পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
ষষ্ঠ আধ্যা

উদ্ভাৱন কৰিছিল। তেওঁ যেতিয়া আমাৰ গোপীকৃষ্ণ পালৰ লেনৰ ঘৰলৈ আহিল, স্বভাৱতে আমাৰ খোৱা-লোৱাৰ উন্নতি শ্ৰেষ্ঠৰপৰা শ্ৰেষ্ঠতম হৈ পৰিলগৈ। যদিও আমাৰ সাধাৰণ ৰকমৰ ভাত-ৰান্ধনি এটা আছিল, তাকে হাতত লৈ, তেওঁ দিনে ইংৰাজী আৰু দেশী ৰন্ধা-বঢ়াৰ সুখাদ্য আহাৰ প্ৰস্তুত কৰিবলৈ ধৰিলে। বি.বৰুৱাই সুবিধা দেখি, আমাৰ ব্যৱসায়ৰ সম্পৰ্কীয় বন্ধুলোকসকলক নিমন্ত্ৰণ কৰি আমাৰ ঘৰত খুৱাই সন্তোষ প্ৰদান কৰিবলৈ ধৰিলে। আমাৰ ছাব-কন্ট্ৰেক্টৰ বাবু আৰু তেওঁৰ কাৰ্য্যকাৰসকলৰ ভুৰি-ভোজন মাহেকত তিনি-চাৰিবাৰকৈ আমাৰ ঘৰত চলিছিল। মুঠতে কলিকতাত আমাৰ ব্যবসায়ৰ সম্পৰ্কত মোৰ গৃহিণী সূপকাৰ; আৰু ময়েই ছোট চাহাব, ময়েই মেনেজাৰ, ময়েই একাউন্টেট, ময়েই কেৰাণী ইত্যাদি। অৰ্থাৎ বঙ্গলা ভাষাত কবৰ দৰে “জুতো সেলাই থেকে চণ্ডীপাঠ পৰ্য্যন্ত।” এদিনলৈকে তেনে কাৰ্য্যত মোৰ আৰু মোৰ গৃহিণীৰ মনত বিৰক্তিৰ ভাব নুপজিছিল। তাৰ কাৰণ, বি. বৰুৱা আমাৰ নিৰহ-নিপানী ভাই, তেওঁৰ ব্যৱসায়েই আমাৰ ব্যৱসায়, তেওঁৰ মঙ্গলেই আমাৰ মঙ্গল। মুঠতে, ভোলানাথ আৰু লক্ষীনাথ হৰি-হৰ আত্মা। বাস্তৱিকতে ব্যৱসায়ত অসমীয়াৰ নাম কলিকতাৰ ফালে সৰ্ব্বতোভাৱে যাতে ডাঙৰ হৈ উঠে, এয়েই আছিল মোৰ মনৰ প্ৰবল আকাঙ্ক্ষা।

 ওপৰত গাংপুৰৰ ৰজাৰ কথা উল্লেখ কৰি আহিছোঁ। সেই কালত এই ফালৰ উডিয়া ৰজাবোৰ ইংৰাজ আমোলৰ সভ্যতাৰ হিচাপৰ ঢাপত সিমানকৈ উঠা নাছিল। তেওঁলোকৰ যদিও ইংৰাজ আৰু ঘাইকৈ বঙ্গালীক অনুকৰণ কৰিবলৈ চেষ্টা দেখা গৈছিল, তথাপি তেওঁলোক অনেক তলত পৰি আছিল। আজি-কালি অৱশ্যে সেই অৱস্থাৰ সলনি হৈ আহিছে। গাংপুৰৰ ৰজাৰে সৈতে যেতিয়া আমাৰ জনা-শুনা হ’ল আৰু তেওঁৰ ষ্টেটৰ জঙ্ঘলত আমাৰ কাম চলিল ৰজাক আৰু তেওঁৰ পুতেকহঁতক তেওঁলোকৰ লগৰীয়া দল-বলেৰে সৈতে বি বৰুৱাৰ ইচ্ছা, ৰজাক ভালকৈ বশ কৰাটো আৰু ৰজাক ৰাজকুমাৰবোৰৰে সৈতে বৰ্তমান প্ৰণালীৰ সভ্যতা শিকোৱা। সেই কাৰ্য্যৰ ভাৰ মোৰ আৰু মোৰ গৃহিণীৰ গাত পৰিছিল। মোৰ গৃহিণী ৰান্ধনিঘৰত আৰু মই বাহিৰত। আমি প্ৰাণ টাকি অতিথি-সেৱা কৰিছিলোঁহঁক। ৰজাৰ পুতেক এজাক। ৰজাৰ বৰপুতেক, মাজু পুতেক, বৰমাজু, সৰুমাজু, ইত্যাদি। বৰপুতেক যুৱৰাজ ‘টিকাযেৎ” বোলা হৈছিল। তাৰ পিছত এজন এজনকৈ এনেবোৰ নাম যথা-“মাজনুনু”, “ভুলকুনুনু” ইত্যাদি অনেক “নুনু”। মূৰত গুণাৰ বনকৰা মখমলৰ টুপী, গাত গুণাৰ বন-কৰা মখমলৰ চোলা আৰু ঠেঙাৰে সৈতে ৰজাই সন্তানবৃন্দেৰে পৰিবৃত হৈ যেতিয়া প্ৰথমতে আমাৰ গোপীকৃষ্ণ পালৰ লেনৰ ঘৰত প্ৰৱেশ কৰিলেহি, আমাৰ ওচৰ-চুবুৰীয়া বঙ্গালীসকলে উদগ্ৰীৱ হৈ আমাৰ ঘৰৰ ফালে দৃষ্টিপাত কৰিবলৈ ধৰিলে। তেওঁলোকৰ গৃহৰ অঙ্গনাসকলে ঘৰৰ খিড়িকীৰ জিলমিলি ঘনে ঘনে মেলি আৰু জপাই, জপাই আৰু মেলি জুমি জুমি নেত্ৰপাত কৰিবলৈ ধৰিলে। ল’ৰা-ছোৱালীৰ ভিতৰৰ ডাঙৰবোৰে সৰুবোৰক এইদৰে কোৱা মোৰ কাণত পৰিছিল, “আৰে ভাই পচা! দেখছিস, না এটা যাত্ৰাৰ দল।