পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম আধ্যা

brother-in-law অৰ্থাৎ জেঠেৰীৰ ঠাই অধিকাৰ কৰিলে আৰু মই তেওঁলোকৰ পৰিবাৰ-ভুক্ত হলোঁ।

 মই আইন পঢ়িছিলো ৰিপন কলেজত। আমাৰ এজন অধ্যাপক আছিল বিখ্যাত বিদ্বান পণ্ডিত কৃষ্ণকমল ভট্টাচাৰ্য্য। তেওঁৰ স্বাস্থ্য ভাল নাছিল। তেওঁৰ টপা মূৰটো ৰ’দৰ দৌৰাত্ম্যৰপৰা সৰুৱাবৰ নিমিত্তে তেওঁ কেনেকৈ ব্যগ্ৰ হৈ ক্লাছৰ খোঁটালীৰ ভিতৰলৈকে ছাতিটো মেলি মূৰৰ ওপৰত ধৰি সোমাইছিল, সেইটো মোৰ আজিলৈকে মনত আছে। “হিন্দু ল”ত অভিজ্ঞ গোপালচন্দ্ৰ সৰকাৰ শাস্ত্ৰীয়ে আৰু গুৰুদাস বানুৰ্জ্জীয়েও (পিছত জষ্টিচ স্যাৰ গুৰুদাস বন্দ্যোপাধ্যায়) আমাক মাজে মাজে পঢ়ুৱাইছিল।