পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম আধ্যা

এইখিনিতে কৈ থওঁ। সেই কালত মোৰ থিয়েটাৰ চাৱা বায়ুও চুৰ্চুৰীয়া বিধৰ নাছিল। কেতিয়াবা কেতিয়াবা সেই চুৰ্চুৰীয়া বায়ুৱেই বাঢ়ি গৈ, আমাৰ পূৰ্ববঙ্গ- দেশীয় লোকসকলেৰে সৈতে মোক সমানে উৰাই নিয়াত ক্ৰুতি নকৰিছিল। আজিকালিৰ কথা মই কব নোৱাৰোঁ; কিন্তু তেতিয়া দেখিছিলোঁ পূৰ্ববঙ্গীয়সকলৰ অনেক কলিকতাত থিয়েটাৰ চাবলৈ বুলি আহি দিনৰ দুই-তিনি বজাত শিয়ালদহ ৰেলৰ ষ্টেশ্যনত নামি, ভেৰোণীয়া গাড়ীত উঠি পোন পটিয়েদি গৈ কলিকতাৰ উত্তৰ অঞ্চলত থকা “ষ্টাৰ”, “বেঙ্গল” আৰু “নেশ্যনেল” নামৰ থিয়েটাৰত নামি, টিকিট কিনি, তাত দিনৰ চাৰি বজাৰপৰা (ঘাইকৈ শনিবৰীয়া দিনত) আৰম্ভ হোৱা থিয়েটাৰত বহি, এটাৰ পাছত এটাকৈ নাটৰ ভাওনা হেপাহ পলুৱাই চাই, পিছ দিনাৰ পুৱাৰ কুকুৰা ডাকৰ সময়ত থিয়েটাৰৰ ভাওনাৰ ওৰ পৰিলে তাৰপৰা ওলাই আহি “থাৰ্ডক্লাছ” ভেৰেণীয়া গাড়ী এখনত উঠি, গঙ্গাস্নান কৰি, আকৌ শিয়ালদহলৈ গৈ, তেওঁলোকৰ “নিজ বাসভূমি’’ৰ ফালে গতি কৰা ৰেলত উঠিছিল। ময়ো কোনোবা-কাচিৎ সেই “ওখ আৰ্হি” আগত লৈ ওৰে ৰাতিটো থিয়েটাৰ চাই, পিছদিনা পুৱা আমি থকা মেছ বা ছাত্ৰাবাসত ওলাইছিলোঁহি। তেনে ‘সদ্ কৰ্ম্মৰ অনুতাপত দগ্ধ হৈ’’ পোন্ধৰ দিনমান থাকি, আকৌ যে তেনে কৰ্ম্ম নকৰিছিলো, এনে নহয়। মোৰ বুজন-নিগত মনৰ স্বভাৱ আছিল অনুতাপত পোৰা আৰু কিছু কালৰ পিছত সময়ৰ জীপ পাই আকৌ ঠন ধৰি উঠা। তেতিয়া ভাবিছিলো, এওঁলোক পূৰ্ববঙ্গীয় low-lander ( লো-লেণ্ডাৰ); মই তাৰো ওপৰৰ highlander (হাই-লেণ্ডাৰ); মই হুঁহকিম কিয়। পদ্মাতকৈ পাটকাই ওখ।

 ষ্টাৰ থিযেটাৰত এজন ভাল “এক্টৰ” অথাৎ ভাৱৰীয়া আছিল; তেওঁৰ নামটো মই পাহৰিলো; কিন্তু উপাধিটো হলে মনত আছে। তেওঁৰ উপাধিটো চাটুৰ্জ্জী। মুঠতে মোক চাৰিওফালে চাটুৰ্জ্জীযেই পাইছিল বুলিব লাগে। তাৰ কাৰণ, তেতিয়া মোৰ সাৰুৱা মনত ওলাইছিল যে চাটুজ্জীও কাশ্যপ গোত্ৰৰ মানুহ; আৰু মোৰো গোত্ৰটো কাশ্যপ। ইংৰাজীত কবৰ নিচিনা-“Like attracts like” আৰু অসমীয়াত কবৰ নিচিনা “চোৰেহে চোৰৰ ঠেং দেখে।” এতেকে সগোত্ৰ জ্ঞাতি-ভাৱে মোৰ মন নাটানিব কিয়? ঈশ্বৰৰ ৰাজ্যত কোন প্ৰাণী ডাঙৰ-সৰু নহয়; সকলো এক হিচাপে সমান। সকলোৰে হৃদয়ত একেজন পৰমাত্মা নানাৰূপে আছে। সেই দেখি আমাৰ কীৰ্ত্তন-ঘোষাত কৈছে—

 কুকুৰ শৃগাল গন্দৰ্ভৰো আত্মা ৰাম।
জানি জানি সবাহাঙ্ক কৰিবা প্ৰণাম।

 কুকুৰৰ গোত্ৰ কি? আনে নাজানিলেও মই জানোঁ। কুকুৰৰ গোত্ৰ কাশ্যপ। কাশ্যাপৰ পত্নীসকলৰ নাম—অদিতি, দিতি, দনু, কাষ্ঠা, অৰিষ্ঠা, সুৰসা, ইলা, মুনি, ক্ৰধবশা, তাম্ৰা, সুৰভি, সৰমা আৰু তিমি। সৰমাৰপৰা সাৰমেয়। অৰ্থাৎ শ্বাপদবোৰ সৰমাৰ পুত্ৰ। কুকুৰো সাৰমেয়। যিমান দূৰতে থাকক কুকুৰে