আসনতে বহিলগৈ। তাই অৱশ্যে হিন্দী ভাষাত মোক সেই কথা কৈছিল, কাৰণ হিন্দী আৰু অলপ ইংৰাজীৰ বাহিৰে তাই আন ভাষা নাজানিছিল। সেইডোখৰ কালত মই সম্পূৰ্ণ চাহাবী ৰোগগ্ৰস্ত আছিলোঁ, সেইদেখি হিন্দুস্থানী আয়া ৰাখি সুৰভিক সেই আয়াৰ হাতত দি হিন্দুস্থানী ভাষা শিকোৱাই কোৱাই আত্ম-প্ৰসাদ লাভ কৰিছিলোঁ। যাওক সেই কথা।
সেই ৰাতিয়েই জোড়াসাঁকোতে সেই সোণৰ প্ৰতিমাটি হেৰুৱালোঁ। জীৱনত প্ৰথমতে আমি এই দাৰুণ শোক পালোঁ। মাকৰ আৰু মোৰ হিয়া ভাগি টুকৰাটুকুৰ হ’ল। ৰাতি শৱটো কোনে নি নিমতলা ঘাটত পুৰিলেগৈ আজিলৈকে মই ক’ব নোৱাৰোঁ, কাৰণ মোৰ তেতিয়া একপ্ৰকাৰ অজ্ঞান অৱস্থা। সুৰভিক যমৰ বুকুত দি পিছদিনা পুৱাই আমি দুয়ো জোড়াসাঁকোৰপৰা আমাৰ হাওড়াৰ শূন্য ঘৰলৈ উভতি আহিলোঁ। আমাৰ মনৰ অৱস্থা বৰ্ণনাতীত।
এই পৰিবৰ্ত্তনশীল জগতত কোনো বস্তুৱেই সদায় উগ্ৰ হৈ নাথাকে। ইংৰাজীত ক’বৰ দৰে “Time is a great healer”। লাহে লাহে আমি অনেকখিনি স্বাভাবিক অৱস্থাত পৰিলোঁহি। ভগৱদগীতা মোব জীৱনৰ সম্বল হ’ল। ঘাইকৈ গীতাৰ দ্বিতীয় অধ্যায়ৰ অষ্টাবিংশ শ্লোকটোৱে মোৰ মনটো ভালেখিনি থিৰ কৰিলে। শ্লোকটো—
অব্যক্তাদীনি ভূতানি ব্যক্তমধ্যানি ভাৰত।
অব্যক্তনিধনান্যেব তত্ৰ কা পৰিদেৱনা॥
অৰ্থাৎ প্ৰাণী বোৰ আদিতে অব্যক্ত;
মাথোন মাজতে ব্যক্ত অৰ্থাৎ প্ৰকাশিত,
আৰু মৰি গলেও আকৌ অব্যক্ত হয়।
এতেকে তাৰ নিমিত্তে শোক কিয়?
পুজনীয় ৺সত্যেন্দ্ৰনাথ ঠাকুৰৰ (ভাৰতীয়ৰ ভিতৰত প্ৰথম I.C.S, চিভিলিয়ান) জীয়েক শ্ৰদ্ধাস্পদা শ্ৰীমতী ইন্দিৰা দেৱীযে (বি, এ,), মই তলত তুলি দিয়া এই কবিতাটো সুৰভিৰ মৃত্যুত ৰচনা কৰি আমালৈ পঠিয়াই দিছিল—
সুৰভি ছিল তোমাৰ নাম,
তাই বুঝি ফুলেৰ মতন
সৌৰভ কৰিয়া বিতৰণ
দুদিনে ত্যজিলে মৰ্ত্ত্যধাম।
সে সৌৰভ চিৰদিন-ৰাত
ৰহিল মোদেৰ এই ঘৰে,
তুমি থাক দেৱতাৰ তৰে,
অমৰ অমল পাৰিজাত।
শ্ৰীইন্দিৰা দেবী
সেই কালত আমি সম্বলপুৰত মাজে মাজে ফুৰিবলৈ আহিছিলোঁ। সম্বলপুৰৰ গৱৰ্ণমেন্ট উকীল শ্ৰদ্ধাস্পদ ৺যোগেন্দ্ৰনাথ সেন এম, এ, বি, এল্ আৰু তেওঁৰ শিক্ষিতা