ব্যৱহাৰত মুগ্ধ হৈ গলোঁ। দিনে দিনে তেওঁ মোৰ মনৰ চাৰিওটা ঢাপ ভালকৈ অধিকাৰ কৰিবলৈ ধৰিলে। সাংসাৰিক জীৱন-যাত্ৰা নিৰ্ব্বাহত তেওঁ পকা জুনা নাৰিকলটো যেন, আৰু মই কেঁচা ডাব। মোৰ সম্বল—কলেজত সংগ্ৰহ কৰা “পুস্তকস্থা বিদ্যা”, আকাশত চাং আৰু, অদূৰদৰ্শিতা। তেওঁৰ সম্বল জীৱন-যুদ্ধত যুঁজি- বাগি সংগ্ৰহ কৰা ব্যৱহাৰিক জ্ঞানৰ অভিজ্ঞতা আৰু বহুদৰ্শিতা। এনে বিপৰীত ধৰ্ম্মাৱলম্বী পদাৰ্থৰ ৰাসায়নিক সম্মিলন ঘটে, অৱশ্যে ভাল ৰাসায়নিক পণ্ডিতৰ হাতত। যি হওক, দুইৰো ভিতৰত বন্ধুতা আৰু সৌহাৰ্দ্দ্যৰ ঘনিষ্ঠতা শীঘ্ৰে সংঘটিত হ’ল। “ম’হতকৈও শিং চৰা” বোলা কথা এষাৰ অসমীয়াত আছে। তেতিয়া মোতকৈও মোৰ চাহাবী চৰা আছিল। সেইদেখি বৰুৱা ডাঙৰীয়াই প্ৰথম দিনাৰেপৰা মোক চাহাব চাহাব বুলি মাতিবলৈ ধৰাত মই বৃথা গৰ্বৰ টিঙত উঠি আত্মপ্ৰসাদ লাভ কৰিবলৈ ধৰিলোঁ। “জোনাকী”ত ওলোৱা মোৰ লেখাবোৰ পঢ়ি আগৰেপৰা মোৰ গঢ়-গতি, স্বভাৱ অনেকখিনি তেওঁ জানি থৈছিল। এতিয়া মোৰ সৈতে একেলগে থাকি বাকীখিনি তীক্ষবুদ্ধি-সম্পন্ন তেওঁৰ বুজিবলৈ পলম নালাগিল। খুহুটীয়া গল্প, ৰঙিয়াল কথা আৰু ঘাইকৈ লোকৰ মন আকৰ্ষণ কৰিব পৰা কথা আৰু ব্যৱহাৰেৰে তেওঁ মোক বশ কৰি পেলালে; মোৰ হৈ যোৱা বিয়া বিষয়তো তেওঁৰ উদাৰ মন্তব্য আদিয়ে মোৰ মনৰ প্ৰসন্নতা বৰকৈ বঢ়ালে; কাৰণ, সেই কাৰ্য্যৰ তীব্ৰ মন্তব্যহে অহুকাণে পহুকাণে মই শুনিবলৈ পাইছিলোঁ।
আমি একেলগে থকাৰ পোন্ধৰ দিনমানৰ পিছতে তেওঁ নৰিয়া পৰিল। সেই নৰিয়া দীঘলীয়াকৈ দুমাহমান আছিল। তেওঁ একপ্ৰকাৰ শষ্যাগত। সেই সময়ত মই বি, এল্, পৰীক্ষা দিবলৈ সাজু হৈছিলোঁ। পৰীক্ষালৈ অলপ দিনহে বাকী আছিল। পৰীক্ষাৰ কিতাপ পঢ়া কাৰ্য্য একতীয়াকৈ থৈ মই একাণপতীয়া হৈ তেওঁৰ পতি কৰিবলৈ লাগিলোঁ। সেইটোৱেই তেনে অৱস্থাত মোৰ কৰ্তব্য বুলি মোৰ ডাঠ বিশ্বাস হৈছিল। তেৱোঁ দিনে-ৰাতিয়ে প্ৰায় সকলো সময়তে মোক তেওঁৰ নৰিয়া-পাটীৰ কাষত বিচাৰিছিল। বিশ্ববিদ্যালয়ৰ পৰীক্ষা “পাছ” কৰা কাৰ্য্যত মই যে বৰ কাঠিয়ক ছাতৰ নাছিলোঁ, সেইটো মোৰ সম-সাময়িক শালচকুৱা সকলোৱেই দেখিছিল, মই নিজেও জানিছিলোঁ আৰু সেই জ্ঞান মোৰো কোনোকালে লুপ্ত হোৱা নাই। পৰীক্ষাত কোনোমতে কাণে কাণ মাৰিহে সাৰি যোৱা ছাতৰ মই। গতিকে এনে মৰামৰি কালতে এনে ব্যাপাৰ মোৰ পক্ষে সাংঘাতিক হৈ উঠিল। ফলত যি হবলগীয়া পেয়ে হ’ল। অৰ্থাৎ মই বি, এল, পৰীক্ষাত “স-সন্মানে ফেল মাৰিলোঁ।” বি, এল্, পৰীক্ষাত ঘটা বিৱৰণ আজি নিদি পিছৰ আধ্যালৈ থলোঁ। কিন্তু এম, এ, পৰীক্ষাৰ কথাটো আজিৰ আধ্যাতে কৈ থওঁ; কাৰণ দুইটা পৰীক্ষা সম্বন্ধত শালপতিয়েক বুলিব পাৰি। বি, এলৰ পিছত এম, এ, দিবলৈকো পৰীক্ষাৰ ঘৰত মই বহিছিলোঁ; আৰু কেয়োদিন ককাঁলত কমৰ বান্ধি দিছিলোঁও। কিন্তু “একে গছৰ পাণ, সি কিয় হব আন”—তাতে সসম্মানে ফেল। ইংৰাজী সাহিত্যত এম এ দিছিলোঁ। মোৰ অধ্যাপক আছিল, ইংৰাজী সাহিত্যত বিদ্যাৰ-জাহাজ চাৰ্লচ টনি