পৃষ্ঠা:মেঘনাদ সাহা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰে। এই গৱেষণা পত্ৰৰ মূল বিষয় আছিল এনেধৰণৰ : এটা আলফা কণা বা প্ৰ'টন এটা বাধাৰ (barrier) পৰা দ্বিতীয় বাধা অতিক্ৰমৰ সময়ত উচ্চ শক্তিসম্পন্ন গামা বিকিৰণৰ সৃষ্টি হয়। এই গামা বিকিৰণৰ পৰা এটা ইলেক্ট্ৰ- পজিট্রন যুগ্মৰ (pair) সৃষ্টি হয়। পজিট্রন কণা নিউক্লিয়াছৰ মাজত শোষিত হয় আৰু ইলেক্ট্রন কণা বিটা ৰশ্মি হিচাপে নিউক্লিয়াছৰ পৰা নিৰ্গত হয়। এইখিনিতে উল্লেখযোগ্য যে প্রসিদ্ধ বিজ্ঞানী এনৰিকো ফাৰ্মিৰ বিখ্যাত বিটা অৱক্ষয় সূত্র তেতিয়াও আৱিষ্কাৰ হোৱা নাছিল।

 ১৯৩১ চনত হোৱা এক ভয়াবহ বানপানীত উত্তৰবংগৰ প্ৰচুৰ ক্ষতি হয়। ইয়াৰ বাবে আচার্য প্রফুল্ল চন্দ্ৰ ৰায়ৰ নেতৃত্বত ‘বান সাহায্য সমিতি' গঠিত হয়। অধ্যাপক সাহা আছিল এই সমিতিৰ প্ৰচাৰ সম্পাদক। সেই সময়তে তেওঁ বানপানীৰ কাৰণ আৰু ইয়াৰ প্ৰতিৰোধ সম্পর্কে এটি সাৰগর্ভ প্রবন্ধ লিখে। সেই সময়ৰ পৰাই সাহাই নদী আৰু বানপানীজনিত সমস্যা সম্পর্কে চিন্তা- চৰ্চা কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলতেই পৰবৰ্তী কালত তেওঁ দামোদৰ নদী আৰু তাৰ উপত্যকাজনিত সমস্যাসমূহক লৈ আলোচনা আৰম্ভ কৰে আৰু নদীজনিত সমস্যাকলৈ বহুকেইটা প্রবন্ধ প্রকাশ কৰে। পৰৱৰ্তী কালত সংসদত ‘বহুমুখী নদী উপত্যকা আঁচনি' (Multipurpose River Valley Scheme) সম্পর্কে তেওঁৰ কেইটামান তথ্যপূর্ণ আৰু গুৰুত্বপূৰ্ণ সুচিন্তিত বক্তৃতাই সকলোৰে প্ৰশংসা আদায় কৰিবলৈ সমৰ্থ হয়। সাহাৰ পৰিকল্পনাতেই জন্ম হয় দামোদৰ উপত্যকা নিগম (Damodar Valley Corporation)।

 এলাহাবাদত থাকোতেই মেঘনাদে বিজ্ঞানৰ প্ৰচাৰৰ বাবে ১৯৩৫ চনত 'ছায়েন্স এণ্ড কালছাৰ' নামেৰে এখনি পত্রিকা প্রকাশ কৰে। 'ছায়েন্স এগু কালছাৰ'ক মেঘনাদৰ চিন্তাধাৰৰ মুখ্য বাহন বুলিব পাৰি। ইয়াৰ মাধ্যমেদি তেওঁ বিভিন্ন ক্ষেত্ৰত জাতীয় সমস্যাৰ স্বৰূপ আৰু সমাধানৰ ইংগিত দিছিল৷ তদুপৰি ইয়াৰ পাততে তেওঁ বিভিন্ন ক্ষেত্ৰত চৰকাৰী নীতিৰো সমালোচনা কৰিছিল।

 সাহাই যঁতৰ, খাদীবস্ত্ৰ আদিৰ তীব্র বিৰোধীতা কৰিছিল। তেওঁৰ দ্বাৰা প্রকাশিত ‘ছায়েন্স এণ্ড কালছাৰ' পত্ৰিকাৰ প্ৰথম সংখ্যাতে সেয়ে তেওঁ দৃঢ়ভাৱে ঘোষণা কৰিছিল, “মই এক মুহুৰ্তৰ বাবেও বিশ্বাস নকৰো যে, আধুনিক বৈজ্ঞানিক প্রযুক্তি বাদ দি কেৱল মাত্ৰ যঁতৰ, খাদীবস্ত্ৰ আৰু গৰু গাড়ীক সম্বল কৰি জীৱন যাত্ৰাক স্বচ্ছল বা সুখী কৰা যায়। বৰং বৈজ্ঞানিক আৱিষ্কাৰৰ যথাযথ