॥ চতুৰ্থ আধ্যা ॥
(এই আধ্যা আৰম্ভ কৰাৰ আগতে আৰু এটা শুধৰণী ব্যাপাৰ সমুৰ্পস্থিত। এইবাৰ আমাৰ গৃহিণীৰ ফালৰপৰা। তেওঁ ইমান দিনে মোৰ জীৱন-সোঁৱৰণৰ দ্বিতীয় আধ্যা পঢ়িছিলনে নাই মোৰ জনা নাছিল। আজি বহি মই লিখিবলৈ কাপ ধৰিছোঁ মাথোন, এনেতে তেওঁ মোৰ পিঠিৰফালে থিয় দি, “মেঘৰ গভীৰ ধ্বনি দিলে সমিধান”—“তোমাক কোনে ক’লে আমাৰ ‘পুণ্য’ কাকতখন মাথোন এবছৰ চলিছিল বুলি? ‘পুণ্য’ তিনি বছৰ ভালকৈ চলাৰ পিছতহে বন্ধ হৈছিল।” কথাষাৰ শুনি প্ৰথমতে মই উচাপ খাই উঠিছিলোঁ। তাৰ পিছত ভালকৈ ভাবি দেখিলোঁ হয়, তেওঁৰ কথাই ঠিক। মই মোৰ ভুল স্বীকাৰ কৰি সেইটো শুধৰাই দিবলৈ তেওঁক প্ৰতিশ্ৰুতি দিলোঁ। তাৰ পিছত, তেওঁৰপৰা প্ৰশ্ন আহিল, “তোমাৰ জীৱন-সোঁৱৰণত আমাৰ ভিতৰৰ ঘৰুৱা কথাবোৰ লেখিছা কিয়? যেনে—সপ্তপদী গমনৰ পিছত?”
মই সুধিলো, “সেই হাস্যৰসফেৰিৰ কথা কৈছানে? তুমি মোৰ তেনে দায় মাজে-সময়ে মৰিষণ কৰিব লাগিব। লেখিবৰ সময়ত মই ঘৰুৱা আৰু পৰুৱা কথা বাছি সুকীয়াকৈ উলিয়াব নোৱাৰোঁ, এয়ে মোৰ দোষ। সেইদেখি এনে বিভ্ৰাট ঘটিছে; আৰু আগলৈকো যে নঘটিব, সেইটো গা দাঙি মই ক’বও নোৱাৰোঁ। সেইবাবে বতৰৰ কথাষাৰ বতৰতে কৈ থলো। তোমালোকে মোৰ ভুল শুধৰাই দিলেই, আলহীও ৰব, চাউলো সিজিব আৰু গহস্থৰ অধৰমো নহব; এই কথা।)।
মই বি-এল, পৰীক্ষাত “সসম্মানে ফেল” হোৱা কাৰণটো কওঁ “আমি পৰীক্ষা দিয়াৰ পিছত “ছিণ্ডিকেটে মিটিং” কৰি বি-এল, পৰীক্ষাৰ “পাছ” মাৰ্কৰ থোপটো আৰু ওখ কৰি দিলে। আমি পৰীক্ষাত পোৱা নম্বৰে সেই থোপটো ঢুকি নোপোৱা হ’ল। অৱশ্যে পুৰণি নিয়মমতে আমি যি মাৰ্ক পাইছিলো সি আগৰ থোপটোত উঠিছিলগৈ আৰু সেই দেখি পৰীক্ষাত উঠিছিলোও। মোক লৈ প্ৰায় ৩০ জন ছাতৰ সেইদেখি ন নিয়মমতে “ফেলৰ” গাঁতত পৰিছিল। এই ৩০ জনৰ ভিতৰত কেইবাজনো ভাল ছাতৰ আছিল আৰু তেওঁলোক কলিকতাৰ অতি সাম্ভ্ৰান্ত ধনী মানুহৰ ঘৰৰ সন্তান। কলিকতা বিশ্ববিদ্যালয়ৰ ছিণ্ডিকেটৰ এনে মইমতালি দেখি আমি জঁকি উঠিলোঁহক। দিনৌ ভবানীপুৰত সেই ছাতৰ কেইজনৰ দেউতাক সকলৰ ঘৰত বৰ-চৰাত আমাৰ মেল বহিবলৈ ধৰিলে। ‘ছিনেট’ৰ সভ্য স্যৰ ৰমেশচন্দ্ৰ মিত্ৰ, ডবলিউ,চি বানুৰ্জ্জী, মনোমোহন ঘোষ বেৰিষ্টাৰ প্ৰভৃতিয়ে আমাৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি আমাক সহায় কৰিছিল। আমাৰ বিপক্ষে ছিণ্ডিকেটৰ মেম্বৰ স্যৰ ৰাসবিহাৰী ঘোষ, কালীচৰণ বানুৰ্জ্জী, আশুতোষ মুখুৰ্জ্জী (পিছত স্যৰ) প্ৰভৃতি। আমি কলিকতা হাইকোৰ্টত কলিকতা য়ুনিভাৰ্ছিটিৰ ওপৰত মোকাৰ্দ্দমা কৰিবলৈ থিৰ কৰিলো, যাতে য়ুনিভাৰছিটিয়ে আমাক ‘পাচ কৰা’ ছাতৰৰ তালিকাৰ ভিতৰত সুমাই