ডাঙৰীয়া হৰিবিলাস আগৰৱালাৰ পৰিয়ালেৰে সৈতে আমাৰ ঘনিষ্ঠ বন্ধুুুুত্ব আছিল। সুখৰ বিষয়, আজিও আছে। আগৰৱালা ডাঙৰীয়াৰে সৈতে এসময়ত মোৰ বৰ ককাইদেও গোবিন্দ বেজবৰুৱাই মহীশুৰ পৰ্য্যন্ত প্ৰায় গোটেই ভাৰতত ভ্ৰমণ কৰিছিল আৰু সম্ভৱতঃ আগৰৱালা ডাঙৰীয়াৰ খৰচতে। মই কলিকতালৈ অহাৰ পিছতে, তেখেতৰ মাজু পুতেক মোৰ সমান বয়সীয়া শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাৰ সৈতে মোৰ এনে বন্ধুত্ব হয় যে তাত এটোপাও পানী সৰকিব নোৱাৰিছিল। আজি আমি দুয়ো বুঢ়াৰ নিচিনা হলোহক তাত ফাকটি নাই, দুয়োৰো জীৱনত অলেখ পৰিৱৰ্তন ঘটিল; কিন্তু ঈশ্বৰৰ কৃপাত সেই বন্ধুত্বৰ পৰিৱৰ্তন আজিলৈকে চুলি এডালৰ সমানো ঘটা নাই আৰু ঘটিবৰ ভয়ো মোৰ মনত নাই। কেতিয়াবা ঘটে যদিও, সি আৰু গোটহে মাৰিব বুলি মোৰ বিশ্বাস। ইংৰাজী সাহিত্য-চৰ্চ্চা, সংস্কৃত সাহিত্য-চৰ্চ্চা আৰু ঘাইকৈ অসমীয়া ভাষা আৰু সাহিত্য উন্নতিৰ হাবিলাসেই, জয়জয়তে আমাৰ ভিতৰত বন্ধুত্বৰ সুত্ৰপাত কৰে। তাৰ ফলত ‘জোনাকী’ নামৰ মাহেকীয়া কাকতৰ জন্ম আৰু বৃদ্ধি হ’ল। কিছুকালৰ পিছত তাৰ যি ক্ষয়টো হৈছিল সি আমাৰ হাতৰপৰা গৈ। মিষ্টভাষী হাঁহি-মুখীয়া চন্দ্ৰ কুমাৰে প্ৰথম দৰ্শনতে মোৰ মন অধিকাৰ কৰি পেলালে। ইংৰাজীত “love at first sight” বোলাৰ নিচিনা কথাই। সেই দিন ধৰি আজিলৈকে সেই বন্ধুুুুুত্বও চিঁচিঁৱা নাই। চিঁচিঁৱা শব্দটো ব্যৱহাৰ কিয় কৰিলো, তাৰ কাৰণ, লোকৰ এষাৰ কথা আছে যে, “তিনি কুৰি বছৰৰ মূৰতহে খোলাকাটিয়ে চিঁচিঁয়ায়” অথাৎ খোলা disintegrate হবলৈ অৰ্থাৎ জহি যাবৰ ফালে যাবলৈ, কমপক্ষেও তাৰ তিনি কুৰি বছৰ লাগে, সি এনে এটা টান বস্তু। এতেকে আমি দুয়ো জীয়াই থকা কাল-ডোখৰত আমাৰ বন্ধুত্বৰ চিঁচিঁয়াৰ কোনো আশঙ্কা নাই।
কলিকতাৰ বৰবজাৰত অৰ্ম্মেনিয়ান স্ট্ৰীটৰ ১০ নম্বৰ ঘৰটো হৰি বিলাস আগৰৱালা ডাঙৰীয়াৰ বাণিজ্য-ব্যৱসায়ৰ আৰু বাসস্থানৰ "কুঠী” আছিল। এজন অসমীয়াৰ কলিকতাত তেনে এটা বৰ কুঠী বৰবজাৰত থকা দেখি মোৰ মনটো জাতীয় গৌৰৱত ওফন্দি পৰিছিল।
চন্দ্ৰকুুুমাৰ হৰিবিলাস আগৰৱালা ডাঙৰীয়াৰ মাজু পুতেক, সেই দেখি তেওঁলোকৰ ঘৰৰ সকলোৱে তেওঁক “মাজিউ” বুলি মাতে; ময়ো সেই মাতকে ললোঁ। আজি পৰিমিত মোৰ মুখত সেই মাত আৰু তেওঁৰ মুখত মোৰ প্ৰতি ওলোৱা “বেজ”মাতে দেনা-পাওনা সমান কৰি থৈছে। মই আহৰি পালেই ১০ নম্বৰ আৰ্ম্মেনিয়ান স্ট্ৰীটলৈ তিক তিক কৈ লগ ধৰো; আৰু, তেওঁ আহৰি পালেই মই থকা ঠাইত ওলায়হি। মুঠতে আমি দুটালৈ ভিতৰত বন্ধুত্বাৰ বাণিজ্যত “বিলাত বাকী” পৰিবলৈ নিদিছিলোঁ। মাজিউৰ ঘৰত আমাৰ মুখত সাহিত্য চৰ্চ্চা, পেটত নানাবিধ আহাৰ চৰ্চ্চা চলিছিল, এই মাথোন প্ৰভেদ। কিছু দিনৰ পিছত বন্ধুবৰ (পণ্ডিত) হেমচন্দ্ৰ গোস্বামীও আমাৰ ভিতৰত সোমাল আৰু, আমি নিৰহ-নিপানীকে ত্ৰিনিটি হলোঁহক অৰ্থাৎ একেই তিনি, তিনিয়েই এক।