পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
দ্বিতীয় আধ্যা

 বৈকুুুুুুণ্ঠনাথ নামৰ এজন বৃৃৃৃদ্ধ বঙ্গালী ভদ্ৰলোক ১০ নম্বৰ আৰ্ম্মেনিয়ান ষ্ট্ৰীটলৈ মাজে-সময়ে যোৱা মই দেখিছিলোঁ। তেওঁ ডাঙৰীয়া হৰিবিলাস আগৰৱালাৰ কিছুদূৰ প্ৰিয়পাত্ৰ আছিল ; সেই দেখি পুতেকসকলেও তেওঁক ভাল পাইছিল৷ বৈকণ্ঠ বাবু জোড়া-সাঁকোৰ ঠাকুুৰ পৰিবাৰৰ ভিতৰতো ঘুৰি ফুৰা উপাসক শ্ৰেণীৰ মানুহ আছিল। গুৰিতে কেনেকৈ মই নাজানো, তেৱেঁই “ঠাকুৰবাড়ী”ত মোৰ বিবাহৰ প্ৰস্তাৱটো আনি মাজিউৰ আগত “পেচ” কৰিলে। তাৰ পিচত ঘটা নানা বিষয় কথাৰ ভিতৰলৈ নগৈ, চমুকৈ কওঁ যে “ঠাকুৰ বাড়ী”ত মোৰ বিবাহ একপ্ৰকাৰ স্থিৰীকৃত হ'ল। সেই বিষয়ে বিচাৰ, বিবেচনা, সিদ্ধান্ত আৰু সংকল্পত মোৰ প্ৰিয়তম বন্ধু “মাজিউ” আৰু “হেম গোসাঁই” মোৰ সোঁহাত আৰু বাওঁহাত আছিল। আৰু এজন চকা চমকাকৈ দূৰত আছিল, তেওঁৰ নাম যজ্ঞেশ্বৰ নেওগ৷ অৱশ্যে তেওঁ আমাৰ ভিতৰুৱা বৃত্তৰ বাহিৰত।

 যি কন্যাটিৰে সৈতে মোৰ বিয়াৰ কথা হ'ল, তেওঁৰ “ফটোগ্ৰাফ” অৰ্থাৎ ছবি এখন মোৰ হস্তগত হ'ল। তেওঁৰ বিদ্যা, বুদ্ধি, গুণ, শীলৰ বৰ্ণনাও মোৰ কৰ্ণগোচৰ হ'ল। ঈশ্বৰে জানে কিয়—মোৰ মনে তেওঁক মোৰ জীৱনৰ সহচৰী সহধৰ্ম্মিণী স্বৰূপে বৰণ কৰিলে। তেওঁৰ সেই ছবিটোৱে মোৰ মূৰ-শিতানৰ গাৰুটোৰ তলত ঠাই ল'লে৷ দিনে দিনে মোৰ মনৰ সংকল্প দৃঢ় হৈ আহিল। আজি-কালিৰ শিক্ষিত-শিক্ষিতা ডেকা ডেকেৰীসকলে শুনি Shocked নহ'লেও আচৰিত মানিব যে বিয়াৰ আগ মুহূৰ্ত্তলৈকে আমাৰ ভিতৰত “কোৰ্টশ্বিপ” অৰ্থাৎ বিয়াৰ উমেদাৰি চলা নাছিল, পৰস্পৰৰ চিত্তাকৰ্ষণৰ নিমিত্তে মায়াৰ খেলৰ ভাৱনা কৰা হোৱা নাছিল; পূূূূূূূূৰ্ব্বৰাগৰ উমা জুইকুৰা ফুৱাই ফুৱাই জ্বলোৱা হোৱা নাছিল; কাৰণ আমাৰ দুয়োৰো তেনেকুুুৱা বস্তুলৈ কোনো আগ্ৰহ নাছিল, থকাহেঁতেন সেই ভাৱনা সমাপিত হোৱাত কোনো ব্যাঘাতো নহ'লহেঁতেন; কিয়নো, সেই পৰিবাৰত মৰ্য্যাদা, সম্মান আৰু শীলতা ৰাখি তেনে কাৰ্য্য একেবাৰেই নিষেধ (taboo) নাছিল। মই তেওঁক চিত্ৰত দেখিলোঁ সুন্দৰী আৰু বিশ্বস্ত লোকৰ বৰ্ণনাত শুনিলোঁ সুন্দৰী, সুশীলা আৰু ঘাইকৈ ধৰ্ম্ম-প্ৰৱণা;—সেয়েই মোৰ নিমিত্তে প্ৰচুৰ।

 এই পৃথিৱীখন যে প্ৰতাৰকৰ পৃথিৱী, এই ধাৰণা মোৰ কেতিয়াও হোৱা নাই আৰু কিজানি নহয়ো৷ প্ৰতাৰক অৱশ্যে আছে; কিন্তু ইমান সহজ নহয় যে ধনিষ্ঠ আৰু ন্যায়ৱন্তসকলক সিহঁতে উটাই নিব পাৰে।

 এইখিনিতে কোনোবাই মোক সুধিব পাৰে, যে “তুমি ইয়াৰ আগতে ঢোলৰ মাৰিডাল হাতত লৈ ইমানকৈ যে বজাই কৈছিলা যে তুমি নিজে আৰ্জ্জি খাব পৰা নহলে বিয়া নকৰোৱা; সেই কথাষাৰ কোনটো আধাৰ তললৈ গ'ল? মই উত্তৰ দিম,—"ঠিক কৈছা মোৰ ভাইটি! সি মোৰ আখলত থকা বৰ আখাটোৰ তললৈকে গ'ল। কিন্তু মই ইচ্ছা কৰি মোৰ তালৈ পঠিওৱা নাছিলোঁ; বাহিৰত বলা বলী বতাহৰ ঢৌৱে কোবাই নি তাৰ তেনে গতি কৰিলে। “Man proposes, God disposes" বোলা ইংৰাজী কথাষাৰ পাহৰিলে নচলিব৷ ঈশ্বৰৰ ইচ্ছাৰ আগত আমি বালি-চাহী৷