একেদিনাই গঙ্গাস্নান কৰি আহিব পাৰিলেহেঁতেন, যদি তাৰ সগোত্ৰ জ্ঞাতি-ভাইবোৰে বাটতে তাক লগ পাই আমনি নকৰিলেহেঁতেন। এইটো মই মনে পাতি কোৱা কথা নহয়; আমাৰ অসমত পুৰণি কালৰেপৰা চলি অহা প্ৰবাদ। সেই দেখিহে মোৰ সগোত্ৰ কাশ্যপ-গোত্ৰীয়। চাটুৰ্জ্জী জ্ঞাতিৰে সৈতে মাজে মাজে মোৰ বাটকেৰা লাগিছিল। ষ্টাৰ থিয়েটাৰৰ ভাৱৰীয়া চাটুৰ্জ্জীজন “কমিক্ এক্টৰ” অৰ্থাৎ ধেমেলীয়া ভাও দিয়াত বৰ পটু আহিল। ধেমেলীয়া ভাওৰ ফালে সদায় মোৰ পক্ষপাত থকা কথাটো আনে নাজানিলেও মই জানোঁ। সেই দেখি মই সেই চাটুৰ্জ্জীৰে সৈতে মাজে সময়ে চিনাকি হৈছিলোঁ। এদিন কলিকতাৰ শ্যামবজাৰ ষ্ট্ৰীটত থকা, মোৰ বঙ্গালী বন্ধু, এজনৰ ঘৰত বহি মই কথা-বাৰ্ত্তা পাতি থাকোঁতেই ষ্টাৰ থিয়েটাৰৰ চাটুৰ্জ্জী ভাৱৰীয়াক তাতে ওলোৱাগৈ দেখিছিলো। তেওঁ আগেয়ে মোৰ চিনাকি ভাবি, মই তেওঁৰে সৈতে কথা কবলৈ ধৰিলো আৰু সেই কথাৰ মাজত ষ্টাৰত তেওঁ বিতোপন ভাও দিয়াৰ কথা উলিয়ালো। তেওঁ অবাক হৈ মোৰ মুখৰ ফালে চাই আছিল। মোৰ কথাৰ সোঁত বন্ধ হলত, তেও লাহেকৈ উঠি গুচি গ’ল। যাবৰ সময়ত কৈ গ’ল, “মশায়, আপুনি ভুল কৰেছেন, আমি ষ্টাৰে একটিং কৰি না।” মই কাঁহ পৰি জীণ গলো। পিছত মোৰবন্ধুজনে ক’লে যে “থিয়েটাৰত একটিং কৰাজন এওঁ নহয়; এওঁ তেওঁৰ ভায়েক, আৰু দুয়ো যঁজা। আপুনি কৰাৰ নিচিনা ভুল অনেকে কৰে।” মই উশাহ পাই মোৰ বন্ধুক প্ৰশ্ন কৰিলো, “এওঁলোক দুইজনৰ ঘৈণীয়েক দুজনীয়ে এনে আহুকাল চম্ভালে কেনেকৈ?’’ বন্ধুৱে হাঁহি উত্তৰ দিলে-“প্ৰথমেই সেই বিষয়ে অনেক কমেডি অৱ এৰৰ্চ হৈছিল। তাৰ পিছত দুইজনৰ গাত বেলেগ বেলেগ চিন-চাবৰ দিহা কৰি সেই শ্ৰম-ৰঙ্গৰ সমাধান কৰা হ’ল।” আমাৰ “শ্ৰম-ৰঙ্গ” নাটৰ কামৰূপীয়া নিৰঞ্জন আৰু মায়াপুৰীয়া নিৰঞ্জনৰ কথা মোৰ মনত পৰিল।
প্ৰেছিডেন্সি কলেজত আমাক ইংৰাজী সাহিত্য পঢ়ুৱাইলি সুবিখ্যাত প্ৰফেছৰ চাৰ্লচ টনিয়ে (Tawney) : তেওঁ কেনে বিদ্বান আৰু নামজ্বলা প্ৰফেছৰ আছিল, সেই কালত কলিকতা য়ুনিভাৰছিটিৰে সৈতে সম্বন্ধ থকা সকলো মানুহে জানিছিল। আজিও টনি চাহাবৰ নাম কলিকতাত অনেকে পাহৰা নাই। শ্যেক্সপীয়েৰ পঢ়াওঁতা অধ্যাপক তেতিয়া তেওঁৰ সমনীয়া কোনো নাছিল। তেওঁ ক্লাছলৈ আহি, চকীখনত বহী কাৰোফালে কেৰাহিকৈ নাচাই অনৰ্গল পঢ়াই গৈছিল। ভাল ছাতৰে তেওঁ দিয়া “নোট’’ লেখি গৈছিল। ফাকিদাৰবোৰ সেই “নোট” পিছত হস্তগত কৰিবলৈ মনতে পাঙি থৈ কোনোৱে টোপনিয়াই, কোনোৱে আনৰ ফালে চাই ফিচিঙা-ফিচিং কৰি, কোনোৱে আকাশ-পাতাল ভাবি সেই ঘণ্টাটো কটাই দিছিল। মই অৱশ্যে এই পিছৰ ফলৰ ভিতৰত নাছিলো; কাৰণ মই আচহুৱা আৰু মোৰ স্বভাৱো তেনে নাছিল। ক্লাছত মোৰ সহপাঠীসকলৰ ভিতৰত জোড়াসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ দুজন ডেকা আছিল। এজনৰ নাম ক্ষিতীন্দ্ৰনাথ ঠাকুৰ, আনজনৰ নাম সুধীন্দ্ৰনাথ ঠাকুৰ। তেতিয়া তেওঁলোকেৰে সৈতে মুখ দেখাদেখি চিনাকি বাহিৰে মোৰ বিশেষ ঘনিষ্ঠতা নাছিল। বিধিৰ বিধানত কিছু দিনৰ পাছত তেওঁলোক দুয়ো মোৰ