পৃষ্ঠা:মেঘনাদ সাহা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মুৰব্বী পদৰ বাবে অধ্যাপক সাহাই আমন্ত্রণ পায় আৰু সেই মৰ্মে ১৯২৩ চনত তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ত যোগদান কৰেগৈ। ১৯৩৮ চনলৈকে মেঘনাদ সাহাই এলাহাবাদত অধ্যাপনা আৰু গৱেষণাত নিজকে নিয়োজিত কৰিছিল। এলাহাবাদ বিশ্ববিদ্যালয়ত যোগদান কৰা ঘটনাটো সাহাৰ জীৱনৰ এটি উল্লেখযোগ্য ঘটনা।

 এলাহাবাদত সাহাই নিজৰ পচণ্ডমতে আধুনিক গৱেষণাগাৰ নিৰ্মাণ কৰিব পাৰিব বুলি আশা কৰিছিল। কিন্তু এলাহবাদলৈ আহি তেওঁ দেখিলে যে তাত গৱেষণাৰ পৰিবেশ বা গাঁথনি, একোৱেই নাই। আর্থিক অনুদানৰ অভাৱৰ বাবে আধুনিক গৱেষণাগাৰ নিৰ্মাণৰ ক্ষেত্ৰতো তেওঁ বিশেষ একো কৰিব নোৱাৰিলে। ইয়াৰ ফলত সাহাৰ মন ভাগি পৰে আৰু তেওঁ জ্যোতি:পদার্থবিদ্যাৰ গৱেষণাৰ পৰা আঁতৰি আহি নিউক্লিয় পদার্থবিদ্যাত মনোনিবেশ কৰে।

 ১৯২৬ চনত সাহা ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ গণিত আৰু পদার্থ বিজ্ঞান শাখাৰ সভাপতি হয়। ইয়াৰ পিছৰ বছৰ, অৰ্থাৎ, ১৯২৭ চনত অধ্যাপক সাহা তেওঁৰ তাপজনিত আয়নন তত্বৰ বাবে লণ্ডনৰ ফেল’ অব দি ৰয়েল ছ'চাইটি (Fellow of the Royal Society, সংক্ষেপে FRS) ৰূপে নির্বাচিত হয়।

 এলাহাবাদত থকাৰ সময়ছোৱাত অধ্যাপক সাহাই বিভিন্ন সাংগাঠনিক কামতো আত্মনিয়োগ কৰিছিল। সেই সময় তথা পৰিৱেশৰ বাবেই জাতি আৰু সমাজৰ সমস্যা সমাধানত বিজ্ঞানীৰ দায়িত্ব পালনৰ কথা তেওঁৰ বেছিকৈ মনলৈ আহিছিল। এনেদৰেই তেওঁ লাহে লাহে বিজ্ঞান সংগঠকৰ ভূমিকাত আত্মপ্রকাশ কৰিলে। ইয়াৰ ফলশ্রুতিত ১৯৩০ চনত এলাহাবাদত ‘যুক্তপ্রদেশ (বৰ্তমানৰ উত্তৰ প্ৰদেশ) বিজ্ঞান একাডেমী’ স্থাপিত হয়। এই একাডেমী আছিল অধ্যাপক সাহাৰ একক প্রচেষ্টাৰ ফল। তেওঁ ইয়াৰ প্ৰতিষ্ঠাপক সভাপতিও আছিল। ১৯৩৪ চনত যুক্ত প্ৰদেশ বিজ্ঞান একাডেমীক নতুনকৈ ‘ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী’ (National Academy of Science) নাম দিয়া হয়। বর্তমানে ইয়াৰ নাম ‘ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী' (Indian National Science Academy)।

 এলাহাবাদত থকা কালছোৱাতেই ১৯৩৪ চনত অধ্যাপক সাহাই তেওঁৰ সুযোগ্য ছাত্র দৌলত সিং কোঠাৰীৰ সহযোগিতাত ‘তেজষ্ক্রিয় পদাৰ্থৰ বিটা বিকিৰণ' শীর্ষক এখনি গৱেষণা পত্র বিজ্ঞান একাডেমীৰ বুলেটিনত প্রকাশ