পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥ অষ্টম আধ্যা॥

 মাণিকচন্দ্ৰ বৰুৱা কোম্পানীৰ ভোলানাথ বৰুৱাই গুৱাহাটী পৰিত্যাগ কৰি আহি কলিকতাত যে কাঠৰ ডাঙৰ ব্যৱসায় কৰিছে, সেই খবৰটো কণাকণি হৈ আসামত ওলালগৈ। শ্ৰীযুত মাণিকচন্দ্ৰ বৰুৱাৰ ব্যৱসায়ত শ্ৰীযুত ভোলানাথ বৰুৱা যদিও দেখা শুনাকৈ অংশীদাৰ (partner) নাছিল, তথাপি তেৱোঁ সেই কোম্পানীৰ সম্পৰ্কত থকা মানুহ, তেওঁৰ এতিয়া ধন হৈছে, সেইদেখি তেওঁক ধৰিব পাৰিলেই কোম্পানীৰ পাওনাদাৰসকলৰ টকা ওলাব, ইয়াক ঠাৱৰ কৰি, পাওনাদাৰসকলে শ্ৰীযুত ভোলানাথ বৰুৱাকো সাঙ্গুৰি আদালতত টকা ডিগিৰি কৰালে। শ্ৰীযুত মাণিকচন্দ্ৰ বৰুৱাৰ হাতত টকা নাই; কিন্তু শ্ৰীযুত ভোলানাথ বৰুৱাৰ হাতত আছে; কাৰণ ভোলানাথ বৰুৱাই কলিকতাত নকৈ ব্যৱসায় কৰি টকা-কড়ি কৰিছে; এতেকে ডিগিৰিটো কলিকতালৈ “ট্ৰেন্সফাৰ’’ কৰি অৰ্থাৎ তুলি আনিব পাৰিলেই ভোলানাথ বৰুৱাৰপৰাই সমুদায় টকাটো উলিয়াই লব পৰা যাব, এই মতলব পাওনাদাৰবোৰে পাঙিবলৈ ধৰিলে। স্কেলেন (Scallan) নামৰ এংলো-ইণ্ডিয়ান এজনে সেই পাওনা- দাৰবোৰৰ পৰা মাজতে কিছু, টকা ঘটিবৰ মন কৰি এই বিষয়ত তৎপৰ হৈ উঠিল। স্কেলেন গুৱাহাটীলৈ গৈ সংবাদদাতা-স্বৰূপে ষ্টেট্ছ‌মেন, কাকতত এটা “পেৰেগ্ৰাফ” উলিয়ালে—তাত শ্ৰীযুত মাণিকচন্দ্ৰ বৰুৱাৰ দেনাৰ হিচাপ দি, শ্ৰীযুত ভোলানাথ বৰুৱাৰ নামটোও উল্লেখ কৰি দিলে। আসামত ৰাষ্ট্ৰ হৈ গ’ল যে ভোলানাথ বৰুৱাই মাণিকচন্দ্ৰ বৰুৱা কোম্পানীৰ টকা লৈ আহি, সেই কোম্পানীক “ফেল” কৰি, নিজে কলিকতাত ব্যৱসায় কৰিছেগৈ। বৰুৱা কোম্পানীৰ পৰা ভোলানাথ বৰুৱাই টকা লৈ আহিছিল নে নাই আৰু সেইবাবে সেই কোম্পানী ফেল হৈছিল নে নাই, এই বিষযে কোনো ভু মই নাপাইছিলোঁ আৰু লোৱাও নাছিলোঁ। আজিলৈকে সেই বিষয়ে মই একো নাজানোঁ আৰু জানিবৰ আকাঙ্ক্ষাও মোৰ হোৱা নাই। বি, বৰুৱাই সেই কথা অস্বীকাৰ কৰি নিজেই মোক যি কৈছিল সেয়ে মোৰ পক্ষে যথেষ্ট হৈছিল বুলি মই বিবেচনা কৰিছিলোঁ; কাৰণ তেতিয়া তেওঁৰ ওপৰত মোৰ অগাধ বিশ্বাস; তাৰ উপৰি তেওঁ মোৰ সহোদৰ ভাই স্থানীয়। তেওঁক মই যেনেকৈ দেখিছিলোঁ, তেনেকৈয়ে নিজৰ মানুহ যেন বিবেচনা কৰি সামৰি লৈছিলোঁ। তেওঁৰ সম্মান ৰক্ষা কৰাটোৱেই মোৰ প্ৰথম আৰু প্ৰধান কাৰ্য্য বুলি মই ভাবিছিলোঁ; আৰু তাৰ অৰ্থে সততে মই যত্নশীল হৈ আছিলোঁ।

 বি, বৰুৱা বেঙ্গল-নাগপুৰ লাইনৰপৰা মাজে মাজেহে কলিকতালৈ আহিছিল; আৰু আহিলে এদিন বা দুদিনতকৈ সৰহ দিন নাথাকিছিল। কলিকতাৰ সকলোবোৰ কাৰ্য্য দেখাৰ ভাৰ আছিল মোৰ গাত। কলিকতাত সদায় তেওঁ একপ্ৰকাৰে মোৰ গাৰ আঁৰত থাকি চলিছিল। আমাৰ ব্যৱসায়ৰ সকলো টকা-কড়ি বেঙ্কত মোৰ নামে থোৱা হৈছিল। কেইবাটাও বেঙ্কত টকা থোৱা হৈছিল, যেনে-Credit de Lyons, National Bank, Calcutta Bank, Hindusthan Bank, Hongkong & Shanghai Banking Corporation, ইত্যাদি। ওপৰত নাম দিয়া গোটাদেক