পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
সপ্তম আধ্যা

পেলাইছিল। তাৰ উপৰি আন আন অনেক ইংৰাজী কবিতা তাই পঢ়াৰ পিছত সুঁৱৰি অনগল মাতি যাব পাৰিছিল। তাই “Twinkle, twinkle, little star” মাতোঁতে “টুনিকোল্ টুনিকোল্ লিটোল্ ষ্টাৰ” মাতিছিল; তথাপি, গোটেইটো কবিতা ক’তো খোকোজা নলগাকৈ মাতি গৈছিল। কোনো কাৰ্য্যৰ নিমিত্তে মানুহৰ শলাগ লওঁতে ইংৰাজীৰে “Thank you” বুলিবলৈ গৈ তাই “ফেঙ্ক ইউ” বুলিছিল। তথাপি সেই ভদ্ৰতাৰ কথাষাৰ তাই কেতিয়াও ব্যৱহাৰ কৰিবলৈ নাপাহৰিছিল। তাইৰ কথাবাৰ্তা অতি মিঠা, আৰু বয়সীয়া মানুহৰ দৰে সঙ্গত (sensible) আছিল। ভয় নামৰ বস্তুটোৰে সৈতে তাইৰ চিনাকি একেবাৰে নহৈছিল। এদিন মোৰ সৈতে আৰি মাৰি সেইকণ ছোৱালীয়ে আমাৰ ঘৰৰ এটা ঘোৰ এন্ধাৰ খোঁটালীত পোন্ধৰ মিনিট সোমাই আছিল। এবাৰলৈকে কোনো ভয়ৰ লক্ষণ প্ৰকাশ কৰা নাছিল। সেই খোঁটালীত এনে আন্ধাৰ যে দিনতে চাকি নহলে তাত সোমাব নোৱাৰি আৰু চাকি নোহোৱাকৈ সোমালে ডাঙৰ মানুহৰ গা চম্ চমাই যায়। সুৰভিয়ে মোৰে সৈতে সেই আঁৰিত জিকি মোৰপৰা এটকা ৰূপ ঘটিলে। বিধিৰ নিষ্ঠুৰ বিধানত তেনেজনী ছোৱালীক তাইৰ পাঁচ বছৰ বয়সতে মই হেৰুৱালোঁ। সুৰভিয়ে আমাৰ গোটেই হিয়াখনি জুৰি আছিল। তাই আমাৰ হৃদয় চূৰ্ণ-বিচূৰ্ণ কৰি আমাক এৰি গুচি গ’ল। তাইৰ গঢ়-গতি দেখি সদায় মোৰ মনত চেবাই আছিল—যে এনেজনী ছোৱালী এই পথিৱীত থাকিলে হয়। সুৰভি জীয়াই থকাহেঁতেন আজি তাইৰ ৪১ বছৰ বয়স হ’লহেঁতেন। সুৰভিৰ মৃত্যুত ঠাকুৰ পৰিয়ালৰ আৰু তেওঁলোকৰ সকলো বন্ধু-বান্ধবৰ মুখ ক’লা পৰি গ’ল। সকলোৰে মনৰ ওপৰত যেন বিষাদৰ ক’লা কাপোৰ এখন পৰি গ’ল। মোৰ শালপতি শ্ৰীযুত আশুতোষ চৌধুৰী (পিছত হাইকোৰ্ট ৰ জজ স্যৰ আশুতোষ) ইমান গম্ভীৰ প্ৰকৃতিৰ মানুহ আছিল যে সুৰভি মৃত্যুৰ বাতৰি শুনি তেওঁৰো চকুৱেদি সৰ্ সৰ্ কৰে লো বৈ যাবলৈ ধৰিলে। মুঠতে সুৰভি আছিল a poem এটি কবিতা।

 এদিন পুৱা দেখিলে, সুৰভিয়ে সেপ ঢুকিব নোৱাৰা হৈছে। তেতিয়াই ডাক্তৰক মাতি আনিলোঁ। ডাক্তৰে ডিঙিটো পৰীক্ষা কৰি চাই ক’লে ডিপ্ থিৰিয়া ৰোগ হৈছে। তেতিয়াই দৰব-পাতিৰ ব্যৱস্থা হ’ল। সেই কালত ডিপ্ থিৰিয়া ৰোগৰ দৰব এন্টিটক্সিন যে ওলোৱা নাছিল এনে নহয়, কিন্তু আমি যিজন ডাক্তৰক আমাৰ ঘৰুৱা চিকিৎসক (family physician) কৰি ৰাখিছিলোঁ, তেওঁ নজনাৰ বাবেই হওক বা পাহৰাৰ বাবেই হওক, সেই দৰবটো আনি ব্যৱহাৰ কৰা নহ’ল। মই আৰু মোৰ গৃহিণীয়েও তেতিয়া সেইটোৰ সম্ভেদ নাজানিছিলোঁ। সেই একেদিনৰ ভিতৰতে নৰিয়া দোপতদোপে বাঢ়িবলৈ ধৰিলে। মই নিৰুপায় হৈ আবেলি সুৰভিক লৈ জোড়াসাঁকোলৈ গলোঁ। মোৰ আজিও মনত আছে, বাটত গাড়ীত যাওঁতে সুৰভি মোৰ কোলাতে ঘোঁৰাৰ ফালে মুখ কৰি বহিছিল। গঙ্গাৰ পুল (Howrah Bridge) পাৰ হওঁতেই, তাই মোক ক’লে, “দেউতা, মই সমুখৰ ফালে বহোঁগৈ; তুমি বেয়া নাপাবা; মোৰ গাত চেঁচা বতাহ লাগিছে” এই বুলি তাই উঠি গৈ মোৰ ফালে মুখ কৰি সমুখৰ