পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
মোৰ জীৱন-সোঁৱৰণ

বেঙ্কৰ অস্তিত্ব আজিকালি নাই। বেঙ্কৰ সকলোবোৰ কাৰ্য্যকে মই কৰিছিলোঁ। বি. বৰুৱাৰ অনুৰোধত মই মোৰ বেজবৰুৱা (Bezbaroa) উপাধিৰ বৰ্ণবিন্যাস (spelling) সলাই এল্‌. এন্‌. বি. বৰুৱা কৰিছিলোঁ, যেনে L. N. B. Boroah। বি. বৰুৱা সহোদৰ ভাইৰ বেজবৰুৱা উপাধি কেনেকৈ হ’ব? এইটো প্ৰশ্ন যাতে ব্যৱসায়-ক্ষেত্ৰত নুঠে আৰু যাতে আমাক জনাশুনা বঙ্গালী আৰু য়ুৰোপীয়সকলৰ যাতে মনত কোনো সন্দেহ নোপজে, তাৰ দিহা এইদৰে কৰা হৈছিল। মই ব্যৱসায় সম্পৰ্কে কাকত-পত্ৰত প্ৰথমতে L. N. Boroah & Co. চহী কৰিবলৈ ধৰিলোঁ। মোৰ শহুৰৰ ঘৰৰ নিতান্ত আপোন মানুহ কেইজনৰ বাহিৰে, আনে নাজানিছিল যে শ্ৰীযুত ভোলানাথ বৰুৱাৰ সৈতে মোৰ ৰক্তৰ সম্পৰ্ক নাই। শহুৰৰ ঘৰৰ সেই- সকলে আমাৰ দুইৰো ভিতৰত তেনে মিলা-প্ৰীতি আৰু চেনেহৰ ব্যৱহাৰ দেখি ভিতৰি সন্তোষ পাই বৰ আনন্দ প্ৰকাশ কৰিছিল। বি বৰুৱাই অকল আচৰণেই নহয়, মুখৰ কথাৰেও সকলোৰে আগত তাকে সম্পূৰ্ণ ৰূপে সমৰ্থন কৰি চলিছিল। আন কি, Jardini Skinner Company-ৰ পৰা আৰম্ভ কৰি সকলোৱে আমাৰ দুয়োৰে ভিতৰত সম্পৰ্কটো তেনেকুৱা বুলিহে থিৰাংকৈ জানিছিল। বি. টি টি কোম্পানীৰ কলিকতা অফিচৰ বৰচাহাব মিষ্টাৰ জে. আৰ. ষ্টুৱাৰ্টে (J. R. Stewart) দেখা হলেই মোক সুধিছিল, “How is your brother? When is he coming to Calcutta?” ইত্যাদি। কতবাৰ ব্যৱসায়-ক্ষেত্ৰত বি. বৰুৱাই নিজ মুখেৰেই কোৱা মই শুনিছিলোঁ—“আমি দুই ভাইহে মাথোন।”

 আমি গোপীকৃষ্ণ পালৰ লেনত আৰু বলৰাম দে ষ্ট্ৰীটত থাকোঁতে, আন কি হাওড়াত ঘৰ কিনি লৈ থাকোঁতে, তাতে প্ৰথমডোখৰত বি বৰুৱাই আসামৰপৰা অহা, তেওঁৰ সম্পৰ্ক থকা বা নথকা কোনো অসমীয়া মানুহেৰে সৈতে দেখা নকৰিছিল, আন কি তেওঁক বিচাৰি আমাৰ ঘৰলৈ সেই মানুহ আহিলেও তেওঁ দেখা নিদিছিল। তেওঁৰ ককাইদেৱক শ্ৰীযুত হেমকান্ত বৰুৱা আমি বলৰাম দে ষ্ট্ৰীটত থাকোঁতে দুবাৰ নগাৱঁৰপৰা তেওঁক চাবলৈ আহিছিল। বি. বৰুৱাই তেওঁক দেখা নিদি মোৰ হতুৱাই কলিকতাৰ কালীঘাটত থোৱাই, কথাবাৰ্তা কোৱাই অলপ ধন-বিত দিয়াই ওভতাই পঠিয়াই দিছিল। হেমকান্ত বৰুৱাৰ পুতেক তেওঁৰ নিজা ভতিজা- সকলৰ প্ৰতিও তেওঁ কলিকতাত তেনে আচৰণকে কৰিছিল। সকলো সময়তে তেওঁ মোৰ আঁৰত থাকি, দূৰৰপৰা মোৰ হতুৱাই তেনেকুৱা সকলো লেঠা মৰাই চলিছিল। মোৰ লাভৰ ভিতৰত, তেওঁৰ বংশৰ সকলোৱে ভাবিছিল যে মহা স্বাৰ্থপৰ মহা ধূৰ্তং এই লক্ষ্মীনাথ বেজবৰুৱাৰ কুপৰামৰ্শ শুনিহে ভোলানাথ বৰুৱাই তেওঁলোকেৰে সৈতে তেনে ব্যৱহাৰ কৰিছিল। ইশ্বৰ সাক্ষী, মই সমূলি নিৰ্দ্দোষী আছিলোঁ। বৰং মই তেওঁৰ তেনে কাৰ্য্যত, তেওঁৰ নিৰ্দ্দেশ অনুসৰি চলিবলগীয়া হোৱাত বৰ আহুকাল আৰু অস্বস্তিহে অনুভৱ কৰিছিলোঁ। আসামৰপৰা কলিকতালৈ অহা প্ৰায় সকলোবোৰ মানুহৰ প্ৰতি, ঘাইকৈ গুৱাহাটীৰ, তেওঁৰ ব্যৱহাৰ তেনেকুৱাই আছিল। এক মাথোন ব্যতিক্ৰম ঘটিছিল শ্ৰীযুত বলিনাৰায়ণ বৰাৰ ভায়েক হৰ-