সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
মোৰ জীৱন-সোঁৱৰণ

মহাজনবোৰ জাৰ্দ্দিনৰ বেঙ্গল টিম্বাৰ অফিচত গোট খায়গৈ। বিপিনবিহাৰী দাস তাৰ হেড্‌ বাবু, আছিল। বিপিন বাবুৰ অফিচৰ খোটালীটোত বিপিন বাবুক বেঢ়ি সকলোবোৰ বহিছিল আৰু তাত কাঠ নামৰ ৰাজ-ভগনৰ কথাৰ পৰা আৰম্ভ কৰি কলথোকা বাদুলীয়ে খোৱাৰ শাৰীৰ সকলো চৰ্চা চলিছিল। বিপিন বাবুৰ কাষৰ “আড্ডা” তিনিমান বজাত ভাঙি আমি “গিলেণ্ডৰ আববুথনট কোম্পানী"ৰ কাঠৰ ডিপাৰ্টমেণ্টত বহিছিলোঁগৈ। তাৰ বৰ বাবু আছিল ক্ষেত্ৰ বাবু। তেওঁৰ ওচৰত কিন্তু বিপিন বাবুৰ কাষত হোৱাৰ নিচিনা “মজলিছ" নজমিছিল। অৱশ্যে কিছু দূৰ যে নহৈছিল এনে নহয়, কিন্তু সিমান সৰহ নহৈছিল। তাৰ পিছত জজ্জ হেণ্ডছন, মেকেঞ্জি লায়েল, ইত্যাদি কোম্পানীৰ অফিচলৈ গৈ, আমি পাঁচমান বজাত ঘৰাঘৰি গৈছিলোঁহক। তেতিযাও বি বৰুৱা কোম্পানীৰ নিজৰ নিজৰ গাডী-ঘোঁৰা নাছিল , কলিকতাৰ অফিচ নিজৰ থকা ঘৰতে আৰু আৰু অফিচ কেৰাণী-মহৰী-বিবৰ্জ্জিত।

 দুবছৰমান আমি গোপীকৃষ্ণ পালৰ লেনত থকাৰ পিছত আমি তাৰপৰা বলৰাম দেব ষ্ট্ৰীটৰ ঘৰ এটালৈ উঠি গলোঁ । কলিকতাৰ আমাৰ হেড্‌ অফিচৰ হিচাপ-কিতাপ ৰখা আৰু আন আন সৰু-বৰ সকলো কাম অকল মোৰ দ্বাৰাই সম্পাদিত হৈছিল। পানপোছৰ বৰ চাহাব হুইফিন আৰু তেওঁৰ এছিষ্টেন্টবোৰলৈ, আন কি হুইফিন চাহাবৰ হেড্‌ ক্লাৰ্ক বাবু শ্যামলাল বানুৰ্জ্জীলৈকো, সততে ফল আৰু শাক-পাচলিৰ “ডালি’ কলিকতাৰপৰা পঠোৱা হৈছিল। মই ট্ৰেমত উঠি নিউ মাৰ্কেট নাইবা বৰবজাৰৰ পোষ্ট বজাৰলৈ গৈ, কি খৰালি কি বাৰিষা, ৰাশি ফল আৰু শাক-পাচলি কিনি কুলীৰ হতুৱাই পাচিত ভৰোৱাই ওপৰত থৈলা দি সিষাই, তাৰ ওপৰত নিজ হাতে নাম লিখি, কুলীৰ মুৰত তুলি দি, কুলীৰ লগতে খোজ কাঢ়ি গৈ হাওড়া ষ্টেশ্যনত “বুক” কৰি দি ঘৰলৈ আহিছিলোঁ। এনে কাৰ্য মাহেকত মই দহ-বাৰ বাৰ কৰিছিলোঁ। একো একোদিনা সেই কাৰ্য্য কৰিবলৈ পুৱাই ওলাই গৈ, আবেলি তিনি-মান বজাতহে মই ঘৰলৈ উভতি আহিছিলোঁ। বি এন আৰৰ মুখীয়াল ফিৰিঙ্গি বা যুৰোপীয়ান কৰ্মচাৰীসকললৈকো বি বৰুৱাৰ আদেশমতে এনে “বাস্কেট” পঠোৱা হৈছিল। বৰদিন অৰ্থাৎ খ্ৰীষ্টমাচৰ সময়তে সেইটো বৃহৎ ব্যাপাৰ হৈ উঠিছিল। নিউ মাৰ্কেটৰ "কেক্‌", ফল আৰু কবি আদি শাক-পাচলিৰ "বাস্কেট" পঠোৱাৰ অন্ত নাছিল। এইবোৰ কাৰ্য্য মই অতি আনন্দ মনেবে আৰু অদম্য উৎসাহেৰে কৰি গৈছিলোঁ , কাৰণ মোৰ দৃঢ় ধাৰণা হৈছিল যে এইবোৰ আমাৰ ব্যৱসায় গঢ়ি ডাঙৰ কৰিবৰ নিমিত্তে অত্যাৱশ্যকীয়। আকৌ কওঁ, মোক এইবোৰ কাৰ্য্যত সহায় কৰিবলৈ কেৰাণী বা চাপ্‌ৰাচী এটাও তেতিয়া কলিকতাত আমাৰ নাছিল। কম খৰচতে যাতে আমাৰ ব্যৱসায় চলে সেইটোৱেই মোৰ প্ৰধান ইচ্ছা।

 অনেকে জানে আৰু বঙ্গদেশত প্ৰত্যেক শিক্ষিত পৰিয়ালৰ মানুহে জানে যে মোৰ সহধৰ্ম্মিণী ৰন্ধন-বিদ্যাত পৰিপক্ক। সৰুৰেপৰা সেই কাৰ্য্যলৈ তেওঁৰ মনৰ ঢাল। নতুন মালমছলাৰ সংযোগ-বিয়োগ কৰি তেওঁ সেইকালত অনেক ৰন্ধন-প্ৰণালী