পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
মোৰ জীৱন-সোঁৱৰণ


জাগাইয়া অশ্ৰু থৰে,
স্নেহ-মন্দাকিনী ধাৰে সিঞ্চিও তাহায়।
  —শ্ৰীসৰোজকুমাৰী দেবী

 কৃষ্ণনগৰৰ যদু পাল মাটিৰ মুৰ্ত্তি আৰু “পেৰিচ-প্লাষ্টৰ”ৰ মু্ৰ্ত্তি সজাত বৰ নিপুণ আছিল। তেওঁৰ হতুৱাই পেৰিচ প্লাষ্টৰেৰে মই সুৰভিৰ মুৰ্ত্তি (bust) এটা সজাইছিলোঁ। সুৰভিৰ ছবি এখন চাই যদু পালে সেই মু্ৰ্ত্তিটো সাজিছিল। মুৰ্ত্তিটো হুবহু হৈছিল। সেই মুৰ্ত্তিটো আজিও মোৰ চ’ৰাঘৰত (বৈঠকখানাত) আছে। মই বি, বৰুৱাৰ সৈতে হাওড়াৰ ডবছন ৰোডৰ ঘৰত থাকোঁতে, মন্দিৰৰ নিচিনা সৰু পকীঘৰ এটা সজাই সেই মুৰ্ত্তিটো তাতে থৈ দিছিলোঁ। মই যেতিযা বি, বৰুৱাৰ লগৰপৰা ফাটি সুকীয়াকৈ ৰোজমেৰি লেনত ঘৰ এটা কিনি থাকিবলৈ আহিলোঁ, সেই মুৰ্ত্তিটো ডব্‌ছ‌ন ৰোডৰ ঘৰৰপৰা তালৈ লৈ আহিলোঁ, আৰু মই অহাৰ পিছতে সেই ক্ষুদ মন্দিৰটো বি, বৰুৱাই ভঙ্গাই মাটিৰে সৈতে সমান কৰি পেলালে।