পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
তৃতীয় আধ্যা

চাহাব। পঢ়িছিলো ভালকৈ। তথাপিও তাত “ফেল”ৰ মাৰ খালো কিয়? কওঁ শুনা। তাত “এংলো-ছেক্সন” অসভ্য (অৱশ্যে “সভ্য” মোৰ পক্ষেহে) পদাৰ্থ (subject) এটা আছিল। তাৰে সৈতে মোৰ একোতে ৰাহি নাহিছিল। সেইদেখি মই তাক অগ্ৰাহ্য কৰি একপ্ৰকাৰ এৰি দিছিলো। ফলত সিয়েই মাৰিলে, মোৰ মুৰত মাৰ-ঘাত টাঙোন। মই টাঙোন খাই, টনি চাহাবৰ কাষত মোৰ দুখ নিবেদন কৰিছিলো। তেওঁ মোৰ দুখত দুখ প্ৰকাশ কৰিলে; আৰু তাতে তাৰ ওৰ পৰিল। যি বস্তুটোক মানুহে তুচ্ছ বুলি অগ্ৰাহ্য কৰে, সিয়েই বৰ হৈ তাক এসেকা দিয়ে। কংসই কৃষ্ণক গৰখীয়া ল’ৰা বলি তুচ্ছ তাচ্ছিল্য কৰি কৃষ্ণৰ হাততে প্ৰাণ এৰিলে। ৰাৱণে নৰ আৰু বান্দৰক অগ্ৰাহ্য কৰি, নৰ আৰু বান্দৰৰ হাততে সোণৰ লঙ্কাপুৰী, নিজৰ কুৰিটা চকুৰে আৰু কুৰিটা হাতেৰে সৈতে দহোটা মূৰ হেৰুৱালে। এয়েই “মৰেল্”, অৰ্থাৎ পিণ্ডিতাৰ্থ।