পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
অষ্টম আধ্যা

 নাৰায়ণ বৰাৰ আৰু আন দুজন-এজনৰ বেলিকা। তেওঁ তেনেকৈ চলাৰ আচল কাৰণটো যদিও তেওঁ নানা কৌশলেৰে ঢাকি থবলৈ চেষ্টা কৰিছিল, তথাপি যে মই বুজা নাছিলোঁ এনে নহয়। বুজিও, মোৰ অতি বুদ্ধিৰে সেই জ্ঞানৰ ওপৰত মূৰ্খতাৰ বৰকাপোৰ এখন দি তাক ঢাকি থৈ পোন পটিয়েদি ভাবি-মহা সুখ লভিছিলোঁ যে যদিও সেইটোও এটা কাৰণ, তথাপি ঘাই কাৰণটো হৈছে—মোৰ প্ৰতি তেওঁৰ প্ৰগাঢ় ভ্ৰাতৃস্নেহ নামৰ প্ৰেমৰ প্ৰেৰণাত, সেই প্ৰেৰণাৰ চালনাত তেওঁ নিজ বংশৰ নিজা মানুহকো বিসৰ্জন দি সেইদৰে চলিছে। কোনোবাই যদি এইখিনিতে মোক লাহেকৈ সোধে--“বেজ-বৰুৱাদেও, মূৰ্খ গছত লাগেনে?” মই তেওঁক নমস্কাৰ জনাই কম, “গছত নেলাগে দেও। কলিকতাৰ কলেজত লেখা-পঢ়া শিকি পণ্ডিত হৈ সেইজন তেওঁৰ আগতে থিয় দি আছে; আৰু সেইজনৰ নাম লক্ষ্মীনাথ বেজবৰুৱা।” মুঠতে, বিষ্ণুশৰ্মা পণ্ডিতৰ সগোত্ৰ লক্ষ্মীনাথ শৰ্মা নামৰ পণ্ডিতজন তেতিয়া সপ্তম স্বৰ্গত উঠি বহি আছিল।

 ওপৰত কৈ আহিছোঁ যে কালীকৃষ্ণ প্ৰামাণিকৰ কেলেডনীয়া ডকৰ এছিষ্টেণ্ট মেনেজাৰ বাবু; অতুলকৃষ্ণ ঘোষেৰে সৈতে আমাৰ, বিশেষকৈ মোৰ খুব বন্ধুত্ব হৈছিল আৰু সেই বন্ধুত্বই প্ৰীতিত পৰিণত হৈছিলগৈ। তেওঁ কেনে ওখ মনৰ আৰু উদাৰ প্ৰকৃতিৰ মানুহ আছিল, সেইটোৰো উল্লেখ ওপৰত কৰি আহিছোঁ। এদিন গধূলি শ্ৰীযুত ভোলানাথ বৰুৱা আৰু মই আমাৰ ঘৰৰ গাড়ীত উঠি, মোৰ জী সুৰভিক লগত লৈ অতুল বাবুৰ সৈতে দেখা কৰিবলৈ তেওঁৰ হাওড়াৰ ঘৰলৈ গৈছিলোঁ। হাওড়াত কেলেডনীযা ডকৰ ওচৰত অতুল বৰাৰ ঘৰ। বি. বৰুৱাক সুৰভিয়ে “জেঠা“ বুলি মাতিছিল। অতুল বাবু যেতিয়া আমাৰ ঘনিষ্ঠৰূপে বন্ধু হ’ল, সুৰভিয়ে তেওঁকো “হাওড়াৰ জেঠা” বলি সম্বন্ধ ধৰি মাতিবলৈ ধৰিলে। অতুল বাবুৱে সুৰভিক বৰ মৰম কৰিছিল। সেইদিনা আমি অতুল বাবুৰ ঘৰত কিছুপৰ থাকি তেওঁৰ সৈতে কথা-বাৰ্ত্তা পাতি অঁতাই, পদূলিমুখত ৰৈ থকা আমাৰ গাড়ীত যেতিয়া উঠিবলৈ গলোঁ, অতুল বাবুৱেও আগ বঢ়াই থবলৈ লগতে আহিছিল। আমি ঠিক গাড়ীত উঠিবলৈ গৈছোঁ, এনেতে হঠাৎ সুৰভিয়ে অতুল বাবুক কলে “দেখ, হাওড়াৰ জেঠা। হাওড়াটা আমাৰ ভাল লাগে। কলকাতা আৰ ভাল লাগছে না। তোমাৰ বাড়ীৰ কাছেই আমাদেৰ জন্য একটা বাড়ী কিনে নাও; আমাৰা হাওড়াৰ চলে আস্‌ব।” সেই চাৰি বছৰীয়া ছোৱালীজনীৰ কথা শুনি অতুল বাবু অবাক্‌ হ’ল। আমিও আচৰিত মানিলোঁ। অতুল বাবুৱে তাইৰ গালত হাত ফুৰাই মৰম কৰি কলে, “মা, আমি নিশ্চয় বল্ছি‌, আমাৰ বাড়ীৰ কাছেই একটা বাড়ী ঠিক কৰে দিব। দিন খাতেকেৰ মধ্যেই।” আমি গাড়ীত উঠি গুচি আহিলোঁ। বাটত আহোঁতে বি. বৰুৱাই সুৰভিক সুধিলে, “হঠাৎ সেইদৰে অতুল বাবুক কবলৈ তোমাৰ মনত কেনেকৈ খেলালে?

 সুৰভিয়ে একো উত্তৰ নিদি মিচিক্‌ কৰে হাঁহি মনে মনে থাকিল। অতুল বাবু হাওড়াত প্ৰতিপত্তিশালী (influential) আৰু জনপ্ৰিয় মানুহ