভিজ্ঞ আৰু সকলোৰে শ্ৰদ্ধা আকৰ্ষণ কৰোঁতা বাবু অতুলকৃষ্ণ ঘোষক-যাৰ বিষয়ে আগেয়ে কৈ আহিছোঁ—যদি আমাৰ ফাৰ্মলৈ আমি আনি লব পাৰোঁ তেন্তে সোণত সুৱগা হোৱাদি হব; আৰু কলিকতাত আমাক কোনেও বলে নোৱাৰে। ইযাক থিৰ কৰি মই অতুল বাবুৰ কাণত আমাৰ মনৰ কথাটো লাহে লাহে কুহুলিয়াবলৈ ধৰিলোঁ। আগেয়ে কৈ আহিছোঁ যে মই অতুল বাবুৰ বিশেষভাৱে ভালপোৱাৰ পাত্ৰ হৈ পৰিছিলোঁ। ভোলানাথ, লক্ষ্মীনাথ এই “দুই ভাই”ৰ ওপৰত তেওঁৰ শ্ৰদ্ধা আৰু বিশ্বাসো বাঢ়ি আহিছিল। তেওঁ ভাবি- চিন্তি আমাৰ লগলৈ আহিবলৈকে সম্মত হ’ল। কালীকৃষ্ণ প্ৰামাণিকৰ ব্যৱসায়ো