পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
ষষ্ঠ আধ্যা

কাশী গেলে দেখতে পাব,
কত শত যোগী ঋষি।

 মানুহক নানা কৌশলেৰে বশ কৰা বিদ্যাত বি বৰুৱা বৰ পটু আছিল। বেঙ্গল টিম্বাৰ ট্ৰেডিং কোম্পানীৰ ফৰেষ্ট মেনেজাৰ আছিল মিষ্টাৰ হুইফিন্‌ ( F D Whiffin )। তেওঁৰ হেড কোৱাৰ্টাৰ আছিল বি. এন্‌ আৰৰ ৰঘুনাথ পালী বা পানপোছ ষ্টেশ্যনত। তাত হুইফিন বব চাহাব আৰু ছোট চাহাব ৰাইট (C. H. Write) আৰু দুই-চাৰিজন যুৰোপীয় এছিষ্টেন্ট। হুইফিন, “আমীৰী মিজাজ’ৰ চাহাব আছিল। টকাটো ভঙাবলৈ দিলে, তাত যদি খুচুৰা পইচা থাকে, আনকি বাৰ আনাও, তেওঁ সেইবোৰ নুচুই তাতে এৰি থৈ সিকিটো লৈ গুচি আহিছিল। তেওঁৰ এই স্বভাৱৰ সুবিধা তেওঁৰ চাকৰ-নাকৰ আৰু কেৰাণী বাবু সকলে নলৈ নেৰিছিল। পানপোছাত তেওঁ থকা ঘৰ আৰু, টোলটো তেওঁ ৰম্যপুৰী কৰি ৰাখিছিল। বিলিয়াৰ্ড খেলা টেবুলকে আদি কৰি সকলোবোৰ বিলাতী খেলাৰ আহিলা-পাতি তেওঁ তাত ৰাখিছিল। সততে বঙালী য়ুৰোপীয়সকলৰ ভোজ আৰু নৃত্য চলিছিল। টোলৰ ভিতৰতে সৰু-সুৰা “জুৱলজিকেল গাৰ্ডেন” অথাৎ বনৰীয়া জীৱজন্তু ৰখা “চিৰিয়াখানা” তেওঁ কৰিছিল। কলিকতাৰ জাৰ্দ্দিন স্কিনাৰ কোম্পানী (Zardine Skinner & Co), বেঙ্গল টিম্বাৰ কোম্পানীৰ মেনেজিং এজেণ্টছ” কলিকতাৰ হেড্‌ অফিচত বেঙ্গল টিম্বাৰৰ বৰ চাহাব আছিল ষ্টুৱাৰ্ড (G. R. Steward )। বি বৰুৱাই লাহে লাহে হুইফিন চাহাবক সন্তুষ্ট কৰি বেঙ্গল টিম্বাৰৰ তলত ঠিকাদাৰ হৈ বেঙ্গল টিম্বাৰত স্লিপাৰ যোগাবলৈ বন্দবস্ত কৰিলে। ফাইনেন্স (Finance) অথাৎ জংঘল লোৱা আৰু; স্লিপাৰ কটোৱা প্ৰভৃতি সকলো খৰচ বেঙ্গল টিম্বাৰে সপ্তাহে বি বৰুৱা কোম্পানীক দিবলৈ ধৰিলে। চন্দননগৰ নিবাসী বাবু বটুকৃষ্ণ পাল নামেৰে বঙ্গালী এজনে বি এন আৰ লাইনত ঠিকাদাৰী কৰি কিছুদিন স্লিপাৰৰ কাম কৰি আছিল। তেওঁক বি বৰুৱা কোম্পানীৰ তলত ঠিকাদাৰ (sub-contractor) কৰি লোৱা হ'ল আৰু বি. বৰুৱা কোম্পানীয়ে “ফাইনেন্স" কৰিবলৈ ধৰিলে। বটুবাবু কৰ্মক্ষম আৰু উপযুক্ত ব্যৱসায়ী মানুহ আছিল। তেওঁক পাই আমাৰ কামৰ বৰ সুবিধা হল। মুঠতে বেঙ্গল টিম্বাৰে আমাক “ফাইনেন্স" কৰে আৰু আমি বটুবাবুক আৰু আন আন সৰু সৰু ঠিকাদাৰবোৰক "ফাইনেন্স” কৰোঁ আৰু সেইদৰে সংগ্ৰহ কৰি পোৱা স্লিপাৰ বেঙ্গল টিম্বাৰক যোগাওঁ। এনে প্ৰণালীৰে কাম চলি আমাৰ ব্যৱসায় বাঢ়ি আহিবলৈ ধৰিলে। গাংপৰ এখন “ফিউডেটেৰি ষ্টেট”। গাংপুৰৰ ৰজাৰে সৈতে ভালকৈ চিনাকি হৈ বন্ধুতা কৰি, বি বৰুৱাই তেওঁৰ ষ্টেট শাল কাঠৰ ভাল জংঘল এখন বন্দবস্ত কৰি ললে। বটুবাবুক সেই জংঘলত কাম কৰিবলৈ দিয়া হ'ল। বি বৰুৱা বি এন আৰ লাইনত দিনে-ৰাতিয়ে টাকুৰী ঘূৰাদি ঘূৰিবলৈ ধৰিলে। মই ঘাইকৈ, কলিকতাৰ য়ুৰোপীয় আৰু দেশী ব্যৱসায়ীসকলৰ “ফাৰ্ম"বোৰত ঘূৰিবলৈ ধৰিলোঁ। জাৰ্দ্দিন কোম্পানীৰ অফিচলৈ যোৱাটো মোৰ দৈনিক কাম আছিল। দুপৰীয়া একমান বজাৰপৰা কাঠৰ ব্যৱসায় কৰোঁতা দেশী