প্ৰয়োগৰ পৰাই আমাৰ জটিল আৰ্থিক, সামাজিক আনকি ৰাজনৈতিক সমস্যাৰো সমাধান সম্ভব।”
‘ছায়েন্স এণ্ড কালছাৰ’ৰ পুৰণা সংখ্যাবোৰ একোটি অমূল্য ৰত্নৰ দৰে। প্ৰাচীন হিন্দুসকলৰ বীজগণিত, মহাকাশৰ পৰা জীৱনৰ সংকেত, মহাভাৰতৰ কাল নিৰ্ণয়, পক্ষী বিজ্ঞান, ধৰ্ম, ব্ৰহ্মাণ্ডতত্ত্ব, টেলিভিছন, ৰাডাৰ, বংশগতি বিজ্ঞান আদিৰ দৰে অজস্ৰ বিবিধ বিষয়ৰ সাৰগৰ্ভ আলোচনাই পত্ৰিকাখনিক সমৃদ্ধ কৰি তুলিছিল। এই পত্ৰিকাতেই সাহাৰ মতামত আৰু জীৱন-দৰ্শনৰ প্ৰতিফলন ঘটিছিল।
১৯৩৬ চনত সাহাই আমেৰিকা আৰু ইউৰোপ ভ্ৰমণ কৰিবলৈ যায় আৰু সেইবোৰ ঠাইৰ গৱেষণাগাৰ আৰু মান মন্দিৰ পৰিদৰ্শন কৰিবলৈ সুযোগ লাভ কৰে। ইয়াৰ ফলত তেওঁ পাশ্চাত্যৰ বিজ্ঞানৰ অগ্ৰগতি সম্পৰ্কে বহু অভিজ্ঞতা লাভ কৰে। এই অভিজ্ঞতাই তেওঁৰ মানসপটত নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ অফুৰন্ত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিয়ে।
এলাহাবাদত সাহাই ‘আয়নমণ্ডল’ বিষয়ক এটি গৱেষণাগাৰ প্ৰতিষ্ঠা কৰিছিল। আয়নমণ্ডলৰ ভিতৰেদি কিদৰে অনাতাঁৰ সংকেত আহ-যাহ কৰে আৰু কেনেকৈ বিভিন্ন আয়নমণ্ডলৰ স্তৰৰ সৃষ্টি হয়, তাক তেওঁ এই গৱেষণাগাৰতেই আৱিষ্কাৰ কৰে।
সাহাই এলাহাবাদতে চিৰদিন থাকিবলৈ স্থিৰ কৰিছিল। এলাহাবাদৰ ৰাইজেও তেওঁক বৰ সন্মান কৰিছিল। কিন্তু নানা কাৰণত সাহাই শেষলৈ এলাহাবাদত থকাৰ সিদ্ধান্ত সলনি কৰিবলগীয়া হয়। ১৯৩৮ চন মানলৈ এলাহাবাদ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ৰাজনীতিৰ গ্ৰাসত পৰি কলুষিত হৈ আহিবলৈ ধৰিলে। তদুপৰি বিশ্ববিদ্যালয়খনত চলি থকা কেতবোৰ নীতিবিৰুদ্ধ কাম আৰু অব্যৱস্থাৰ বাবে সাহাৰ পক্ষে তাত সম্ভ্ৰম আৰু সন্মানেৰে কাম কৰা অসম্ভৱ হৈ উঠিল।
তেনে সময়তে তেওঁলৈ দুঠাইৰ পৰা দুটা আকৰ্ষণীয় পদত যোগদানৰ বাবে প্ৰস্তাৱ আহিল। ইয়াৰে প্ৰথমটো কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদ আৰু দ্বিতীয়টো বোম্বাইৰ ৰয়েল ইনষ্টিটিউট অব ছায়েন্সৰ (Royal Institute of Science) অধ্যক্ষৰ পদ। সাহাই প্ৰথমটো প্ৰস্তাৱ গ্ৰহণ কৰিলে।