পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
মোৰ জীৱন-সোঁৱৰণ

নৰমনিছৰ ইচ্ছা কোন কূটা? আসামতো মোৰ বিয়াৰ প্ৰস্তাৱৰ প্ৰৱল ঢৌৰ কোব ইমানকৈ উঠিছিল আৰু তাক চালনাৰ ভাৰ মোৰ পুজনীয়া মাতৃদেৱী আৰু ভ্ৰাতাসকলে এনেকৈ কৈছিল যে সেই ঢৌৱে কোবাই অচিৰতে মোৰ বিয়াৰ বিৰোধী সংকল্পৰ তিল-ফুল কলপটুৱা সোপাকে যে এদিন উটাই লৈ যাব সেইটো মোৰ মনত চেবাই আছিল। আকৌ সেই দেখি কওঁ-ঈশ্বৰৰ ইচ্ছাত সকলো হয়। There is Divinity even in the fall of a sparrow—মহাকবি শ্বেক্সপীয়েৰৰ কথা। অসমীয়া বুঢ়া মানুহৰ কথা হৈছে,—“যি পূৰ্ব্বে জন্মত যাৰ তিল-মাহ খাই আহিছে, তাৰে সৈতে সেইজনৰ বিয়া।”

 ১৮৯১ খ্ৰীষ্টাব্দত মহা মহা বাৰুণীত পিতৃদেৱতাই মোৰ মাতৃদেৱী আৰু দুজন পুতেকেৰে সৈতে গঙ্গাস্নান কৰিবলৈ কলিকতালৈ আহিছিল। মই মেডিকেল স্ট্ৰীটত এটা ঘৰ ভেৰোণীয়াকৈ লৈ তেওঁলোকক তাতে থাকিবলৈ দিহা কৰি দিছিলো; তেওঁলোকে কলিকতা পোৱাৰ পিছদিনাই মোৰ কাণ সমনীয়া সৰু ভাই লক্ষ্মণ তাতে মাউৰত পৰিল আৰু বাৰ ঘণ্টাৰ ভিতৰতে ঢুকাল। আমি কি শোক-সাগৰত বুৰিলোহঁক অন্তৰ্য্যামীজনেহে জানে। লক্ষ্ণণক কান্ধত লৈ নিমতলা ঘাটত পুৰি আহিলোগৈ। মাতৃদেৱী শোকত জলকা লাগিল। পিতৃদেৱতা যদিও আন্তৰিক শোকত ম্ৰিয়মান হৈছিল, তথাপি তেওঁ ধৈৰ্য্য ধৰি নিজক থিয় ৰাখি আমাক সান্তনা দিবলৈ ধৰিলে। গঙ্গাগোবিন্দ ফুকন (জি, জি, ফকন) বেজবৰুৱা পৰিয়ালৰ চিৰকলীয়া বন্ধু। তেওঁ ওৰে ৰাতি লক্ষ্মণৰ নৰিয়াত পৰ দি আছিল লক্ষ্মণৰ মৃত্যুত শোক সামৰিব নোৱাৰি, সেই গহীন গম্ভীৰ পুৰুষজনে তিৰোতাই কন্দাদি যেনেকৈ কান্দিছিল, সেই হৃদয়-বিদাৰক দৃশ্য আজিলৈকে মোৰ মনত আছে।

 পিতৃদেৱতাই যদিও আমাৰ শোকৰ বাহ্যিক কাৰ্য্যাৱলীত যোগ দিয়া নাছিল তথাপি মোৰ বুজিবলৈ বাকী নাছিল যে, তেওঁৰ হিয়া চুচুৰ্মৈ হৈ গৈছিল। লক্ষ্মণৰ মত্যুত তেওঁৰ জীৱনৰ এক মাথোন আশাৰ পুলিটি সমূলঞ্চে বিনষ্ট হ’ল। পাশ্চাত্য শিক্ষাই তেওঁৰ আনবোৰ ল’ৰাৰ বিপৰ্য্যয় ঘটোৱা দেখি তেওঁ পুৰণি আসামৰ চিৰপ্ৰৱাহিত শিক্ষা-দীক্ষা আৰু ঘাইকৈ আমাৰ বংশত অসমৰ “বুঢ়াভগনীয়া ৰজা”ৰ দিনৰেপৰা ধাৰাবাহিক ৰূপে চলি অহা আয়ুৰ্ব্বেদিক বিদ্যা অক্ষুন্ন ৰাখিবৰ মনেৰে পিতৃদেৱতাই অতি যত্ন কৰি নিজৰ মনৰ নিচিনাকৈ শিক্ষা দি লক্ষ্ণণকে প্ৰস্তুত কৰিছিল। তেওঁৰ চকুৰ আগতে সেই লক্ষ্মণৰ মৃত্যু। গঙ্গাগোবিন্দ ফুকনক তেওঁ এষাৰ মাথোন কথা কৈছিল, “ঈশ্বৰৰ ইচ্ছা যে আসামত আমাৰ বংশত অত কালৰপৰা প্ৰচলিত আয়ুৰ্ব্বেদ বিদ্যা লোপ পাব লাগে।”

 বাৰুণীত স্নান কাৰ্য্যাদি সমাপন কৰি পিতৃদেৱতা সপৰিবাৰে অসমলৈ উভতি গ’ল; তাৰ এমাহমানৰ পিছতে, মোৰ বৰককাইদেও গোবিন্দচন্দ্ৰ বেজবৰুৱাৰপৰা এদিন হঠাৎ এখন টেলিগ্ৰাম পালো, যথা—“Your marriage settled with - s daughter, come immediately.” অৰ্থাৎ অমুকৰ জীয়েকেৰে সৈতে তোমাৰ বিয়াৰ